Logo
image

ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুলাই : অসমৰ বান পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে৷ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী শ্বাহে অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী শ্বাহে সোমবাৰে টেলিফোন যোগে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্গতসকলক সহায়ৰ বাবে  প্ৰয়োজনীয় সকলো ধৰণৰ সহায় কৰিম বুলি আশ্বাস দিছে৷ এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সোমবাৰে জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ৰাজ্যৰ ৬৪ টা ৰাজহ চক্ৰ এলেকা বানত বিধবস্ত হৈছে৷ বৰ্তমানৰ দৰে বৰষুণ অব্যাহত থাকিলে ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হ’ব৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২৪৬ টা চেক পোষ্টৰ ভিতৰত ৯৫ টা চেকপোষ্টৰ এলেকা বানত   বুৰ গৈছে৷ ৰাজ্যৰ কেউখন জিলাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিছে৷ ক্ৰমবৰ্ধমান বানৰ বাবে কাজিৰঙাৰ মাজেৰে সকলো ধৰণৰ ট্ৰাকৰ চলাচল বন্ধ কৰি দিয়া হৈছে৷ ব্যক্তিগত বাহন, নাইট চুপাৰো প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে আৰক্ষীৰ এচকোৰ্টৰ জৰিয়তে পাৰ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে৷ লখিমপুৰ অনুষ্ঠিত হ’বলগীয়া জিলা আয়ুক্তৰ সন্মিলন বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ জিলা আয়ুক্ত সকলক নিজ নিজ জিলাৰ বান পৰিস্থিতিৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ মন্ত্ৰীসকলক নিজ নিজ জিলা তথা অভিভাৱক জিলাৰ বান পৰিস্থিতিৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ বিধায়কসকলকো নিজ নিজ সমষ্টিৰ দুৰ্গত লোকৰ কাষত থাকিবলৈ কোৱা হৈছে৷ এইবাৰ বানত বোকাখাতক বাদ দি ক’তো মথাউৰি ভঙা নাই৷ অৰুণাচল প্ৰদেশত হোৱা অভাবনীয় বৰষুণৰ বাবে এইবেলি ৰাজ্যৰ বান পৰিৰিস্থিতি জটিল হৈছে৷ দেওবাৰে নিশাৰ পৰা বান পৰিস্থিতি জটিল হৈ পৰিছে৷ এনে বতৰ অব্যাহত থাকিলে অসমৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিব৷  ২৪ ঘণ্টাৰ ভিতৰত অসম পুনৰ বানৰ গ্ৰাসত পৰিব বুলি আশংকা কৰা হৈছে৷ উজনিৰ পৰা নামনিলৈ আহিব পানী৷ অৰুণাচলৰ  নদীবান্ধৰ পানী এৰি দিয়াৰ উপৰি অসমতো হোৱা অভাৱনীয় বৰষুণৰ বাবে অসমৰ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ হয়তো পানী আৰু বাঢ়িব৷  তাৰ কাৰণে আমি সাবধান হ’ব লাগিব৷ অসমৰ বান পৰিস্থিতি অধ্যয়নৰ বাবে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী আহিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়– অসমৰ বানক লৈ মই কৰিব পৰালৈকে মোক কৰিবলৈ দিয়ক৷ মই ব্যৰ্থ হ’লে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বা আন কোনো মন্ত্ৰীক আহিবলৈ অনুৰোধ কৰিম৷ মই আত্মবিশ্বাসী যে অসমৰ বৰ্তমানৰ বান পৰিস্থিতিৰে আমি মোকাবিলা কৰিব পাৰিম৷ উল্লেখ্য, শেহতীয়া বানত ৰাজ্যৰ ১৯খন জিলাৰ ৬৪ টা ৰাজহচক্ৰৰ ১২৭৫ খন গাঁও বিধবস্ত হৈছে৷ সোমবাৰে সন্ধিয়া পৰ্যন্ত বানত ৪০ জন লোক মৃত্যু মুখত পৰিছে৷ ক্ষতিগ্ৰস্ত হৈছে প্ৰায় পাঁচ লাখ পশুধন৷ বিনষ্ট হৈছে বহু ঘৰ, খেতিপথাৰ৷ দুৰ্গতসকলে আশ্ৰয় লৈছে বিভিন্ন স্থানত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত৷

