Logo
image

বানত ককবকাইছে ডিব্ৰুগড়বাসীয়েঃ পথত একঁকালপৰ্যন্ত পানী, নিৰ্বিকাৰ প্ৰশাসন

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৫ জুলাইঃ কৃত্ৰিম বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে ডিব্ৰুগড়ত। নলাৰ ওপৰেদি পানী বাগৰাত মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ডিব্ৰুগড় চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। বিগত ৯ টা দিন ধৰি বাণীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত একঁকালপৰ্যন্ত পানী হৈছে। কিন্তু ইয়াৰ পাছতো অতি বিপজ্জনকভাৱে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল হৈছে যান-বাহন। স্থলপথৰ পৰা জলপথলৈ ৰূপান্তৰিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথটোত যান-বাহন চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰা নাই প্ৰশাসনে। 

আনহাতে বিপজ্জনক অৱস্থাত যান-বাহন চলাচল হোৱাত ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈছে। পানীৰ বাবে পথৰ মাজতে বিকল হৈ পৰিছে বহু বাহন। ইফালে কৃত্ৰিম বানৰ বাবে পথৰ মাজ অংশত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে বাণীপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো। 



কিন্তু ইমানৰ পাছতো ডিব্ৰুগড় জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বিপজ্জনক অৱস্থিতিক লৈ কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় দুই ফুট ওখ কৰি নিৰ্মাণ হোৱা নলাটোৰ ওপৰেদি বাগৰি গৈছে পানী। যাৰ বাবে পথৰ কাষৰ বাসগৃহত প্ৰৱেশ কৰিছে কৃত্ৰিম পানীৰ লগতে সাপ-ভেকুলী আৰু বিষাক্ত জলজীৱ। যাৰ বাবে অঞ্চলটোৰ লোকসকলে এতিয়া আতংকময় পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে। বঙালগাঁও-বাণীপুৰৰ এই অঞ্চলটোত কৃত্ৰিম বানৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন। 

বিগত এসপ্তাহ ধৰি বন্ধ কৰিবলগীয়া হৈছে যান-বাহন চলাচল। ব্যাহত হৈ আছে বিদ্যুৎ সেৱা। ইফালে পথটোত ভৰি থকা কৃত্ৰিম পানী নিষ্কাশনৰ বাবে প্ৰশাসনে কাণসাৰ দিয়া নাই। ইতিমধ্যে স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দুবাৰকৈ প্ৰতিবাদ কৰিছিল। স্থানীয় লোকৰ অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ থকা পানীখিনি ওলাই যাব পৰাকৈ নলাত কোনো ব্যৱস্থা নাই। যাৰ বাবে নলাৰ ওপৰেদি পানী বাগৰি জলমগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটোত। ইফালে কৃত্ৰিম বানত আজিও প্লাৱিত হৈছে বঙালগাঁও। বিগত ৯ দিনে কৃত্ৰিম বানত বঙালগাঁৱল ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। ডিব্ৰুগড় চহৰত আজিৰ দিনটোত বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ উভতি আহিছে যদিও ঠায়ে ঠায়ে এতিয়াও জলমগ্ন হৈ আছে। নিশা বৰষুণ দিলেই পুনৰ বুৰ যায় কৃত্ৰিম বানত।