Logo
image

উক্তি-বক্ৰোক্তি

* ন্যায়াধীশসকলক প্ৰায়ে লৰ্ডশ্বিপ, অনাৰ, লেডীশ্বিপ বুলি সম্বোধন কৰা হয়৷ কিন্তু মানুহে যদি তাৰ বাবে ন্যায়ালয়ক মন্দিৰ বুলি ভাবি লয় তেন্তে বিপদ৷ ন্যায়াধীশসকলেও নিজকে যদি ভগৱান বুলি ভাবি লয়, তেন্তে ঘোৰ বিপদ৷ কাৰণ এজন ন্যায়াধীশৰ মাজত ঐশ্বৰিক গুণ নহয়, থাকিব লাগে দৰদ, সহানুভূতি, সমমৰ্মিতাৰ দৰে মানৱীয় গুণ৷ 

– দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

* চৰকাৰ ৰাইজৰ বাবে৷ কিন্তু এতিয়া এনেকুৱা লাগিছে, এইখন চৰকাৰ ৰাইজৰ বাবে নহয়৷ এইখন চৰকাৰ পি ডব্লিউ ডিৰ ঠিকাদাৰৰ মতে চলে৷ বৰ্তমান অসমৰ চৰকাৰখন পি ডব্লিউ ডি ঠিকাদাৰৰহে চৰকাৰ৷ 

– সাংসদ গৌৰৱ গগৈ

* আমাৰ নৱ নিৰ্বাচিত দুই বিধায়ক এমাহ ধৰি বহি আছে৷ তেওঁলোকে শপত গ্ৰহণ কৰিব পৰা নাই৷ ৰাজভৱনলৈ যাবলৈ মহিলাই ভয় কৰে৷ তাত ‘দুষ্ট’ লোক আছে৷ বিধায়িকা নিৰ্বাচিত হ’লেও প্ৰথমে সায়ন্তিকা এগৰাকী মহিলা৷ সেয়ে ৰাজভৱনলৈ শপত ল’বলৈ যাবলৈ ভয় কৰি আছে৷ 

– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

* পূৰ্বৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হ’লে গৌৰৱ গগৈ পৰাজিত হ’লহেঁতেন৷ যোৰহাটবাসী ৰাইজে গৌৰৱ গগৈক বিজয়ী কৰাই ভাল সিদ্ধান্ত ল’লে নে বেয়া, সেয়া সময়েহে ক’ব৷

– বিধায়ক ৰূপজ্যোতি কুৰ্মী

* মই দীৰ্ঘদিনৰ পৰাই ৰোহিত শৰ্মাৰ অনুৰাগী৷ বেটাৰ হিচাপে, অধিনায়ক হিচাপে আৰু মানুহ হিচাপে তেওঁক মই ভাল পাওঁ৷ ৰোহিত শৰ্মা ‘এন আইৰণ ফিষ্ট ইন এ ভেলভেট গ্লাভছ’ৰ অধিকাৰী৷ 

– ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক নাছিৰ হুছেইন

* সাম্প্ৰদায়িক ব্যক্তিসকলে কংগ্ৰেছক ভোট দিছে৷ আমি সকলোৰে ভোট পাইছোঁ৷ আমি অসমীয়া, খিলঞ্জীয়া আৰু ভাৰতীয়সকলৰ ভোট পাইছোঁ৷ গতিকে কোন সাম্প্ৰদায়িক দল আৰু কোনো সাম্প্ৰদায়িক ৰাজনীতি কৰে সেয়া ভাবি চাওক৷ 

– মন্ত্ৰী পীয়ূষ হাজৰিকা

* ইন্দিৰা গান্ধীয়ে আমাৰ বহুতকে কাৰাগাৰত ভৰাইছিল যদিও তেওঁ আমাক দুৰ্ব্যৱহাৰ কৰা নাছিল৷ ১৯৭৫ চনত মই ১৫ মাহ কাৰাবন্দী আছিলোঁ৷ এতিয়া বিজেপিৰ শাসনত কাৰাগাৰৰ বাহিৰে ভিতৰে থকা সকলো ৰাজনীতিককে শাসকবৰ্গই দুৰ্ব্যৱহাৰ কৰি আছে৷ 

* এআইইউডিএফ কংগ্ৰেছৰে এটা দল৷ সেই দল আৰু কংগ্ৰেছ সদায় মিত্ৰতাত আছে৷ ইয়াৰ উদাহৰণ আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে দেখিবলৈ পাব৷ 

– বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

* কংগ্ৰেছে সদনত পৰীক্ষাৰ বিসংগতিক লৈ প্ৰকৃততে আলোচনা বিচৰা নাই৷ তেওঁলোকে অনাহক  হুলস্থুল কৰি বিষয়টো জ্বলন্ত কৰি ৰাখিবলৈ প্ৰয়াস চলাইছে৷ আমি এই বিষয়ত ইতিবাচক আলোচনা কৰিবলৈ সাজু আছোঁ৷ 

– কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান