Logo
image

অভিষেক সুখকৰ নহ’লেও হাৰাৰেৰ মাটিত ৰিয়ানৰ ইতিহাস

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ জুলাই : জিম্বাৱ’ৱেগামী ভাৰতীয় ক্ৰিকেট দলটোক বহুতেই দ্বিতীয় শাৰীৰ দল বুলি অভিহিত কৰোঁতে দেশৰ গৰিষ্ঠসংখ্যক সংবাদ মাধ্যমে আপত্তি তুলি কৈছিল, এইটো দল ভাৰতৰ ভৱিষ্যৎ৷ কিন্তু শনিবাৰে হাৰাৰে স্প’ৰ্টছ ক্লাবত শুভমন গীল নেতৃত্বাধীন নতুন ৰূপৰ টীম ইণ্ডিয়াই যি প্ৰদৰ্শন আগবঢ়ালে তালৈ চাই দলটোক ভাৰতৰ ভৱিষ্যৎ বুলি কোনো সময়তে উপলব্ধি নহ’ল৷ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ টীম ইণ্ডিয়াই য’ত খেল সামৰিছিল, তাৰ পৰা এই দল শতযোজন দূৰৈত৷ বিদায়ী আৰু নতুন প্ৰজন্মৰ মাজত বিৰাট ফাঁট৷ টি-২০ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰা জিম্বাৱ’ৱেক লঘূভাৱে লাৱাৰ ফল ভুগিলে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে দেশৰ ক্ৰিকেটানুৰাগীৰ মনত৷ নহ’লে আইপিএলত দুৰ্দান্ত প্ৰদৰ্শন কৰা ক্ৰিকেটাৰসকলে ১১৫ ৰানৰ সীমা অতিক্ৰম কৰাৰ ক্ষমতাও বেটত ৰখা নাইনে– এই প্ৰশ্ন অৱধাৰিতভাৱে উঠি আহিছে৷

অচিনাকী পৰিৱেশত টীম ইণ্ডিয়া ব্যৰ্থ হ’ল৷ মুঠেই সুখপ্ৰদ নহ’ল অসম সন্তান ৰিয়ান পৰাগৰ অভিষেকো৷ পিতৃ, ৰাজ্যৰ প্ৰাক্তন অধিনায়ক পৰাগ দাসে মেচৰ প্ৰাক্‌মুহূৰ্তত ৰিয়ানক পিন্ধাই দিছিল জাতীয় দলৰ ‘কেপ’৷ পিছে ৰিয়ানে অবিবেচকৰ দৰে শ্বট খেলি ২ ৰানত ওলাই আহিল ক্ৰিজৰ পৰা৷ অথচ তেতিয়া প্ৰয়োজন হৈছিল এটা দীঘলীয়া জুটিৰ৷ ৪ নম্বৰ স্থানত বেটিং কৰা ৰিয়ানৰ পৰা দলেই নহয়, অসমবাসীয়েও আশা কৰিছিল এটা মেচ উইনিং ইনিংছ৷ কিন্তু অ’পেনাৰ অভিষেক শৰ্মা, ঋতুৰাজ গায়কোৱাড়ৰ দৰে অপ্ৰয়োজনীয় শ্বট খেলি উইকেট দলিয়ালে ৰিয়ান পৰাগে৷ অভিষেক সুখপ্ৰদ নহ’লেও ৰিয়ান পৰাগে ইতিহাস ৰচিলে আফ্ৰিকাৰ ভূমিত৷ কিয়নো জাতীয় দলত খেলিবলৈ সুযোগ পোৱা ৰিয়ানেই হ’ল অসমৰ প্ৰথমজন ক্ৰিকেটাৰ৷ প্ৰদৰ্শন আশানুৰূপ নহ’লেও অসমৰ হৈ ৰিয়ান পৰাগে এটা মাইলৰ ফলক স্থাপন কৰিলে হাৰাৰেত৷ অসমৰ ক্ৰিকেটপ্ৰেমীয়ে পিছে পৰৱৰ্তী মেচত ৰিয়ানৰ পৰা ভাল প্ৰদৰ্শন আশা কৰে, যিদৰে এইবাৰ তেওঁ দুৰ্দান্ত বেটিং কৰিছিল আইপিএলত৷ আইপিএল আৰু টীম ইণ্ডিয়াৰ হৈ খেলা আন্তঃৰাষ্ট্ৰীয় মেচৰ যে পাৰ্থক্য আছে, সেয়া ৰিয়ানৰ লগতে আইপিএলত দুৰ্দান্ত প্ৰদৰ্শন কৰা দলৰ প্ৰত্যেকেই যদি উপলব্ধি কৰে তেন্তে শৃংখলাৰ পৰৱৰ্তী মেচত পৃথক ফলাফল দেখা যাব পাৰে৷