Logo
image

পুৰীৰ ৰথযাত্ৰাত অংশ ল’লে ৰাষ্ট্ৰপতিয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জুলাই : ৫৩ বছৰৰ পাছত এইবাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে৷ আজি দেওবাৰে ৰথযাত্ৰাত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷ ৰাষ্ট্ৰপতি গৃহৰাজ্য ওড়িশালৈ ৪ দিনীয়া ভ্ৰমণসূচী লৈ গৈছে৷ পূৰ্বে তেওঁ ওড়িশাৰ ৰায়ৰংপুৰৰ বিজেপিৰ বিধায়ক আছিল আৰু বিজেডি-বিজেপি জোঁট চৰকাৰৰ মন্ত্ৰীও আছিল৷ পুৰীৰ জগন্নাথ মন্দিৰৰ লগতে অসমতো গুৱাহাটীক কেন্দ্ৰ কৰি বিভিন্ন স্থানত ৰথযাত্ৰা উৎসৱ আয়োজন কৰা হৈছে৷ 



১৯৭১ চনৰ পাছত এইবাৰ দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰথযাত্ৰা উৎসৱ৷ সাধাৰণতে ‘নৱযৌৱন দৰ্শন’ আৰু ‘নেত্ৰ উৎসৱ’ আগতীয়াকৈ হয়৷ এইবাৰ এই দুই উৎসৱ দেওবাৰে আয়োজন কৰা হৈছে৷ স্নানযাত্ৰাৰ পাছত ১৫ দিন ঘৰৰ ভিতৰত থাকে জগন্নাথ, বলোৰাম, সুভদ্ৰাৰ বিগ্ৰহ৷ দুৱাৰ বন্ধ ৰখা হয় সেই পষেক, যাক ‘অনসৰা’ বুলি কোৱা হয়৷ পুৰাণ অনুসৰি অতিৰিক্ত স্নানৰ বাবে ;ৰ হয় জগন্নাথ, বলোৰাম, সুভদ্ৰাৰ৷ সেয়ে বন্ধ ঘৰত থাকে তিনিওৰে বিগ্ৰহ৷ তাৰ পাছত জগন্নাথৰ নতুন ৰূপৰ দৰ্শন হয়, যাক ‘নৱযৌৱন দৰ্শন, বুলি অভিহিত কৰা হয়৷ তাৰো পূবে হয় ‘নেত্ৰ উৎসৱ’ য’ত পুৰোহিতে বিগ্ৰহত নেত্ৰদান কৰে৷ ইয়াৰ পাছতে ভক্তই জগন্নাথ মন্দিৰৰ পৰা তিনি বিগ্ৰহ ৰথত উঠাই গুণ্ডিচা মন্দিৰলৈ ৰচীৰে টানি লৈ যায়৷ তাতে জ্জ দিন ৰখা হয় ৰথ৷ তাৰ পাছত একদৰে ৰথ মন্দিৰলৈ অনা হয়৷ প্ৰত্যেক বছৰেই হোৱাৰ দৰে এইবাৰো পুৰীৰ ৰথযাত্ৰাত লাখ লাখ ভক্তৰ সমাৱেশ হৈছে৷ পিছে হাথৰসৰ দৰে যাতে কোনো ঘটনা সংঘটিত নহয় তাৰ বাবে সাৱধানতা লোৱা হৈছে আৰু ১৮০ প্লেটুন নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে৷

গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসব আৰম্ভ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : আন্তৰ্জাতিক কৃষ্ণভাবনামৃত সংঘ [ইস্কন] গুৱাহাটীৰ একক প্ৰচেষ্টাৰে আয়োজিত গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা মহোৎসব-২০২৪ দেওবাৰৰ পৰা জ্ঝ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে৷ দেওবাৰে বিয়লি দুই বজাত জি এছ ৰোডৰ হোটেল গেটবে গ্ৰেণ্ডৱেৰ বিপৰীতে শ্ৰীনগৰ ট্ৰেফিক পইণ্টৰ পৰা এই ৰথযাত্ৰাৰ শোভাযাত্ৰা আৰম্ভ হয়৷ এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকা, আই আই টি,  গুৱাহাটীৰ সঞ্চালক, অধ্যাপক দেৱেন্দ্ৰ জালিয়াল,  অভিনেত্ৰী আইমী বৰুৱা, কণ্ঠশিল্পী দ্বীপলিনা ডেকা, ইস্কন নতুন দিল্লীৰ জ্যেষ্ঠ ভক্ত শশীপতি দাস আদি উপস্থিত থাকে৷ তাৰ পাছত কেবা সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰা শোভাযাত্ৰাটো জি এছ ৰোড, গণেশগুৰি আৰু ড॰ আৰ পি ৰোড, লাষ্টগেট, ছাৰ্ভে, বেলতলা তিনিআলি, বশিষ্ঠ চাৰিআলি, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ [চাৰ্ভিছ ৰোড] আৰু ত্ৰিপুৰা ৰোড হৈ গৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত নিশা আঠ বজাত অন্ত পৰে৷  আনহাতে অহা ১৫ জুলাইত সামৰণি পৰিবলগীয়া  জ্ঝ দিনজোৰা এই মহোৎসৱৰ এক অন্য আকৰ্ষণ হৈছে শ্ৰীমদ্ভাগৱত কথা৷ নতুন দিল্লীৰ দ্বাৰকাস্থিত ইস্কন মন্দিৰৰ ভক্ত শচীপতি দাস প্ৰভুৱে উক্ত শ্ৰীমদ ভাগৱত কথাৰ প্ৰৱচন দাঙি ধৰিব৷ এই ভাগৱত কথা ৮ জুলাইৰ পৰা ১৪ জুলাইলৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্প প্ৰাংগণত সন্ধিয়া ৬ বজাৰ পৰা নিশা জ্ঝ বজালৈ অনুষ্ঠিত হ’ব৷ ১৫ জুলাইত ওলোটা ৰথযাত্ৰাৰে এই মহোৎসৱৰ সামৰণি পৰিব৷  এই ওলোটা ৰথযাত্ৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ পৰা আৰু ইয়াৰ অন্ত পৰিব উলুবাৰীৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পাৰ্কিঙত৷ এই শোভাযাত্ৰা পাণবজাৰ, ফাঁচীবজাৰ, পুৰণা কেন্দ্ৰীয় কাৰাগাৰ, মাছখোৱা, এটিৰোড আৰু  পল্টনবজাৰ অতিক্ৰম কৰিব৷ উল্লেখ্য যে ৰথযাত্ৰাৰ সময়ত ৰাজপথত যাতে যান - জটৰ সৃষ্টি নহয় তাৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষীৰ যান - বাহন শাখাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়৷

বকোত জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা

‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদক : সনাতনী হিন্দু ধৰ্মৰ মহাপ্ৰভু জয় জগন্নাথৰ ৰথ যাত্ৰা বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত মহাআড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয়৷ বকোৰ শ্ৰীশ্ৰী তাৰকব্ৰহ্ম হৰিনাম মহায: প্ৰাঙ্গণৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় এই ৰথ যাত্ৰাৰ৷ বকো জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উদযাপন সমিতিৰ সভানেত্ৰী কল্যাণী সাহা আৰু সম্পাদিকা স্বৰ্ণলতা ৰয়ে জনোৱা মতে, এইবেলি দুই দিনীয়াকৈ আয়োজন কৰা হয় প্ৰভুজনাৰ ৰথ যাত্ৰাৰ৷ আবেলি যুৱকৰ্মী সঞ্জয় চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত ৰথযাত্ৰা শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই৷ অনুষ্ঠানত ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী আৰু সাধাৰণ সদস্য অজুৰ্ন ছেত্ৰীকে ধৰি কেবাগৰাকী ধৰ্মপ্ৰাণ লোকৰ লগতে বহু সংখ্যকসংখ্যক ভক্ত উপস্থিত থাকে৷ ইফালে, ছয়গাঁও সমষ্টিৰ গৰৈমাৰীতো এক উলহ মালহৰে উদ্‌যাপন কৰে জগন্নাথ ৰথ যাত্ৰাৰ প্ৰথম দিনাৰ কাৰ্যসূচী৷ ৪৮তম জগন্নাথ ৰথ যাত্ৰাৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে গৰৈমাৰী বাৰোৱৰী দুৰ্গা মন্দিৰৰ পৰা আঞ্চলিক শিৱ মন্দিৰ লৈ বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰে ৰথখন টানি নি প্ৰথম দিনাৰ কাৰ্যসূচী সমাপন কৰে৷

