Logo
image

ঘৰখন কেনেদৰে মাখিমুক্ত কৰি ৰাখিব

মাখিৰ উপদ্ৰৱ অতি অস্বস্তিকৰ৷ বিশেষকৈ আলহী-অতিথি আহিলে খোৱা-বোৱাৰ সময়ত যদি মাখি আহিবলৈ ধৰে, তেতিয়া বিব্ৰত হ’বলগীয়া হয়৷ মাখিয়ে অকল যে ঘৰখনৰ মৰ্যাদাই হানি কৰে, তেনে নহয় ই বিভিন্ন ৰোগ-ব্যাধিও কঢ়িয়াই আনে৷ সেয়ে ঘৰখন মাখিমুক্ত কৰি ৰখাটো জৰুৰী৷ উল্লেখ কৰা হ’ল ঘৰখন মাখিমুক্ত কৰি ৰখাৰ কেইটামান উপায়–

* এগিলাচ গাখীৰৰ সৈতে তিনি চামুচ চেনি আৰু এচামুচ জালুকগুটি  মিহলাই লওক৷ ইয়াৰ পাছত গাখীৰ গিলাচ এনেকুৱা ঠাইত ৰাখক, যি ঠাইত সঘনাই মাখিৰ আগমন ঘটে৷ দেখিব, গাখীৰৰ গোন্ধ পোৱাৰ লগে লগে গিলাচটোত মাখি পৰিবলৈ ধৰাৰ লগতে জালুকগুটি মিশ্ৰিত গাখীৰত পৰি মৃত্যু হ’বলৈ ধৰিছে৷ 

* ঘৰখন মাখিমুক্ত কৰি ৰাখিবলৈ পদিনা আৰু তুলসীৰ পাত ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে তুলসী আৰু পদিনাৰ পাত ভালাদৰে শুকুৱাই লওঁক৷ পাছত সেই পাত গুড়ি কৰি পানীৰ সৈতে মিহলাওক৷ এইবাৰ যি ঠাইত বেছি মাখি দেখে, তাত সেই পানী ে¦x কৰক৷ দেখিব লাহ লাহে  মাখিৰ আগমন কমিবলৈ ধৰিছে৷ জানি থোৱা ভাল যে পদিনা আৰু তুলসী পাতৰ গুড়িয়ে কীটনাশকৰো কাম কৰে৷ 

* ঘৰত কৰ্ণিভোৰাছ নামৰ উদ্ভিদবিধ ৰাখিও ঘৰখন মাখিমুক্ত কৰি ৰাখিব পৰা যায়৷ কৰ্ণিভোৰাছে পোক-পৰুৱা আৰু মকৰা আদি ভক্ষণ কৰে৷ এইবিধ উদ্ভিদৰ পাতসমূহৰ মুখ অনবৰতে মেল খাই থাকে৷ কিন্তু পাতৰ মুখত যেতিয়া কোনো পোক-পৰুৱা আহি পৰে, লগে লগে উদ্ভিদবিধৰ পাতসমূহ জাপ খাই ধৰে আৰু তেতিয়া তাত আৱদ্ধ হোৱা পোক-পৰুৱাৰ মৃত্যু ঘটে৷  সেয়ে মাখিৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰত আপু্‌নি দুই বা তিনিজোপা কৰ্ণিভোৰাছ নামৰ উদ্ভিদবিধ ৰাখিব পাৰে৷

* নিমখ পানীৰেও ঘৰখন মাখিমুক্ত কৰিব পৰা যায়৷ ইয়াৰ বাবে এগিলাচ পানীত দুচামুচ নিমখ মিহলাই লওক৷ ইয়াৰ পাছত সেই মিশ্ৰণ ভালদৰে মাখিৰ ওপৰত ছটিয়াই দিয়ক৷ দেখিব নিমখ-পানীৰ সংস্পৰ্শলৈ অহাৰ লগে লগে সেই স্থানৰ পৰা মাখি আঁতৰিবলৈ ধৰিছে৷ 

* আপেল ছিদাৰ ভিনেগাৰ ব্যৱহাৰ কৰিও ঘৰখন মাখিৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিব পৰা যায়৷ ইয়াৰ  বাবে এগিলাচ পানীৰ সৈতে আপেল ছিদাৰ ভিনেগাৰ মিহলাই তাৰ সৈতে কেইটোপালমান বাচনধোৱা চাবোনৰ পানী মিহলাওক৷ সেইখিনি এটা গিলাচত লৈ ফয়ল পেপাৰেৰে টানকৈ মেৰিয়াই ৰাখক৷ এইবাৰ ফয়ল পেপাৰৰ তিনি বা চাৰি ঠাইত সৰু সৰু ছিদ্ৰ কৰক৷ যি স্থানত মাখিৰ উপদ্ৰৱ বেছি, গিলাচটো তাত ৰাখি দিয়ক৷ দেখিব আপেল ছিদাৰ ভিনেগাৰৰ গোন্ধ পাই মাখিৰ আগমন ঘটিবলৈ ধৰিছে আৰু মাখিসমূহে ফয়ল পেপাৰৰ ছিদ্ৰৰে ভিতৰত প্ৰৱেশ কৰা আৰম্ভ কৰিছে৷ এটা সময়ত ভিনেগাৰ মিশ্ৰিত পানীত পৰি মাখিসমূহ মৰিবলৈ ধৰিব৷