Logo
image

১০০ কোটি টকা মাননি লৈ আম্বানিৰ বিয়াত জাষ্টিন বিবাৰৰ সংগীতানুষ্ঠান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ জুলাই : জামনগৰত প্ৰাক্‌-বিবাহ অনুষ্ঠানত ৰিহানা৷ দিলজিৎ দোছাঞ্জ৷ ইটালীৰ পৰা ফ্ৰান্সলৈ সমুদ্ৰপথত বিলাসবহুল প্ৰমোদতৰীত ছাকিৰা, কেটি পেৰী আৰু পিট বুলৰ দৰে বিশ্বখ্যাত তাৰকা৷ আৰু আম্বানি-পুত্ৰ অনন্তৰ বিবাহৰ সংগীত অনুষ্ঠানত জাষ্টিন বিবাৰ৷ বিবাহৰ সংগীত অনুষ্ঠানত এতিয়াৰ প্ৰজন্মৰ সবাটোকৈ চৰ্চিত, আকাংক্ষিত গায়ক জাষ্টিন বিবাৰৰ হূদয় উদ্দীপক সংগীত– ইয়াতকৈ এখন বিয়াৰ অনুষ্ঠানত ‘আইচিং অন দ্য কেক’ সম্ভৱতঃ স্মৰণকালত কোনেও দেখা নাই কিম্বা শুনিবলৈ পোৱা নাই৷ ঠিক যেন ৰূপকথাৰ কাহিনী৷ আম্বানি পৰিয়ালৰ বিয়া মানেই জাক-জমকপূৰ্ণ আয়োজন, তাৰ অন্যথা হোৱাৰ কোনো সুযোগেই নাই৷ কিন্তু সৰু পুত্ৰ অনন্তৰ বিয়াই পূৰ্বৰ আম্বানি পৰিয়ালৰ বিয়াৰ সকলো অভিলেখ অতিক্ৰম কৰিছে৷   যোৱা ৰ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ গুজৰাটৰ জামনগৰত অনুষ্ঠিত হৈছিল আম্বানি পুত্ৰ অনন্ত আৰু ভাবী-বধু ৰাধিকাৰ প্ৰথম প্ৰাক্‌-বিবাহ অনুষ্ঠান৷ পৈত্ৰিক ঘৰৰ এই অনুষ্ঠানৰ পাছত বিলাসবহুল দ্বিতীয়টো প্ৰাক্‌-বিবাহ অনুষ্ঠান হৈছিল ইটালীৰ পৰা ফ্ৰান্সলৈ সমুদ্ৰ পথত এখন প্ৰমোদতৰীত যোৱা ২৯ মে’ৰ পৰা ৰ জুনলৈ৷ বিয়া অহা ১২ জুলাইত৷ তাৰ পূৰ্বে শুকুৰবাৰে অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠান সম্পন্ন হ’ল, য’ত জাষ্টিন বিবাৰে মঞ্চত সৃষ্টি কৰিলে বিদ্যুৎস্ফুলিংগসদৃশ পৰিৱেশ৷ টীম ইণ্ডিয়াৰ টি-২০ চেম্পিয়ন দলৰ ক্ৰিকেটাৰ, প্ৰাক্তন তাৰকা ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি বলীউডৰ প্ৰায় সকলো নক্ষত্ৰৰ উপস্থিতিত জাষ্টিন বিবাৰে সংগীতৰ যি মায়াজাল সৃষ্টি কৰিলে সেয়া অভূতপূৰ্ব৷ কানাডাৰ এই সংগীতশিল্পী এতিয়াৰ তৰুণ প্ৰজন্মৰ হূদস্পন্দন৷ অনুষ্ঠানত উপস্থিত সহস্ৰাধিক হেভীৱেইট অভ্যাগতক সংগীতৰ মায়াৰে আচ্ছন্ন কৰা জাষ্টিন বিবাৰে এই অনুষ্ঠানৰ বাবে ১০ নিযুত মাৰ্কিন ডলাৰৰ ‘মাননী’ লোৱা বুলি চৰ্চা হৈছে৷ ভাৰতীয় মুদ্ৰাত এই সংখ্যা প্ৰায় ৮৩ কোটি টকা৷ অনেকৰ মতে জাষ্টিন বিবাৰে সংগীত অনুষ্ঠানৰ সংগীতৰ বাবে মাননী ল’লে ১০০ কোটি টকা৷ আম্বানিৰ পৰা মাননী যিমানেই নলওঁক জাষ্টিন বিবাৰে, অনন্ত-ৰাধিকাৰ সংগীত স্মৰণীয় হৈ ৰ’ল৷