Logo
image

অমিত শ্বাহে পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰি দেখুৱাওক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু নিতাইপানীদিহিঙৰ প্ৰতিবেদক, ৮ জুলাই : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আহি পুখুৰী খান্দি বান সমস্যা দুৰ কৰি দেখুৱাবলৈ প্ৰত্যাহ৩ান জনালে সাংসদ গৌৰৱ গগৈয়ে৷ আজি নিতাইপুখুৰীত বন্যাৰ্তৰ খবৰ ল’বলৈ যোৱা গৌৰৱ গগৈয়ে কয়– ‘অমিত শ্বাহলৈ মোৰ বিনম্ৰ আহ্বান ৷ আপুনি অসমলৈ আহি পুখুৰী খান্দি বানপানী সমস্যা নাইকীয়া কৰি দেখুৱাই দিয়ক৷ তেতিয়াহে আমি বিশ্বাস কৰিম, বানপানী সমস্যা এনেদৰে সমাধান কৰিব পাৰি৷’ সাংসদ গৌৰৱ গগৈৰ সৈতে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈকে ধৰি ভালেসংখ্যক নেতাই বান পৰিস্থিতি পৰিদৰ্শন কৰে৷ উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বানপানী সমস্যা সমাধানৰ বাবে বৃহৎ পুখুৰী খন্দাৰ পৰামৰ্শ দিছিল৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো অমিত শ্বাহৰ পৰামৰ্শত সহমত প্ৰকাশ কৰি মন্তব্য কৰিছিল নগাঁৱৰ পৰা ব্ৰহ্মপুত্ৰৰ ডাউনষ্টিমত ব্ৰহ্মপুত্ৰৰ পানী জমা কৰিবৰ বাবে দীপৰ বিল, চাৰণ বিলৰ দৰে ৫৫টা স্থান চিনাক্ত কৰা হৈছে৷ উত্তৰ পূব স্পেচ ৰিচাৰ্ছ এজেঞ্চিৰ জৰিয়তে এই স্থানসমূহ চিনাক্ত কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কৈছিল যে অমিত শ্বাহে আচলতে পুখুৰী খন্দাৰ কথা কোৱা নাছিল বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী প্ৰাকৃতিক জলাশয়ত মজুত কৰাৰ কথাহে কৈছিল৷ মানুহে ভুল বুজিহে তেওঁৰ বক্তব্যত হাঁহিছিল৷

ডিমৌত পানীত পৰিল গৌৰৱ-দেবব্ৰত

‘আমাৰ অসম’ৰ ডিমৌৰ প্ৰতিবেদক : শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিত দেওবাৰে বান পৰিস্থিতিৰ বুজ ললে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে৷  ডিমৌ সমষ্টিৰ বকতা মৌজাৰ বৰবাম পঞ্চায়তৰ জবলাটিং, চৰাল পথাৰত বান পীড়িত অঞ্চল পৰিদৰ্শন কৰি বন্যাতৰ খবৰ লয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে৷ তেওঁ সৈতে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈয়ে বানত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰে৷ এখন টুলুঙা নাৱৰে গৌৰৱ গগৈ আৰু বিধায়ক দেৱব্ৰত শইকীয়া জবালাটিঙলৈ গৈ থাকোঁতে হঠাৎ নাৱৰ পৰা পৰি ডুব যায় সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক দেবব্ৰত শইকীয়া৷ একঁকাল পানীৰ মাজত দুয়ো জননেতা সোমাই পৰে আৰু বানৰ মাজত বহু সময় আৱদ্ধ হৈ থাকে৷ পিছত তেওঁ লোকৰ লগত যোৱা সহযোগী সকলে নাওলৈ দুয়োকে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে৷ সাংসদ গৰাকীয়ে নেমুগুৰিৰ চানবেচা, চৰালপথাৰ ম’হখুটি আদি ঠাইত বানপীড়িত সকলৰ খবৰ লয় আৰু জিলা প্ৰশাসনক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ আহ৩ান জনায়৷ তেওঁ ডিমৌ সমষ্টিৰ পানীদিহিং মৌজাৰ চেঁচা মুখ অঞ্চলত বন্যাতৰ খবৰ লয়৷ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰলৈ তেওঁ ডিমৌ সমষ্টিত প্ৰৱেশ কৰিয়েই বান পৰিস্থিতিৰ বুজ লয়৷ আজি সাংসদজনৰ সৈতে কংগ্ৰেছ দলৰ বহু সংখ্যক বিষয়ববীয়াই সংগ দিয়ে৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ডিমৌ সমষ্টিৰ বকতা মৌজাৰ বান পৰিস্থিতিৰ বুজ লয়৷ কেন্দ্ৰীয় মন্ত্ৰীজনে মটৰ চাইকেলত উঠি বকতা মৌজাৰ বাখৰ বেঙেনা পঞ্চায়তৰ বানাক্ৰান্ত সকলৰ খবৰ লয়৷ কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ সৈতে মটৰ চাইকেলত উঠি মথাউৰি ওপৰত অস্থায়ী শিবিৰত থকা বন্যাতৰ সকলক খবৰ লয়৷ পিছত তেওঁ কয় বানপীড়িত সকলক প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰীৰ লগতে খোৱা পানী, তিৰপাল যোগান ধৰা হৈছে আৰু পশুৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফোন যোগে মন্ত্ৰীজনক বকতাৰ বান পৰিস্থিতিৰ বুজ লৈছে৷ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়েও সংগ দিয়ে৷ তেওঁ বাখৰ বেঙেনা অঞ্চলৰ বান প্ৰভাৱিত গৰিষ্ঠ সংখ্যক গাঁৱলৈ গৈ ৰাইজৰ দুৰ্দশাৰ বুজ লয়৷ উল্লেখ্য যে প্ৰায় চাৰিটা দশকৰ পিছত বানপানীয়ে বকতা মৌজাত ভয়ংকৰ ৰূপ ধাৰণ কৰি জনসাধাৰণৰ যথেষ্ট ক্ষতিসাধন কৰিছে৷ বকতা মৌজাৰ নেমুগুৰি, বৰবাম, বাখৰ বেঙেনা, নঙলামৰা আদি পঞ্চায়তৰ আশী শতাংশ অঞ্চলেই বানৰ কবলত আছে৷