Logo
image

বানত বিধবস্ত ৰাস্তা-ঘাট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাইঃ বৰষুণৰ পৰিমাণ কিছু কমাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ হ্ৰাস পাইছে৷ কিন্তু কমা নাই বানৰ সংহাৰ৷ ৰাজ্যৰ বিভিন্ন স্থানত শেহতীয়া বানে সৃষ্টি কৰা জটিলতা কমা নাই৷ বানত বিধবস্ত হৈ পৰে ৰাজ্যৰ বহু ৰাস্তা-ঘাট৷ বহুকেইখন জিলাত অপৰিৱৰ্তিত আছে বান পৰিস্থিতি৷ বিশেষকৈ শিৱসাগৰ, কামৰূপ, ডিব্ৰুগড়, নলবাৰী, বৰপেটা জিলাত আজিৰ তাৰিখতো বান পৰিস্থিতি জটিল হৈ আছে৷ তাৰ মাজতে তীব্ৰ খাদ্য সংকটত পৰিছে বানাক্ৰান্ত লোকে, তীব্ৰ খাদ্য সংকটত পৰিছে পশুধন৷ বানৰ ফলত গৃহহীন হোৱা বহু পৰিয়ালে আজিও আশ্ৰয় লৈ আছে মথাউৰিৰ ওপৰত৷ বানৰ ফলত ৰাজ্যৰ প্ৰায়বোৰ জিলাত বিনষ্ট হৈছে ৰাজপথ৷ বিভিন্ন স্থানত বানে দলং উটাই নিয়াৰ ফলত বান কমাৰ পাছতো নিজ গৃহলৈ যাব পৰা নাই বহু লোক৷ কামৰূপ জিলাৰ হাজোত বানে পথ ছিগি নিয়াৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷



কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত বানে ৰাষ্ট্ৰীয় ঘাইপথ বিধবস্ত কৰাত যাতায়াত প্ৰায় স্তব্ধ হৈ পৰিছে সাধাৰণ জনতাৰ৷ ফলত ৰোগীক চিকিৎসকৰ ওচৰলৈ নিয়াৰ ক্ষেত্ৰতো অভাৱনীয় সমস্যাৰ সৃষ্টি হৈছে৷ শেহতীয়া বানৰ ফলত ওদালগুৰিৰ এখন নতুন দলং ধবংস হৈছে৷ ক্ষেত্ৰীত বিনষ্ট ৰাজপথ শীঘ্ৰেই মেৰামতি কৰাৰ দাবীত ছাত্ৰ সন্থাই প্ৰতিবাদেৰে উত্তাল কৰিছে৷ ইফালে, বহু ঠাইত বানাক্ৰান্ত পশুধনৰ বাবে পশুৰ খাদ্য বিতৰণত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ কৰিছে বানাক্ৰান্তই৷ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে সদৰী কৰা মতে সোমবাৰৰ দিনত বানাক্ৰান্ত জিলা, ৰাজহ চক্ৰ আৰু গাঁৱৰ সংখ্যা হ্ৰাস পাইছে৷ প্ৰাধীকৰণৰ তথ্য মতে বানাক্ৰান্ত জিলাৰ সংখ্যা ২৭খনলৈ হ্ৰাস পাইছে৷  ৰাজ্যৰ ৯১ টা ৰাজহচক্ৰৰ অন্তৰ্গত ৩,১৫৪ খন গাঁও আজিও বানৰ কবলত৷ তাৰ বিপৰীতে সোমবাৰ পৰ্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২জনলৈ বৃদ্ধি পাইছে৷ বানে প্ৰাণ লোৱাসকলৰ ভিতৰত শিশু আৰু মহিলাও আছে৷ বানে খেতিপথাৰ নষ্ট কৰাত মূৰে-কপালে হাত দিছে লাখ লাখ কৃষকে৷ বিশেষকৈ কঠিয়া নষ্ট কৰাত বিবুধিত পৰিছে বহু কৃষক৷