বৰপেটাৰোডত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰা

‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদক : বৰপেটাৰোডত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ পবিত্ৰ ৰথযাত্ৰা উলিওৱা হয়৷ আজিৰে পৰা আৰম্ভ হৈছে জগন্নাথ ৰথযাত্ৰা মহোৎসৱ৷ ৰথযাত্ৰা অনুষ্ঠানত বৰপেটাৰোডত হাজাৰ-হাজাৰ ভক্তৰ ভিৰ কৰাৰ লগতে বৰপেটাৰোডৰ খৈৰাবাৰীৰ পৰা ভক্তসকলেএক বিশাল শোভাযাত্ৰাৰে জগন্নাথ ৰথযাত্ৰা কৰা দেখা গৈছে৷ বিশাল শোভাযাত্ৰাৰে বৰপেটাৰোডত মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাত ভক্তসকলৰ সৈতে অংশগ্ৰহণ কৰে মন্ত্ৰী ৰি?ত কুমাৰ দাসে৷ দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে বৰপেটাৰোডৰ খৈৰাবাৰীৰ বৰপেটাৰোড উত্তৰাঞ্চল বৈষ্ণৱ সন্মিলনীৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা৷ জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা ২ শতাধিক ভক্তৰ সৈতে অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে বি টি আৰৰ ই এম গৌতম দাসে৷

নীলানন্দ ঠাকুৰ আশ্ৰামত লক্ষাধিক ভক্ত

‘আমাৰ অসম’ৰ বগৰীবাৰীৰ প্ৰতিবেদক : ধুবুৰী জিলা আৰু কোকৰাধাৰ জিলাৰ সীমান্তবৰ্তী সাপটগ্ৰাম চহৰৰ সংলগ্ন শান্তিপুৰত লীলানন্দ ঠাকুৰ পাগলা বাবাৰ আশ্ৰমত আজি লক্ষাধিক ভক্তৰ সমাগমেৰে  জগন্নাথৰ ৰথযাত্ৰা অনুষ্ঠান উদযাপন কৰা হয়৷ শান্তিপুৰত থকা লীলানন্দ ঠাকুৰ[পাগলা বাবাৰ] আশ্ৰমত আজি শ্ৰী শ্ৰী জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে এক আধ্যাত্মিক পৰিবেশত পুৱাৰে পৰা ধৰ্মীয় ৰীতি-নিয়ম অনুসৰি ৰথ যাত্ৰাৰ বিশেষ পূজা অনুষ্ঠিত হয়৷ পৰবৰ্তী কাৰ্যসূচী অনুসৰি লীলানন্দ ঠাকুৰৰ আশ্ৰমৰ চৌহদত হাজাৰ হাজাৰ ভক্তই সমবেত হৈ জয় জগন্নাথ ধবনিৰে মুখৰিত কৰি বৃহৎ আকাৰৰ ৰথত অবস্থিতি থকা ভগবান জগন্নথ, বলোৰাম আৰু সুভদ্ৰকলৈ সংযোগী ৰচীডালখন টানি আধ্যাত্মিক পৰিবেশৰ মাজত এক প্ৰান্তৰ পৰা আন প্ৰান্ত লৈ যায়৷ পিছত আজি ভক্তসকলে ৰথখনত থকা আৰাধ্য দেৱতাক আশিস বিচাৰি প্ৰণিপাত জনায়৷ উল্লেখ্য যে, ১৯৪৬ চনত আধ্যাত্মিক গুৰু লীলানন্দ ঠাকুৰে আশ্ৰমখন স্থাপিত কৰিছিল৷