Logo
image

ঝাৰখণ্ডত নিৰ্বাচনত ব্যস্ত হিমন্তবিশ্ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুন : ঝাৰখণ্ড বিধানসভাৰ আসন্ন নিৰ্বাচনক লৈ ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ শনিবাৰে পুৱাৰ ভাগতে ঝাৰখণ্ডত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ঝাৰখণ্ডত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী শৰ্মাই ঝাৰখণ্ডৰ মুক্তি মৰ্চা [জেএমএম] চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে৷ তেওঁ কয়– বিগত পাঁচ বছৰত মহিলাৰ ওপৰত বহু অত্যাচাৰ হ’ল, নিৰ্যাতন হ’ল৷ বিশেষকৈ আদিবাসী আই-মাতৃৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে৷ বিজেপি চৰকাৰে ৰাইজৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা চলাব৷ হেমন্ত চোৰেন কাৰাগাৰত থকাৰ কথা উল্লেখ কৰি তেওঁ কয়– হেমন্ত চোৰেন জে’লত থকা সময়ত বিজেপিয়ে জ্ঝখন আসন লাভ কৰিছিল৷ এইবাৰ বিজেপিয়ে নিৰুকংশ সংখ্যাগৰিষ্ঠ দল হৈ ঝাৰখণ্ডত চৰকাৰ গঠন কৰিব৷ বিজেপিয়ে সমগ্ৰ ঝাৰখণ্ডৰ উন্নয়নৰ লক্ষ্য স্থিৰ কৰিছে৷ ঝাৰখণ্ডৰ সামাজিক ব্যৱস্থাত জনজাতীয় লোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই কথা বিশেষভাৱে অনুধাৱন কৰি প্ৰস্তুত কৰা হৈছে নিৰ্বাচনী ইস্তাহাৰ৷ আমাৰ স্বকীয়তা, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰৰ উন্নতি সাধন কেনেকৈ কৰিব পাৰি তাৰ বাবে আপ্ৰাণ চেষ্টা চলাম৷ ঝাৰখণ্ডবাসীৰ মনৰ কথা হূদয়েৰে উপলব্ধি কৰাৰ উদ্দেশ্যে আমি ঝাৰখণ্ডত উপস্থিত হৈছোঁ৷ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহঃ প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাৰ এইটো দ্বিতীয় ঝাৰখণ্ড ভ্ৰমণ৷ পূৰ্বে ২৩ জুনত তেওঁ ঝাৰখণ্ডলৈ যাত্ৰা কৰিছিল৷ শনিবাৰে ঝাৰখণ্ডত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ঝাৰখণ্ড আৰু জনজাতীয় লোকৰ উন্নয়নৰ কাম কৰাটোক বিজেপিয়ে অগ্ৰাধিকাৰ দিছে৷  মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে পুৱাৰ ভাগত ঝাৰখণ্ডত উপস্থিত হয়৷ তেওঁ কয়– বিগত পাঁচ বছৰ ঝাৰখণ্ডত অবিজেপি চৰকাৰ চলি আছে৷ বিগত পাঁচ বছৰত ৰাজ্যখনত মহিলা আৰু জনজাতীয় লোকৰ ওপৰত অভাৱনীয় অত্যাচাৰ-নিৰ্যাতন চলোৱা হৈছে৷ এই অত্যাচাৰ নিৰ্যাতন বন্ধ কৰাৰ সংকল্প লৈছে বিজেপিয়ে৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পোৱাৰ পাছতে দেখিব পাঁচ বছৰত বিজেপিয়ে জনজাতীয় লোকৰ বাবে কাম কৰিবলৈ কেনেকৈ পৰিকল্পনা কৰিছে৷ তেওঁ আৰু কয়– আজিৰ তাৰিখত আদিবাসী লোকসকলৰ সন্মুখত যদি ডাঙৰ প্ৰত্যাহ৩ান আছে সেয়া হৈছে অনুপ্ৰৱেশৰ সমস্যা৷ এই সমস্যা নিৰ্মূল কৰিব পাৰিব কেৱল বিজেপিয়ে৷ শনিবাৰে বিয়লিৰ ভাগত বিজেপিৰ কৰ্মকৰ্তাসকলৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা৷ নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন৷