ডিব্ৰুগড়ত ভয়াৱহ বান, মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ সোণোৱালৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : বছৰৰ দ্বিতীয় বানে ভয়ংকৰ ৰূপ লৈছে ডিব্ৰুগড়ত৷ নেৰানেপেৰা বৰষুণৰ ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ৷ যাৰ বাবে আহাৰমহীয়া বানৰ কৱলত পৰিছে জিলাখনৰ বিস্তীৰ্ণ অঞ্চল৷ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পালেও ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পাইছে৷ যাৰ বাবে ডিব্ৰুগড় জিলা আয়ুক্তই বানৰ কৱলত পৰা অঞ্চলসমূহত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে৷ বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰ আৰু চেঁচা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এক নিৰ্দেশনা যোগে কেতবোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাইজক আহ৩ান জনাইছে৷ সেই অনুসৰি ব্ৰহ্মপুত্ৰ আৰু চেঁচা নৈৰ লগতে আন কোনো বিল, জলাশয় তথা বাঢ়নী পানীৰ কৱলত পৰা অঞ্চলসমূহত ৰাইজক মাছ ধৰা কাৰ্যৰ পৰা বিৰত থকিবলৈ লগতে নৈ বা যিকোনো বিল-জলাশয়ৰ পাৰলৈ নাযাবলৈ জিলা প্ৰশাসনে আহ৩ান জনাইছে৷ ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনৰ জ্জটা ৰাজহ চক্ৰৰ ৭৮খন গাঁও বানৰ কৱলত পৰিছে৷ ইয়াৰে মৰাণত ৬খন, চাবুৱাত ১৮খন, নাহৰকটীয়াত ২১খন, টিংখাঙত চ্ছ্ৰখন, পশ্চিম ডিব্ৰুগড়ত ১৪খন, পূৱ ডিব্ৰুগড়ত জ্জখন গাঁও বানে প্লাৱিত কৰিছে৷ সেইদৰে বানৰ কৱলত ককবকাইছে ২৫,৮১৯জন বন্যাৰ্তই৷ ইফালে বানৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে জ্ঝটা সাহায্য শিৱিৰ আৰু এটা কেন্দ্ৰ স্থাপন কৰিছে৷ আটাইকেইটা সাহায্য শিৱিৰতে পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰাৰ কথা জানিবলৈ দিছে প্ৰশাসনে৷ অৱশ্যে বানপানীত কোনো এজন ব্যক্তিৰ জীৱন হানি হোৱা নাই৷ ইফালে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক নতুন দিল্লীৰ পৰাই টেলিফোনিক বাৰ্তালাপ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যাৱতীয় ব্যৱস্থা লোৱাৰ লগতে বানপীড়িতসকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় সাহায্য তথা জৰুৰীকালীন সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ৩ান জনায়৷ আনহাতে মুখ্যমন্ত্ৰীয়ে সাহায্য তথা উদ্ধাৰ অভিযান ত্বৰান্বিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক যথোপযুক্ত সকাহ দিয়াৰ আশ্বাস প্ৰদান কৰে৷ 

