Logo
image

গৰমত শৰীৰ শীতল কৰি ৰাখিবলৈ এনেধৰণৰ খাদ্য খাওক

 উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ সাধাৰণতে এচি ৰুমত থকাটোতে বেছিসংখ্যকেই পছন্দ কৰে যদিও ইয়াৰ ফলত পৰিৱেশত প্ৰভাৱ পৰাৰ উপৰি স্বাস্থ্যৰ বাবেও কেতিয়াবা ক্ষতিকাৰক হ’ব পাৰে৷ সেইবাবে গৰমৰ দিনকেইটাত শৰীৰ শীতল কৰি ৰখাৰ বাবে খাদ্য গ্ৰহণৰ লগতে কেইটামান বিষয়ত গুৰুত্ব দিব লাগে৷

* ফলমূল খোৱাৰ অভ্যাস কৰক : গ্ৰীষ্মকালত পিত্তজনিত সমস্যা বৃদ্ধি পায়৷ সেই বাবে শৰীৰ শীতল কৰি ৰখাৰ বাবে পিত্তবৰ্ধক খাদ্য এৰাই চলিব লাগে৷ শীতকালত যিবোৰ শাক-পাচলি সাধাৰণতে খোৱা হয় সেই সকলো গ্ৰীষ্মকালৰ বাবে উপযোগী নহয়৷ গ্ৰীষ্মৰ খাদ্য তালিকাত ফুলকবি, বন্ধা কবি, বিট আদি নৰখাই ভাল৷ এনে পাচলি খোৱাৰ ফলত সাধাৰণতে পিত্তজনিত সমস্যাৰ সৃষ্টি হয়৷ ইয়াৰ পৰিৱৰ্তে পটল, কোমোৰাৰ দৰে পাচলি উত্তম বিবেচিত হয়৷ ফলৰ ক্ষেত্ৰত তৰমুজ, বেল, আম আদিয়ে শৰীৰ শীতল কৰি ৰাখে৷ গ্ৰীষ্মৰ দিনকেইটাত চিজ, তেল-মচলা দিয়া খাদ্য এৰাই চলিব লাগে৷ 

* নিৰ্দিষ্ট সময়ত খাদ্য গ্ৰহণ কৰক : সদায় সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে৷ খালী পেটত থাকিলে এচিডিটিৰ সমস্যাৰ সৃষ্টি হয়৷ দিনৰ আহাৰৰ তুলনাত ৰাতি লঘু আহাৰ খাব লাগে৷ এই সময়ছোৱাত চালাদ, ফল-মূল আদি বেচিকৈ খাব লাগে৷

* নাৰিকল তেলৰ ব্যৱহাৰ : স্নান কৰাৰ পূৰ্বে গা-মূৰত নাৰিকল তেলেৰে মালিচ দিব লাগে৷ ইয়াৰ ফলত শৰীৰৰ ছাল মসৃণ হোৱাৰ উপৰি গা শীতল হৈ থাকে৷

* বেছি গৰম পানীয় পৰিহাৰ কৰক : গৰমৰ দিনকেইটাত চাহ, কফি আদি মাত্ৰাধিক খোৱাৰ পৰা বিৰত থাকক৷ গৰম পানী খোৱাৰ অভ্যাস থাকিলেও গৰমৰ দিনকেইটাত কুহুমীয়া পানীহে খাব লাগে৷ প্ৰতি দিনেই অন্ততঃ পাঁচ লিটাৰ পানী খোৱাৰ অভ্যাস কৰক৷ 

* শৰীৰ চৰ্চা : গ্ৰীষ্মৰ দিনকেইটাত শৰীৰ চৰ্চাৰ ক্ষেত্ৰতো সাৱধান হ’ব লাগে৷ গৰমত ব্যায়াম কৰাৰ  পৰা বিৰত থাকক৷ বতৰ শীতল হোৱাৰ সময়ত শৰীৰ চৰ্চা কৰক৷ বিশেষকৈ পুৱা ৰ’দ ওলোৱাৰ পূৰ্বে আৰু সন্ধিয়া বেলি মাৰ যোৱাৰ পাছতহে শৰীৰ চৰ্চা কৰিব লাগে৷ এইদৰে গ্ৰীষ্মৰ দিনকেইটাত নিয়ম মানি চলিলে শৰীৰ শীতল হৈ থাকে