Logo
image

অসমৰ বান পৰিস্থিতি অতি জটিল, কেন্দ্ৰই শীঘ্ৰে হস্তক্ষেপ কৰক

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৩ জুলাইঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে সংসদত প্ৰদান কৰা অভিভাষণৰ ওপৰত ভাষণ দি সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে ৰাজ্যৰ বান পৰিস্থিতিকলৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে৷ অসমৰ বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰা বুলি মন্তব্য কৰি গগৈয়ে এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰে৷ শীঘ্ৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এন ডি আৰ এফ) এটা গোট অসমলৈ প্ৰেৰণ কৰিবলৈ তেওঁ দাবী জনায়৷ লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাতিলক বানাক্ৰান্ত অসম ভ্ৰমণ কৰিবলৈ যোৰহাটৰ সাংসদজনে অনুৰোধ জনায়৷



নিজৰ ভাষণৰ আৰম্ভণিত অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ জগদম্বিকা পালক সম্বোধন কৰি গগৈয়ে কয়– মই এইমুহূৰ্তত আপোনাৰ সমুখত থিয় হৈ ভাষণ দিবলৈ ওলাইছো যদিও মোৰ মন আৰু চিন্তা অসমৰ বান পৰিস্থিতিৰ ওপৰত আছে৷ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ চৰ্চাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ সমালোচনা কৰে৷ তেওঁ কয়– সাংসদসকলে নিজা নিজা চেষ্টা তথা কামকাজৰ বাবেহে জয়ী হৈছে তথা ইয়াৰ বাবে বহুত কষ্ট স্বীকাৰ কৰিব লগীয়া হৈছে৷ এইবাৰ বিজেপি সাংসদসকলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে জয়ী হোৱা নাই সেয়া সাংসকসকলেও বুজি পাইছে৷ এইবাৰৰ নিৰ্বাচনত ভাৰতৰ জনসাধাৰণে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক বাছি নিয়াৰ পৰিবৰ্তে ইণ্ডিয়া জোঁটৰ শক্তিশালী বিৰোধীকহে বাছি লৈছে৷ গগৈয়ে যোৰহাটবাসীক ধন্যবাদ জনাই কয় যে তেওঁলোক দৰাচলতে এজন মুখ্যমন্ত্ৰীক পৰাজিত কৰিছে৷ গগৈয়ে ধুবুৰীৰ জনসাধাৰণকো ধন্যবাদ জ্ঞাপন কৰি৷ ধুবুৰীত কংগ্ৰেছক জয়ী কৰি সমষ্টিটোৰ জনতাই এটা সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিছে ১০ লাখ ভোটৰ ব্যৱধানত৷ ধুবুৰীৰ জনতাই এই বাৰ্তাই প্ৰদান কৰিছে যে ধৰ্মগুৰুৱে হওক বা সংখ্যালঘু, ধৰ্মৰ নামত কোনোবাই যদি সমাজত বিভাজন আনিব খোজে তেনেহ’লে ৰাইজে তেওঁক বৰ্জন কৰিব৷ কংগ্ৰেছ সাংসদজনে নিৰ্বাচনত নিৰপেক্ষতাৰ সৈতে বাতৰি পৰিৱেশন কৰা সাংবাদিকসকলকো ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীৰ প্ৰিয় সাংবাদিকসকলৰ প্ৰতি দেশবাসীৰ ভৰসা নাইকিয়া হৈছে বুলি মন্তব্য কৰি তেওঁ আৰু কয়– এইবাৰৰ নিৰ্বাচনত ৰাইজে এই বাৰ্তাই প্ৰদান কৰিছে যে সাংবাদিকসকলে নিজৰ সাংবাদিকতা যদি নিষ্ঠাৰ সৈতে পালন নকৰে তেনেহ’লে ৰাইজে তেওঁলোকক চোৱা বন্ধ কৰি দিব৷