ডিব্ৰুগড়ৰ বান পৰিস্থিতি জটিল, শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : ক্ৰমাৎ জটিল ৰূপ লৈছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিস্থিতিয়ে৷ বিগত পাঁচদিন ধৰি কৃত্ৰিম বানৰ কৱলত পৰিছে ডিব্ৰুগড় চহৰবাসী৷ এজাক মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত হাহাকাৰ কৰিবলগীয়া হৈছে চহৰবাসী৷ চহৰবাসীৰ এই দুৰ্যোগৰ সময়ত খবৰ নাই নৱ-নিৰ্বাচিত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ ডিব্ৰুগড় পৌৰনিগম, জিলা প্ৰশাসনৰ চৰম গাফিলতিৰ বাবে এতিয়া অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হৈছে চহৰবাসী৷ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি চহৰৰ কৃত্ৰিম পানী নিষ্কাসনৰ বাবে বিগত পাঁচদিনে সমাধানৰ বাট বিচাৰি পোৱা নাই জিলা প্ৰশাসন আৰু পৌৰনিগমে৷ ‘বৰষুণ গ’লে জাপি’ লোৱাৰ দৰে ভূমিকা গ্ৰহণ কৰি অহা ডিব্ৰুগড় পৌৰনিগমে কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতিৰ মাজত নলা-নৰ্দমা চাফা কৰাত ব্যস্ত হৈ পৰিছে৷ ইফালে প্ৰলয়ংকাৰী কৃত্ৰিম বানত ককবকাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চহৰবাসী৷ চহৰখনৰ মূল ৰাজপথ মানকটা পথটো এতিয়া মহাসাগৰসদৃশ পৰিৱেশ৷ কেৱল সেয়াই নহয় চহৰৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো অনুৰূপ পৰিস্থিতি৷ নলাৰ ওপৰেদি পানী বাগৰি অহাত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ থানা চাৰিআলিৰ পৰা সাহিত্যৰথী উদ্যানলৈকে যোৱা মানকটা পথটো শেহতীয়াকৈ জলপথলৈ ৰূপান্তৰিত হৈ পৰিছে৷ একঁকালপৰ্যন্ত পানীত যাতায়াত কৰিবলগীয়া হৈছে চহৰবাসী৷ থানা চাৰিআলিৰ মানকটা পথত কৃত্ৰিম বানত ওপঙিল কেইবাখনো বিলাসী বাহন৷ ইফালে জে’ল ৰোডটো সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিল৷ আনহাতে, বাণীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথটো ভয়ংকৰ ৰূপ লৈছে৷ সমান্তৰালভাৱে আৰ কে বি পথ, কে চি গগৈ পথ, এইছ এছ ৰোড, বিচি দাস, পি এন ৰোড, কলৰোড, পাঁচআলিৰ ৰাষ্ট্ৰীয় ঘাইপথ, গ্ৰাহাম বজাৰৰ কাউৰীপট্টি আদি অঞ্চলটোত অৱৰ্ণনীয় পৰিৱেশ৷ নতুন নিৰ্মালী গাঁও, লক্ষ্মীনগৰত অৰ্ধেকসংখ্যক বাসগৃহ বুৰ গৈছে কৃত্ৰিম বানত৷ চহৰৰ আৰক্ষী ছাউনীৰ আটাইকেইটা চৰকাৰী আৱাস এবুকুপৰ্যন্ত ভৰিছে পানী৷ ইতিমধ্যে চৰকাৰী আৱাসগৃহ এৰি হোটেল-ভাৰাঘৰত আশ্ৰয় লৈছে বহু পৰিয়ালে৷ বৈৰাগীমঠ, কদমণি, নালিয়াপুল, শান্তিপাৰা, লোহাৰপট্টি, গ্ৰাহাম বজাৰ, মিলন নগৰ, চিৰিং চাপৰি আদি অঞ্চলতো কৃত্ৰিম বানত প্লাৱিত হৈছে৷ আনহাতে, কৃত্ৰিম বানে প্লাৱিত কৰা পৰিয়ালৰ মাজত বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ সংকটে দেখা দিছে৷ প্ৰশাসনৰ তৰফৰ এইপৰ্যন্ত বানপীড়িতসকলক খাদ্য-সামগ্ৰী কিম্বা উদ্ধাৰ অভিযানৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতিৰ বাবে এপিডিচিএলে ঠায়ে ঠায়ে কৰ্তন কৰিছে বিদু্যৎ সেৱা৷ বিদু্যৎ সংযোগ কৰ্তনৰ ফলত অন্ধকাৰত থাকিবলগীয়া হৈছে চহৰবাসী৷ কৃত্ৰিম বানৰ বাবে অফিচ-কাছাৰীৰ কাম-কাজো আজিৰ দিনটোত ব্যাহত হৈ পৰে৷ ডিব্ৰুগড় পৌৰনিগমৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়, যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়, ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়, বন বিভাগৰ সামাজিক বনানীকৰণৰ কাৰ্যালয়, ডিব্ৰুগড় নগৰ অসামাৰিক চিকিৎসালয়, ডিব্ৰুগড় আদালতৰ চৌহদ, ৰাজ্যিক পশু চিকিৎসালয়, আৰক্ষী ছাউনীত থকা চি আৰ পি এফৰ ১৭১নং বেটেলিয়নৰ হেডকোৱাৰ্টাৰ, অসম আৰক্ষীৰ অনাতাঁৰ সংগঠন আদি কাৰ্যালয়সমূহ সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে৷ কৃত্ৰিম বানত ডিব্ৰুগড় চহৰৰ দৈনিক বজাৰকে ধৰি বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলগীয়া হৈছে৷ কৃত্ৰিম বান পৰিস্থিতিৰ বাবে সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত গৰম বন্ধৰ পাছতো খোলা ৰখা বিদ্যালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে৷

