Logo
image

বানেও বাধা দিব নোৱাৰিলে বিবাহতঃ পানীৰ মাজতেই সম্পন্ন হ'ল বিয়া, কলগছৰ ভূৰত উঠি আহিল দৰা-কইনা

'আমাৰ অসম’ৰ ৰূপহীহাটৰ প্ৰতিবেদকঃ জন্ম-মৃত্যু আৰু বিবাহত মানুহৰ কোনো হাত নাথাকে৷ নেদেখাজনে কঁপালত যি লিখি থৈছে, সেয়াই হ'ব৷ ইয়াৰে এক উদাহৰণ দেখা গ'ল ৰূপহীহাটত৷

ৰাজ্যত অব্যাহত আছে বান বিভীষিকা৷ উজনি কি নামনি, সৰ্বত্ৰ এতিয়া বানৰ কবলত৷ ৰাজ্যৰ ২৮খন জিলা এতিয়া বানৰ কবলত৷ নগাঁও জিলাতো বানৰ তাণ্ডৱ অব্যাহত আছে৷ কিন্তু বান বিভীষিকাৰ মাজতে লাওখোৱা নৈপৰীয়া অঞ্চলত সুকলমে সম্পন্ন হ'ল এখন বিবাহ।



বানৰ মাজতে সম্পন্ন হ'ল চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং ভূৰবন্ধা গাঁৱৰ নিৱাসী ব্ৰজেন্দ্ৰ মণ্ডল আৰু জয়মতী মণ্ডলৰ কন্যা শিল্পী মণ্ডলৰ বিবাহ৷ দৰাৰ ঘৰ বেলগুৰিত৷ বানেও বাধা দিব নোৱাৰিলে সুৰজিৎ মণ্ডল আৰু শিল্পী মণ্ডলৰ বিবাহত৷ ৰভাতলীত প্ৰায় একঁকাল পানী৷ ১৫দিন পূৰ্বে দুয়োৰে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল৷ কিন্তু বিবাহ চলি থকাৰ মাজতে হঠাৎ বানপানীত ৰভাতলী ডুব গ'ল যদিও সম্পূৰ্ণ ৰীতি-নীতিৰে সুৰজিৎ আৰু শিল্পী এক নতুন সম্বন্ধত বান্ধ খালে৷

বিবাহ সম্পন্ন হোৱাৰ পাছত দৰা-কইনা ঘৰলৈ বুলি উভটিব লগা হ'ল কলগছৰ ভূৰত। পানীৰ মাজতে বেণ্ড পাৰ্টীক লগত লৈ দৰা আৰু কইনাঘৰীয়া সকলোৱে আনন্দ-উল্লাস কৰে৷ এই বিবাহখনক লৈ এতিয়া চৰ্চা হৈছে৷ কলগছৰ ভূৰত কইনাক লগত লৈ ঘৰলৈ দৰা ঘৰলৈ উভটিব লগা হোৱা এয়াই চাগে প্ৰথম ঘটনা৷