Logo
image

ৰাস্তা বেয়া হ’লে টোল লোৱা অনুচিত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুন : ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা যদি বিধবস্ত হয়, তেনেহ’লে টোলগেটসমূহে টোলকৰ লোৱা অনুচিত৷ এই উপলব্ধি খোদ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ৷ বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে জনসাধাৰণে যমৰ-যন্ত্ৰণা ভোগ কৰি অহাই নহয়, সামাজিক মাধ্যমতো ক্ষোভ ব্যক্ত কৰি আহিছে টোল প্ৰজাসমূহে৷ ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰীসদৃশ গাঁত থকাৰ পাছতো মেৰামতি অবিহনে টোলকৰ আদায় কৰি আহিছে টোল প্ৰজাসমূহে৷ বিধবস্ত ৰাজপথৰ বিপৰীতে টোলকৰ সংগ্ৰহ কৰা সংস্থাসমূহক বিশেষ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ শেহতীয়াকৈ নতুন দিল্লীত এটা অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে কয়– ‘ৰাস্তা যদি বেয়া হয়, তেনেহ’লে টোলকৰ লোৱাৰ কোনো যুক্তি নাই৷ বিধবস্ত ৰাজপথক লৈ আমি বিভিন্ন অভিযোগ লাভ কৰি থাকো৷ সামাজিক মাধ্যমতো বিভিন্নজনে পোষ্ট দি ক্ষোভ প্ৰকাশ কৰে৷ ৰাজপথ বিধবস্ত হ’লে ৰাজনৈতিক নেতাসকলকো জনতাই জবাবদিহি কৰে৷ যদি উন্নত পৰিসেৱা আগবঢ়াব পৰা নাই, তেনেহ’লে সংস্থাসমূহে টোলকৰ আদায় কৰাও উচিত নহয়৷ ৰাস্তা ভাল নহ’লে ৰাইজে প্ৰতিবাদ কৰিবই৷ টোলপ্লাজাত ক্ষেত্ৰ বিষয়াসকল উপস্থিত থাকিব লাগে৷ যাতে পথচাৰীৰ সমস্যাৰ বিষয়ে অৱগত হ’ব পাৰে আৰু সংবেদনশীল হ’ব পাৰে৷’ লক্ষণীয়ভাৱে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ গুৰুদায়িত্বত থকাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কৰিবলৈ সক্ষম নোহোৱা নীতিন গাডকাৰীয়ে টোলগেট কৰ্তৃপক্ষক মাচুল নল’বলৈ আহ্বান জনোৱাটো হাস্যকৰ বুলিও বিৰোধীয়ে এতিয়া সমালোচনা কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে দিনচেৰেক পূৰ্বে অসমৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা ভিডিঅ’ শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ৰহা টোলগেট বন্ধ কৰি দিবলৈ আহ৩ান জনাইছিল৷