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ

‘আমাৰ অসম’ৰ আমিনগাঁৱৰ প্ৰতিনিধি : গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা পুনৰ বন্ধ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰ নদীৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাত বন্ধ কৰিব দিয়া হয় গুৱাহাটী- উত্তৰ গুৱাহাটীৰ তিনিটাকৈ ফেৰী ঘাট৷  তিনিওটা ফেৰী ঘাটৰ জেটী বাঢ়নী পানীত বুৰ যোৱাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা বন্ধ কৰিবলৈ বাধ্য হয়৷ বাঢ়নী পানীৰ বাবে হঠাৎ ফেৰী সেৱা বন্ধ হোৱাত আজি ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ ইফালে, উত্তৰ গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী তথা সাধাৰণ লোকসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সচেতন যুৱ মঞ্চৰ প্ৰত্যক্ষ যোগাযোগত মঙলবাৰৰ পৰা উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজত ASTC-এ পুৱাৰে পৰা বাছ চলোৱাৰ ব্যৱস্থা কৰিছে৷ সচেতন যুৱ মঞ্চই ASTCৰ GM-DGত্তৰ সৈতে যোগাযোগ কৰি বাছ চলাচল কৰাৰ বাবে অনুৰোধ জনায়৷ সেই অনুসৰি মঙলবাৰে পুৱা জ্জবজাৰ পৰা দৌলগোবিন্দ মন্দিৰৰ সমীপৰ পৰা ৩০য৪৫মিনিটৰ ব্যৱধানত গুৱাহাটীৰ কাছাৰীলৈ বাছ চলিব৷ আনহাতে, ঠিক তেনেদৰে বিয়লি ২বজাৰ পৰা সন্ধিয়া জ্জ.৩০বজালৈ বাছ চলিব৷ যাত্ৰী থাকিলে জ্জ্ব বজাতো কাছাৰীৰ পৰা উত্তৰ গুৱাহাটীলৈ বাছ আহিব বুলি সচেতন মঞ্চই জানিবলৈ দিছে৷

নিৰাপদ স্থানলৈ আঁতৰিল যোৰহাটৰ গঞা

‘আমাৰ অসম’ৰ যোৰহাট মহানগৰ বিশেষ সেৱা : যোৰহাট জিলাৰ এলেংমৰাৰ সমীপৰ আজি সন্ধিয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জ্জ্বনং স্পাৰটো খহাবলৈ আৰম্ভ কৰিছে৷ ফলত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সমীপৱৰ্তী একাংশ পৰিয়ালে বিপদৰ আশংকা কৰি ইতিমধ্যেই নিৰাপদ স্থানলৈ আঁতৰি গৈছে৷ স্পাৰটো খহাই পানী সোমাবলৈ আৰম্ভ কৰিলে এটা বিস্তীৰ্ণ অঞ্চলত অবৰ্ণনীয় পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা কৰা হৈছে৷ উল্লেখ্য, বুলহেড আৰু স্পাৰকেইটাই  বান আৰু গৰাখহনীয়াৰ পৰা যোৰহাটক ৰক্ষা কৰি আছে৷ কিন্তু এইবাৰ ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰাত ভয়ংকৰ দুৰ্যোগ সৃষ্টি হৈছে৷

