Logo
image

ইলাচী খালে ৰক্তচাপ নিয়ন্ত্ৰণৰ লগতে কেইবাটাও সুফল পাব

ইলাচীত প্ৰ’টিন কাৰ্ব’হাইড্ৰেট, কলেষ্টেৰ’ল, কেল’ৰি, ফেট্‌ছ, ফাইবাৰ, নিয়াছিন, বাইব’ফ্লেভিন, পাইৰ’ডক্সিন, থিয়ামিন, ইলেক্ট্ৰ’লাইট, ছডিয়াম, পটাছিয়াম, কেলছিয়াম, ক’পাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, জিংক, ভিটামিন এ, ভিটামিন চি আদি থাকে৷ ইলাচীয়ে যিকোনো খাদ্য সুস্বাদু কৰি তোলে৷ অকল খাদ্য সুস্বাদু কৰাই নহয়, ইলাচীত আছে সুস্বাস্থ্য বজাই ৰখাৰ প্ৰচুৰ কাৰ্যকৰী গুণ৷ এটা হেলথ্‌ ৱেৱছাইটে উল্লেখ কৰা মতে ইলাচীয়ে বহু ৰোগ নিৰাময় কৰাত সহায় কৰে৷ উল্লেখ কৰা হ’ল ইলাচীৰ বিভিন্ন গুণ– 

- ইলাচীত থকা এণ্টিঅক্সিডেণ্ট উপাদানে হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে৷ কলেষ্টেৰ’লৰ মাত্ৰাও কমাই ৰাখে ইলাচীয়ে৷ উচ্ছ ৰক্তচাপৰ সমস্যাত ইলাচীয়ে মহৌষধৰ কাম কৰে৷
- শ্বাস কষ্টৰ সমস্যা হ’লে ইলাচী খাব পাৰে৷ ইলাচীয়ে চৰ্দি, কাহ, হাওঁফাওঁৰ সমস্যা তথা ৰক্ত সৰবৰাহত সমস্যা হ’লে সকাহ দিয়ে৷ ব্ৰংকাইটিছ বা শ্বাস-প্ৰশ্বাসৰ সমস্যাত ইলাচী উপকাৰী৷
- ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইলাচী অতি কাৰ্যকৰী৷ উচ্ছ ৰক্তচাপৰ সমস্যা হ’লে ইলাচী খাব পাৰে৷ এনেকুৱা সমস্যাত চুপ বা জুছৰ সৈতে ইলাচী গুড়ি কৰি খালে কম সময়ৰ ভিতৰতে ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণলৈ আহে৷ 
- ডিপ্ৰেশ্বনৰ দৰে মানসিক সমস্যা নিৰাময়ৰ ক্ষেত্ৰতো ইলাচী কাৰ্যকৰী৷ ডিপ্ৰেশ্বনত ভুগিলে চাহৰ সৈতে মিহলাই ইলাচী খাওক৷ 
- হজমৰ সমস্যাতো ইলাচীয়ে কাম কৰে৷ ইলাচীত থকা এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰি উপাদানে বিপাক সমস্যা নিৰাময় কৰে৷ তদুপৰি ই অগ্নাশয় আৰু যকৃত ভালে ৰাখে৷ পেটত জ্বলা-পোৰা ভাব হ’লে বা এচিডিটিৰ সমস্যাত ভুগিলে ইলাচী খাব পাৰে৷ 



- সঘনাই হিকটি আহিলে ইলাচী খাওক৷ ইলাচীয়ে মুহূৰ্তৰ ভিতৰতে হিকটিৰ সমস্যা নোহোৱা কৰে৷
- ভোক কম লাগিলে বা খোৱাৰ প্ৰতি অনীহা হ’লে ইলাচী খাব পাৰে৷ 
- দাঁত আৰু মুখ ভালে ৰখাত ইলাচীয়ে সহায় কৰে৷ ইলাচীত থকা এণ্টিমাইক্ৰ’বিয়াল উপাদানসমূহে দাঁতৰ মাৰি মজবুত কৰি ৰাখে৷ মুখৰ দুৰ্গন্ধ আঁতৰোৱাতো সহায় কৰে ইলাচীয়ে৷ 
- ইলাচীৰ খাদ্যগুণে কেন্সাৰৰ টিউমাৰ বা কোষসমূহৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে৷
- ইলাচীয়ে স্মৃতি শক্তি বঢ়ায়৷ ইয়াত থকা এণ্টিঅক্সিডেণ্ট উপাদানে মগজু শান্ত কৰি ৰাখে৷ দৈনিক এগিলাচ গাখীৰৰ সৈতে দুটা ইলাচী গুড়ি কৰি খালে উপকাৰ পোৱা যায়৷
- ইলাচীত থকা এণ্টিবেক্টেৰিয়েল, এণ্টিছেপ্টিক আৰু এণ্টি ইনফ্লেমেট’ৰি উপাদানসমূহে ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে৷