Logo
image

উক্তি-বক্ৰোক্তি

* অৰবিন্দ কেজৰিৱালক ইডিয়ে ভুল সাক্ষ্য আৰু ভুল প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰেপ্তাৰ কৰিছে৷ মোৰ স্বামী কেজৰিৱালৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাৰ ওচৰত তেলুগু দেশম পাৰ্টীৰ সাংসদ মাগুন্তা শ্ৰীভাছুলু ৰেড্ডীয়ে যি সাক্ষ্য প্ৰদান কৰিছিল সেয়া সম্পূৰ্ণ মিছা৷ তেওঁ এতিয়া এনডিএৰ সহযোগী দলৰ সাংসদ৷ বিজেপিৰ পৰা বিশেষ সুবিধা আদায়ৰ বাবে তেওঁ মিছা সাক্ষী দিছিল৷ 

– অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল


* মই কি ভাবি আছো সেইটো জনাৰ ভগৱানৰো ক্ষমতা নাই৷ আপোনালোকে ভাবি থকাৰ বিপৰীতে আমি কাম কৰিবলৈ গৈ আছোঁ৷ ‘ছিৰিয়াছনেছ’ থকাৰ বাবে আমি আহিছোঁ৷ 

– ডিব্ৰুগড়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস


* ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰ্মাৰৰ সৈতে মোৰ বাৰ্তালাপ হ’ল৷ তেওঁক মই অভিনন্দন জ্ঞাপন কৰিলোঁ৷ দুয়োৰে মাজত হোৱা কথাবতৰাত মই ভাৰত আৰু ব্ৰিটেইনৰ পাৰস্পৰিক সহযোগিতা পূৰ্বতকৈ অধিক উন্নত কৰাৰ বাবে আহ্বান জনালোঁ৷ আশাকৰো দুই দেশৰ মাজত সকলো দিশতে সম্পৰ্ক অধিক উন্নত হ’ব৷ 

–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


* চালে-বেৰে কোবোৱা কথা কয় মুখ্যমন্ত্ৰীয়ে৷ তেওঁ মূল বিষয়ৰ পৰা সদায় আঁতৰি ফুৰে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু কথাৰ কিবা মূল্য মন্ত্ৰী বিধায়কৰ ওচৰত আছেনে? নলা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতো কিয় ঢাকি দিয়া নহ’ল? চৰকাৰখন শিশু হত্যাকাৰী৷ 

–প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা


* হাথৰসত সংঘটিত পদপিষ্টৰ ঘটনাত ১২১ জন ধৰ্মপ্ৰাণ ব্যক্তিৰ মৃত্যুত মই ব্যথিত আৰু শোকাভিভূত৷ নিহতৰ পৰিয়ালৰ নিকতাত্মীয়ক মই দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত  আস্থা ৰাখিবলৈ অনুৰোধ জনাইছোঁ৷ সেই শোকাৱহ ঘটনাৰ ফলত যি প্ৰতিক্ৰিয়া মোৰ মনত হৈছে, তাৰ পৰা মই এতিয়াও ওলাই আহিব পৰা নাই৷ 

– স্বঘোষিত ধৰ্মগুৰু ভোলেবাবা


*    অসমৰ বান পানীৰ ভয়াৱহতাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী মৌন কিয়? নিৰ্বাচনৰ সময়ত তেওঁ ডাবল ইঞ্জিন চৰকাৰৰ কথা কয়৷ বিপদৰ সময়ত কিন্তু এটা ইঞ্জিনৰ চৰকাৰহে দেখা যায়৷ 

– ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য


* ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলাপ কৰি মই সুখী৷ তেওঁক মই প্ৰথম আলোচনাতে দুয়ো দেশৰ মাজত হ’বলগীয়া ‘ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট’ অচিৰে স্বাক্ষৰ কৰাৰ বাবে আহ্বান জনাইছোঁ৷ এতিয়াও সেই বিষয়টো আলোচনাৰ পৰ্যায়তে আছে৷ সোনকালে চুক্তিত সাক্ষৰ হ’লে দুয়োখন দেশেই উপকৃত হ’ব৷ 

– ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰ্মাৰ


* ৰোহিত ভাই আৰু বিৰাট ভাইৰ দুয়োজনৰে সংমিশ্ৰণ মই প্ৰদৰ্শন কৰি পাৰিম বুলি নাভাবো৷ যদিও মই টি-২০ ত অপে’নিং কৰাৰ সুযোগ পাইছোঁ, তথাপি সেই দুই মহান ক্ৰিকেটাৰৰ দৰে মোৰ পৰা একে প্ৰদৰ্শন আশা কৰা সমীচিন নহ’ব৷ 

– ভাৰতীয় ক্ৰিকেটাৰ শুভমন গীল