Logo
image

কঁঠালৰ গুটিয়ে মুখত বয়সৰ চাপ আঁতৰায়

এতিয়া ফলৰ বতৰ৷ বজাৰত বিভিন্ন সুস্বাদু ফলৰ লগতে উভৈনদী হৈ পৰিছে কঁঠাল৷ কঁঠাল প্ৰায়ভাগৰেই প্ৰিয়৷ অতি সুস্বাদু আৰু স্বাস্থ্যৰ বাবে উপকাৰী কঁঠাল বহুতে আকৌ ব্যঞ্জন হিচাপেও খাই ভাল পায়৷  বহুতে  কঁঠালৰ গুটি শুকুৱাই লৈ ভাজি খায়৷ আন কোনেও আকৌ দাইলৰ সৈতে সিজাই অথবা জুইত সেকি খাই ভাল পায়৷ পিছে বহুতেই নাজানে যে কঁঠালৰ গুটিত বিভিন্ন ঔষধি গুণ থাকে৷ উল্লেখ কৰা হ’ল কঁঠালৰ গুটিৰ ঔষধি আৰু উপকাৰী গুণ–

* কঁঠালৰ গুটিয়ে হজম শক্তি বৃদ্ধি কৰে৷ ফলত কোষ্ঠ-কাঠিন্যৰ সমস্যা নিৰাময় হয় আৰু বিপাকক্ৰিয়া বাঢ়ে৷ কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ ফলত ই ডায়েৰিয়াৰ দৰে সমস্যাত কাম দিয়ে৷ 

* উচ্ছমানৰ প্ৰ’টিনসমৃদ্ধ তথা কলেষ্টেৰ’ল বিহীন কঁঠালৰ গুটি খালে দেহটো পেশীবহুল হয়৷ লগতে কেল’ৰিও পোৱা যায়৷ যিসকলে নিতৌ শৰীৰ চৰ্চা কৰে তেওঁলোকৰ বাবে কঁঠালৰ গুটি হ’ব পাৰে উপকাৰী খাদ্য৷

* কঁঠালৰ গুটিয়ে বয়সৰ চাপ দূৰ কৰাত সহায় কৰে৷ কঁঠালৰ গুটি শুকুৱাই লৈ গুৰি কৰি গাখীৰৰ সৈতে মিহলাই পেষ্ট তৈয়াৰ কৰি দুসপ্তাহ মুখত ঘঁহিলে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু বয়সৰেখা নাইকিয়া হয়৷ 

* চুলিৰ যতন লোৱাৰ ক্ষেত্ৰতো কঁঠালৰ গুটি ব্যৱহাৰ কৰিব পাৰি৷ ইয়াত থকা ভিটামিন ‘এ’ চুলিৰ স্বাস্থ্য ভালে ৰাখে৷ কিছুমান চুলিৰ আগ ফটাৰ সমস্যা থাকে৷ তেওঁলোকে কঁঠালৰ গুটি খালে এইক্ষেত্ৰত উপকাৰ পাব পাৰে৷ কঁঠালৰ গুটিত থকা প্ৰ’টিন আৰু আইৰণে চুলিৰ বাবে টনিকৰ কাম কৰে৷

* ছালৰ সমস্যা থকাসকলে কঁঠালৰ গুটি ব্যৱহাৰ কৰিব পাৰে৷ কঁঠালৰ গুটিয়ে ছালৰ আদ্ৰৰ্তা বজাই ৰখাৰ লগতে ছাল কোমল কৰে আৰু সতেজতা বঢ়ায়৷ ইয়াৰ বাবে কঁঠালৰ গুটি গুৰি কৰি সামান্য গাখীৰ আৰু মৌৰ সৈতে মিহলাই ছালত লগাব লাগে৷