Logo
image

এইবোৰ ফলে গেছ, কোষ্ঠকাঠিন্য দূৰ কৰে

পেট পৰিষ্কাৰ হৈ থাকিলে শৰীৰত সহজতে কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে৷ কিয়নো পেট পৰিষ্কাৰে পাচনতন্ত্ৰক শক্তিশালী কৰি ৰাখে৷ অৱশ্যে, পাচনতন্ত্ৰ ঠিকে ৰাখিবলৈ হ’লে খাদ্যৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব৷ কিছুমান খাদ্যই হজম শক্তি বৃদ্ধি কৰে৷ আয়ুৰ্বেদ বিশেষজ্ঞ আচাৰ্য বালাকৃষ্ণৰ মতে, খোৱাৰ পাছত পৰ্যাপ্ত পানী খালে হজম শক্তি বাঢ়ে৷ যোগগুৰুজনৰ মতে গ্ৰীষ্মকালত দুপৰীয়া বা ৰাতিৰ আহাৰৰ ৩০ মিনিট পাছত আৰু শীতকালত ৪৫ মিনিট পাছতহে পানী খাব লাগে৷ তেতিয়া শৰীৰ সকলো ফালৰ পৰা ভালে থাকে৷ তেওঁ লগতে উল্লেখ কৰে যে যিকোনো খাদ্য খাই থাকোতে পানী খোৱাটো ক্ষতিকাৰক৷ খাদ্য খাই থাকোতে পানী খোৱা আৰু জ্বলি থকা জুইত পানী ঢালিলে যি প্ৰতিক্ৰিয়া হয় সেই একেই প্ৰতিক্ৰিয়া মানৱদেহৰ ক্ষেত্ৰতো হয়৷ সেয়ে খোৱাবস্তু খাই থাকোতে ভুলতো পানী নাখাব৷ কিছুমান ফল আছে যিবোৰে স্বাস্থ্যৰ অতি উপকাৰ কৰে৷ 

* অমিতা, মধুৰিআম আদিৰ দৰে ফলে পেটৰ বৰ্জ্যসমূহ দূৰ কৰাত সহায় কৰে৷ তদুপৰি এইবোৰ ফলে গেছ আৰু এচিডিটিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে৷ কোষ্ঠকাঠিন্যৰ সমস্যাও আঁতৰায় অমিতা আৰু মধুৰিআমে৷ 

* পাচনশক্তি বা পৰিপাক ক্ৰিয়া ভালে ৰখাৰ ক্ষেত্ৰত ত্ৰিফলা চূৰ্ণ খাব পাৰে৷  ত্ৰিফলা চূৰ্ণ খালীমুখে খাই পাছত পানী খালে বেছি উপকাৰ পোৱা যায়৷ ত্ৰিফলাই দেহৰ পৰা সকলোধৰণৰ টক্সিন আঁতৰ কৰাৰ লগতে উপকাৰী বেক্টেৰিয়া বৃদ্ধি কৰে৷ 

* কিছমিছ খালেও বহু উপকাৰ পোৱা যায়৷ ১৫-২০ টাকৈ কিছমিছ গাখীৰৰ সৈতে মিহলাই খালে পৰিপাক ক্ৰিয়া শক্তিশালী হয়৷ কিছমিছে এচিডিটি, গেছ আদিৰ দৰে সমস্যা হ্ৰাস কৰে৷ 

* ইছবগুল খালে শৰীৰৰ শক্তি বাঢ়ে তথা কোষ্ঠকাঠিন্য সমস্যা দূৰ হয়৷ ইছবগুল গাখীৰৰ সৈতে খালে পেট পৰিষ্কাৰ কৰাৰ লগতে দীৰ্ঘদিনীয়া পেটৰ ৰোগ নাইকিয়া হয়৷