Logo
image

মথাউৰি তুমি কাৰ? মুখ্যমন্ত্ৰী-গৌৰৱৰ বাক্‌যুদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৬ জুলাইঃ ‘ৰাজ্যৰ বিজেপি চৰকাৰখনে জলসম্পদ বিভাগক এটিএমৰ দৰে ব্যৱহাৰ কৰিছে৷ এটিএমৰ পৰা পইচা উলিওৱাৰ দৰে ঠিকাদাৰৰে গোপন চুক্তি কৰি চৰকাৰে কেৱল পইচাহে ল’ব বিচাৰিছে৷’ – ‘এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷ দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হোৱা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কয়– ‘মথাউৰি নিৰ্মাণত অত্যন্ত নিম্নমানৰ কাম হৈছে৷ ফলত মথাউৰিবোৰ ভাগি পৰিছে৷ কলিয়াবৰত ভগা মথাউৰিৰ কাম কোনে পাইছিল সকলোৱে জানে৷ যিবোৰ ঠিকাদাৰৰ কামত হেমাহি হৈছে, তেওঁলোকক ব্লেকলিষ্টেড কৰিব লাগে৷ কোনে তেওঁলোকক টেণ্ডাৰ দিলে, ইয়াত কি ধৰণৰ গাফিলটি হৈছে, কোন মন্ত্ৰীৰ হেঁচাত এই ঠিকাদাৰ বোৰে বাৰম্বাৰ বাৰম্বাৰ কাম পায়ে থাকে, কোন মন্ত্ৰী বিষয়াই নিম্নমানৰ কাম কৰা ঠিকাদাৰক সহায় কৰি আছে– গোটেইবোৰ তদন্তৰ আওতালৈ আহিব লাগে৷ বিজেপি চৰকাৰে জলসম্পদ বিভাগটোক এটিএমৰ দৰে ব্যৱহাৰ কৰি কেৱল টকাহে উলিয়াব বিচাৰত উজনি, নামনি, মধ্য অসম, বৰাক উপত্যকাৰ মানুহ বিপদত পৰিছে৷ মথাউৰিবোৰ মেৰামতিৰ দায়িত্ব কাৰ– ‘ৰাজ্য চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ’৷ আজিকালি এদিনতে বহুত বৰষুণ দিয়ে৷ আগতে এনে হোৱা নাছিলে৷ এই কথা যোৱা ৫-৬ বছৰৰ পৰা আমি বুজি পাইছোঁ৷ ইয়াৰ বিপৰীতে কি ধৰণৰ প্ৰস্তুতি আমাৰ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে লৈছে বা কি ধৰণৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ জলসম্পদ বিভাগে গতি কৰিছে, সেয়া ৰাইজে জানিব লাগিব৷ মই সদনৰ ভিতৰতো এই বিষয়টো উত্থাপন কৰিলো৷ আনকি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ব্যক্তিগতভাৱে লগ পাওতে অসমত মথাউৰিৰ নিৰ্মাণৰ কাম নিম্নগামী হোৱা বুলি জনাইছো৷ এইবাৰ মথাউৰি ছিগাৰ বাবে অসমৰ বানপানী সমস্যাটো জটিল হোৱা বুলি মোদী ডাঙৰীয়াক কৈছোঁ৷’ 



ইফালে সাংসদ গৌৰৱ গগৈৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ভঙা প্ৰতিটো মথাউৰি কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ হোৱা৷ যিবিলাক মথাউৰি ভাঙিছে, সেইবোৰ মথাউৰি আমি বনোৱা নহয়৷ ডিব্ৰুগড়ত বান পৰিস্থিতি বুজ ল’বলৈ আহি এনেদৰে কংগ্ৰেছক সমালোচনা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ সমালোচনা কৰি কয়, কংগ্ৰেছৰ দিনত বনোৱা মথাউৰি ভঙাৰ বাবে আওপকীয়াকৈ নিজৰ দেউতাক কোনোবাই যদি গালি পাৰে, মই কি কৰিম৷ সেইটোতো মোৰ হাতত কোনো উপায় নাই৷ যদি মই মোৰ দেউতাক গালি পাৰোঁ৷ যিকেইটা মথাউৰি ভাঙিছে, সেইকেইটা আমি হাত দিয়া মথাউৰি নহয়৷ কংগ্ৰেছৰ দিনতহে বনোৱা মথাউৰি৷’