টিপকাই নৈৰ খহনীয়াত জাহ গ’ল ২৭টা পৰিয়ালৰ ঘৰ

‘আমাৰ অসম’ৰ গৌৰীপুৰৰ প্ৰতিবেদক : ধুবুৰী জিলাৰ নৱ-গঠিত বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাধুভাষা গাঁৱৰ চ্ছটা পৰিয়ালৰ লগতে শালমাৰা সপ্তম খণ্ড গাঁৱৰ ৰটা পৰিয়ালৰ বাসগৃহকে ধৰি সা-সম্পত্তি টিপকাই নদীৰ খহনীয়াৰ কৱলত পৰা পৰিলক্ষিত হয়৷  প্ৰাপ্ত বাতৰি মতে, যোৱা কেইবাদিন ধৰি সংঘটিত ধাৰাষাৰ বৰষুণৰ ফলত টিপকাই নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই ৰুদ্ৰৰূপ ধাৰণ কৰি সাধুভাষা গাঁৱৰ নৈপৰীয়া অঞ্চলত  বাস কৰি অহা উক্ত ব্যক্তিসকলৰ বাসগৃহ তথা ঘৰ-মাটি এখনৰ পাছত এখন নৈৰ বুকুত বিলীন হৈ পৰে৷ ফলত টিপকাই নৈৰ খহনীয়াৰ কৱলত পৰি সৰ্বস্ব হেৰুৱাই পৰিয়ালকেইটা একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে৷ ইপিনে নৱ-গঠিত বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ মসলাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত সাধুভাষা প্ৰথম খণ্ড গাঁৱৰ উক্ত পৰিয়ালকেইটাৰ নিজা ঘৰ, মাটি, প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ আৰু নিজা খেতি-পথাৰ জাহ যোৱাৰ ঘটনাই আন আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে৷ টিপকাই নৈৰ খহনীয়াৰ ফলত ূভুক্তভোগীৰ খবৰ পাই পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমিৰ নিৰ্দেশমৰ্মে কালি বিলাসীপাৰা জিলা এ আই ইউ ডি এফ দলৰ সভাপতি মুফতি ইয়াহিয়া, যুৱ মৰ্চাৰ সভাপতি পলান চন্দ্ৰ সূত্ৰধৰৰ লগতে মছলাপাৰা আঞ্চলিকৰ সভাপতি জিয়াউৰ ৰহমান, সম্পাদক আকতাৰ হুছেইনৰ লগতে ভালেসংখ্যক এ আই ইউ ডি এফ দলৰ নেতা-কৰ্মীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ কাষত থিয় দি পৰিস্থিতিৰ বুজ লয়৷ লগতে ভুক্তভোগী পৰিয়ালকেইটাৰ কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰা বুলি জনা গৈছে৷ আনহাতে, আঞ্চলটোৰ টিপকাই নৈৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে উক্ত অঞ্চলটোত বেম্বো প্ৰটেকচনৰ [Bamboo Protection] কাম আৰম্ভ হয়৷ উল্লেখ্য, ধুবুৰী লোকসভা সমষ্টিত অভিলেখসংখ্যক ভোট লাভ কৰি বিজয়ী হোৱা কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজিলৈকে খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ কোনো খবৰ নোলোৱা তথা নীৰৱ ভূমিকাই ৰাইজক আচৰিত কৰি তুলিছে৷

ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিস্থিতি পৰিদৰ্শন কৰিলে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ আজি মন্ত্ৰী যোগেন মহনে ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত উপস্থিত হৈ কৃত্ৰিম বান পৰিস্থিতি বুজ লোৱাৰ লগতে স্থানীয় লোকৰ লগতো মত বিনিময় কৰে৷ মন্ত্ৰী যোগেন মহনে ডিব্ৰুগড়ৰ কৃত্ৰিম বান সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰি কয় যে, বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হোৱা হোৱা নাই ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা৷ অভিজ্ঞ বিশেষজ্ঞৰ সহায় লৈ পৰৱৰ্তী দিনত নলা-নৰ্দমা নিৰ্মাণ কৰি কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব লাগিব৷ ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান সমস্যাক স্থায়ী সমাধানত গুৰুত্ব দিয়া হ’ব৷ বানপীড়িতৰ বাবে সাজু কৰি ৰখা হৈছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনী৷ একেদৰে মন্ত্ৰী মহনে কয় যে, চহৰবাসীক কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলৈ দিয়া হোৱা নাই৷ প্ৰয়োজনীয় সকলো ব্যৱস্থা সাজু কৰি তোলা হৈছে৷ অত্যাৱশ্যকীয় সা-সামগ্ৰী মজুত কৰি ৰখা হৈছে৷ পানী নুশুকুৱালৈকে বানপীড়িত ৰাইজৰ সেৱা কৰি যোৱা হ’ব৷ ইফালে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম পানী নিষ্কাসনৰ বাবে জ্জ্বটাকৈ পাম্পছেট স্থাপনৰ কথা জানিবলৈ দি মন্ত্ৰী মহনে কয়, জ্জ্বটাকৈ পাম্পছেট স্থাপন কৰি নিষ্কাসন কৰিছে কৃত্ৰিম পানী৷ ঘণ্টাত ৰকোটি লিটাৰ পানী নিষ্কাসন কৰি থকা হৈছে৷ ভৱিষ্যতে কৃত্ৰিম বান সমস্যা সমাধান কৰা হ’ব৷ উল্লেখ্য, মন্ত্ৰী যোগেন মহনক জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক আৰ কে ৰেড্ডী, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্তইয়ো সংগ দিয়ে৷ ইয়াৰ পূৰ্বে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষক আৰ কে ৰেড্ডীয়ে ডিব্ৰুগড় কৃত্ৰিম বান পৰিদৰ্শন কৰে৷ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান সমস্যা বুজ ল’বলৈ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াক লৈ ৬টা জ’ন গঠন কৰা হৈছে বুলি জানিবলৈ দি কয়, তেওঁলোকৰ মূল্যায়নৰ প্ৰতিবেদনৰভিত্তিত পৰৱৰ্তী সময়ত প্ৰশাসনে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব৷ আনহাতে, চহৰৰ কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে ২টাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰিব বুলি উল্লেখ কৰে৷ বানৰে মোকাবিলা কৰিবপৰাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে৷ খাদ্য-সামগ্ৰীও পৰ্যাপ্ত পৰিমাণে মজুত আছে ডিব্ৰুগড়ত৷ কৃত্ৰিম বানত আবদ্ধ ৰুগীয়া লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰো ব্যৱস্থা কৰিছে৷ আনহাতে, কৃত্ৰিম বানৰ বাবে ডিব্ৰুগড়ত বন্ধ ঘোষণা কৰিছে শিক্ষানুষ্ঠানসমূহ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে৷

নাঁৱত উঠি বানপীড়িত অঞ্চলত বিধায়াক মৃণাল শইকীয়া

‘আমাৰ অসম’ৰ দেৰগাঁৱৰ প্ৰতিবেদক : বছৰৰ প্ৰথমটো বানত জলমগ্ন হৈ পৰিছে দেৰগাঁৱৰ নদী-কাষৰীয়া গাঁওসমূহ৷ নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বানে সংহাৰৰূপ ধাৰণ কৰিছে৷ বানে বুৰাই পেলাইছে ৪০খনৰো অধিক গাঁও৷ জলমগ্ন হৈ পৰা  অঞ্চলটোৰ শিক্ষা প্ৰতিষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ, বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান পানীত বুৰ গৈছে৷ কেইবাটাও মূল পথৰ অংশবিশেষ চিঙি নিয়াও পৰিলক্ষিত হৈছে৷ আনহাতে, ব্ৰহ্মপুত্ৰ অঞ্চলৰ গড়মৰা, চৰাই চাপৰি অঞ্চলৰ যোগাযোগৰ মূল নালঘাট দলঙৰ অংশত হোৱা খহনীয়া পৰিদৰ্শন কৰে বিধায়ক মৃণাল শইকীয়াই৷ লগতে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয় বিধায়কজনে৷ ইপিনে, অগপৰ উপ-সভাপতি নুৰুল চুলতানেও আজি অঞ্চলটোৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে ঘৰতে আবদ্ধ হৈ পৰা কেইবাজনো অসুস্থ লোকক নিৰাপদ স্থানলৈ অনাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে৷