Logo
image

বান নিয়ন্ত্ৰণ এটা জীয়া ফাঁকি, এক অপৰাধী অপচয়

স্কুলীয়া ছাত্ৰই যিকোনো বিষয়বস্তুৰ বিষয়ে ৰচনা লিখিলে বিষয়টো বা বস্তুটোৰ আকৃতি, প্ৰকৃতি আৰু তাৰ পৰা হ’ব পৰা উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখে৷ বানো অসমত ৰচনাৰ এটা বিষয়৷ গতিকে বানৰ আকৃতি-প্ৰকৃতি আৰু উপকাৰিতা-অপকাৰিতাৰ বিষয়ে লিখিব লাগে৷ অসমখন এতিয়া বানত কক্‌বকাই আছে৷ বানবিধবস্ত ৰাইজে বানৰ অপকাৰিতাৰ বিষয়ে অভিজ্ঞতা লাভ কৰিছে৷ বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা ৰাইজৰ বানৰ উপকাৰিতা সম্বন্ধে জনাৰ বিশেষ আগ্ৰহ নথকাটোৱেই স্বাভাৱিক৷
বানক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰাৰ বা স্বীকৃতি দিয়াৰ দাবী উঠি থাকে৷ মূল উদ্দেশ্যটো হ’ল– বানৰ বাবে হোৱা সমস্ত খৰচ কেন্দ্ৰীয় চৰকাৰৰ তহবিলৰ পৰা কৰাৰ ব্যৱস্থা কৰা৷ বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা প্ৰায় সকলো ব্যৱস্থাকে ভেঙুচালি কৰি এই মুহূৰ্তত বানে অসমখন বুৰাই থৈছে৷ প্ৰতিৰোধ ব্যৱস্থাক বানে বুঢ়া আঙুিল দেখুৱাইছে আৰু তাৰ বাবে কৰা সমস্ত খৰচ অথলে গৈছে৷ বানপীড়িতৰ দিশৰ পৰা চালেহে অথলে গৈছে৷ বান নিয়ন্ত্ৰণৰ আঁচনি প্ৰস্তুত কৰা চৰকাৰ-বিষয়া আৰু সেই আঁচনি ৰূপায়ণ কৰা ঠিকাদাৰৰ দিশৰ পৰা চালে কিন্তু অথলে যোৱা বুলি ক’ব নোৱাৰি৷ বানপীড়িতৰ বৈষয়িক অধোন্নতি ঘটাৰ বিপৰীতে এইসকলৰ বান নিয়ন্ত্ৰণৰ ব্যৰ্থ হোৱা আঁচনিৰ বাবে দোপতদোপে বৈষয়িক উন্নতি ঘটিছে৷ 
চৰকাৰে, মন্ত্ৰীয়ে, বিষয়া-অভিযন্তাসকলে আগতেই নাজানে জানো যে তেওঁলোকে প্ৰস্তুত কৰা আঁচনিয়ে বান ৰোধ কৰাত ব্যৰ্থ হ’ব? সেই আঁচনি ৰূপায়ণৰ বাবে খৰচ কৰা ধন পানীত পৰিব? সেই ধন তাতকৈ বান অহাৰ পাছত বানপীড়িতক দিয়া অধিক দায়িত্বশীল সিদ্ধান্ত নহ’বনে? বান নিয়ন্ত্ৰণৰ বাবে থকা মন্ত্ৰীৰ পৰা আৰম্ভ কৰি চকীদাৰলৈ বাণ নিয়ন্ত্ৰণৰ বাবে থকা সমস্ত ব্যৱস্থাটোকেই নোহোৱা কৰি পেলালে বানপীড়িত লোকৰ কি অসুবিধা হ’ব? নিয়মীয়াকৈ কেইবছৰমান বিৰতিত বানে অসমখন ধুৱাই নিয়ে আৰু বান প্ৰতিৰোধৰ ব্যৱস্থাটো সম্পূৰ্ণ অক্ষম বুলি প্ৰমাণ হয়৷ গতিকে নিয়ন্ত্ৰণৰ বাবে ধন অপচয় কৰা বন্ধ কৰি সেই ধন বানপীড়িতৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰাটো অধিক যুক্তিসংগত নহ’বনে? বান নিয়ন্ত্ৰণৰ নামত কোনোধৰণৰ জবাবদিহি নথকা ব্যৱস্থা এটাক অনন্তকাললৈ কোনো দায়িত্ব নোলোৱাকৈ বছৰি বিৰাট পৰিমাণৰ ৰাজহুৱা ধন অপচয় কৰি থাকিবলৈ দি থকা হৈছে কিয়? 
অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃত হ’ব লাগে৷ তাৰ অৰ্থ হ’ল বান নিয়ন্ত্ৰণৰ বাবে তথা সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সমস্ত টকা দিল্লীৰ ধনভঁৰালৰ পৰা আহিব লাগে৷ কিন্তু এই টকাখিনি কোনো জবাবদিহি নথকা এচামৰ হাতত বান নিয়ন্ত্ৰণৰ বাবে খৰচ কৰিবলৈ তুলি দিব লাগেনে? অসমে বান নিয়ন্ত্ৰণৰ নামত চলি থকা হাজাৰ কোটি টকীয়া জীয়া ফাঁকিটোক অচিৰে বন্ধ কৰি বানপীড়িতৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবেহে সেই ধন খৰচ কৰা অধিক ফলপ্ৰসূ সিদ্ধান্ত হ’ব৷ 
স্বাধীনতাৰ পাছৰ পৰা এতিয়ালৈ বান নিয়ন্ত্ৰণৰ নামত এটা প্ৰকাণ্ড বিভাগ পুহি ৰখাৰ পৰা আৰম্ভ কৰি বান নিয়ন্ত্ৰণত ব্যৰ্থ অলেখ নিৰ্মাণৰ নামত কিমান ধন খৰচ হ’ল? কিমান গাঁও বানত বুৰ গ’ল? কিমান মানুহৰ মৃত্যু হ’ল? কিমান সম্পত্তি নষ্ট হ’ল? তাৰ লেখ কোনে ৰাখিছে? এনেধৰণে জবাবদিহি নথকাকৈ, দায়িত্ব লোৱাৰ প্ৰয়োজন নথকাকৈ এনেহেন এটা সমস্যাৰ মোকাবিলা কৰি থাকিবলৈ দিয়া হৈছে কিয়? 
বান আহিবই, বানে বুৰাবই– বছৰৰ পাছত বছৰ জুৰি লাভ কৰা অভিজ্ঞতাৰ পৰা এই কথা এতিয়া সত্য বুলি প্ৰমাণ হৈছে৷ আমি কৰিব পৰা একমাত্ৰ কামটো হ’ল– বান আক্ৰান্তসকলক সাহায্য দিয়া আৰু সৰ্বস্ব হেৰুওৱাসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা৷ বান নিয়ন্ত্ৰণৰ সমূহ আঁচনি একোটা জীয়া ফাঁকি, আৰু সেই আঁচনিৰ বাবে খৰচ কৰাসমস্ত ধন অপৰাধৰ তুল্য অপচয়৷ এই অপৰাধীসকলক দীৰ্ঘকালজুৰি সেই অপৰাধত লিপ্ত হৈ থাকি ৰাজহুৱা ধনৰ অপচয় কৰি থকাৰ পাছতো শাস্তি দিয়াৰ সলনি ধনে-সম্পদে জাতিষ্কাৰ হ’বলৈ দি থকা হৈছে৷