Logo
image

কাজিৰঙাত বানৰ তাণ্ডৱঃ বন্যপ্ৰাণীৰ হাহাকাৰ, মুখ্যমন্ত্ৰীয়ে বুজ ল'লে পৰিস্থিতিৰ

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ লয়। লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক, বন সংমণ্ডল বিষয়াৰ উপৰিও ৰাজ্যখনৰ বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি সম্পৰ্কে আলোচনাত মিলিত হয়। 

বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে সকলো ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। বানৰ সুবিধা লৈ চোৰাং চিকাৰীয়ে যাতে বন্যপ্ৰাণী নিধন কৰিব নোৱাৰে তাৰ বাবে কাজিৰঙাত অতিৰিক্ত এটা কামাণ্ডো বাহিনী নিয়োগ কৰাৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আৰক্ষীক বন বিভাগৰ সৈতে যুটীয়াভাৱে বন্যপ্ৰাণী উদ্ধাৰ আৰু নিৰাপত্তাৰ কাম কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ বানপানীৰ সৃষ্টি কৰাত এতিয়া বন্যপ্ৰাণীৰ হাহাকাৰ অৱস্থা হৈছে। গঁড়, হাতী, পহু আদি বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন বিভাগে নিৰ্মাণ কৰা কৃত্ৰিম মাটিৰ ওখ ঢাপত আশ্ৰয় লোৱাৰ বিপৰীতে কিছু বন্যপ্ৰাণীয়ে খাদ্য আৰু নিৰাপদ ঠাই বিচাৰি যেনি-তেনি ঢাপলি মেলিছে। বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৭০ শতাংশ বনাঞ্চল বুৰাই পালোৱাত বন্যপ্ৰাণীৰ লগতে বনকৰ্মীৰো ভীষণ সমস্যাৰ সৃষ্টি হৈছে। প্ৰতিদিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ন ন বন শিবিৰ প্লাৱিত হোৱাৰ বাতৰি পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে জানিবলৈ দিয়া মতে মঙলবাৰলৈ উদ্যানখনৰ ১৬৭ টা বন শিবিৰৰ তলেদি পানী বৈ আছে। ইয়াৰে কহঁৰা বনাঞ্চলৰ অধীনত ৪৮ টা, অগৰাতলিত ৩৪ টা, বাগৰিত ২৯ টা, বুঢ়াপাহাৰত ১৩ টা,  বোকাখাত বনাঞ্চলত ৭ টা, বিশ্বনাথ বন সংমন্ডলৰ অধীনত ২২ টা আৰু নগাঁও বন সংমণ্ডলৰ অধীনত মুঠ ১৪ টা বন শিবিৰৰ তলত পানী সোমাইছে। 



উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীয়ে জটিল ৰূপ ধাৰণ কৰাত বনকৰ্মীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি ইতিমধ্যে মুঠ ৮ টা বন শিবিৰৰ সুৰক্ষা কৰ্মীক নিৰাপদ বন শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকে দিয়া তথ্য মতে ইতিমধ্যে বানপানীৰ পৰা নিৰাপদ ঠাই বিচাৰি যেনি-তেনি ঢাপলি মেলা অৰ্থাৎ খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত ওলাই অহা ২৪ টা পহু উদ্ধাৰ কৰা হৈছে। আনহাতে বাঢ়নী পানীত ৪ টা ছাগলী পহুৰ মৃত্যু হৈছে বুলি বন বিভাগৰ তথ্যৰ পৰা জানিব পৰা গৈছে। ইফালে হাতী, গাহৰি, পহু আদি বন্যপ্ৰাণীয়ে নিৰাপদ ঠাই বিচাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰি কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে৷ বন আৰু আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ৰাষ্ট্ৰীয় পথৰ মেঠনীত দিনৰ ভাগত এটা পহু গাড়ীৰ খুন্দাত মৃত্যু হৈছে বুলি বাতৰি পোৱা গৈছে।

উল্লেখ্য যে বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথা চিন্তা কৰি গোলাঘাটৰ আৰক্ষী অধীক্ষকে দিয়া নিৰ্দেশ মৰ্মে বোকাখাতৰ পৰা জখলাবন্ধা লৈকে অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ বাণিজ্যিক বাহনৰ চলাচল বন্ধ কৰা হৈছে। ইফালে বানত কাজিৰঙা মৌজাৰ ম'পৰা, বেজগাওঁ, ডুমজান, শিলডুবি, ২ নং কহঁৰা, বৰবিল, ভূঞা গাঁও, দ গোসাঁনীবৰকে আদি কৰি বহু সংখ্যক গাঁও প্লাৱিত হোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাইজে ঘৰ-বাৰী এৰি তালি-টোপোলা বান্ধি কাজিৰঙা ৰাইজিং চান ইংলিছ স্কুল, ৰঙাজান,হাতীখুলি, মাজলাইন আদি  প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈছে। উল্লেখ্য, পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত থকা বানাক্ৰান্ত ৰাইজে প্ৰথমে কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত আশ্ৰয় লৈছিল যদিও বিদ্যালয়খন পানীত বুৰ যোৱাৰ পৰিস্থিতি হোৱাত পুনৰ আন আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিব লগা হৈছে। এতিয়ালৈকে আশ্ৰয় শিবিৰত থকা লোকক প্ৰশাসনে কোনো সাহায্য আগবঢ়োৱা নাই বুলি অভিযোগ উঠিছে।