Logo
image

জলমগ্ন ৰাজপথঃ মহানগৰীত আকৌ ফুটিল পানীৰ পাইপ

'আমাৰ অসম'ৰ মহানগৰীৰ প্রতিবেদক, ৩০ জুনঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পানীৰ পাইপ বিস্ফোৰণ হোৱাটো নতুন কথা নহয়। তথাপিও ৰাজ্য চৰকাৰে পানীৰ পাইপ বিস্ফোৰণ ৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত গুৱাহাটীত দেওবাৰে পুনৰ পাইপ ফাটি জলমগ্ন হৈ পৰে হেঙেৰাবাৰীৰ ৰাজপথ। 



গণেশগুৰিৰ পৰা হেঙেৰাবাৰীলৈ যোৱা খগেন মহন্ত ঘাইপথৰ দাঁতিত এই ঘটনা সংঘটিত হয়। পুৱাৰ ভাগত ঘাইপথৰ দাঁতিত থকা এডাল পানীৰ পাইপ ফুটি পানী ওলোৱাৰ ফলতে জলমগ্ন হয় পথছোৱা। ফুটা পাইপেৰে ওলোৱা পানীৰ চাপত পথৰ একাংশ পকী ফাটি যায়। ফলত পথছোৱাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ইপিনে পথছোৱা জলমগ্ন হৈ পৰাত তীব্র যান-জঁটৰো সৃষ্টি হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বিভাগীয় কর্তৃপক্ষ উপস্থিত হৈ ফুটা পাইপডাল মেৰামতি কৰাৰ চেষ্টা কৰে। জানিব পৰা মতে গুৱাহাটী পৌৰ নিগমৰ আছিল উক্ত পাইপডাল।