Logo
image

ছাগলী কিনিবলৈ ধন নাই বন বিভাগৰঃ ৰাইজৰ বৰঙণিৰে ছাগলী কিনি বাঘ ধৰিবলৈ পাতিলে পিঞ্জৰা

'আমাৰ অসম'ৰ জুৰীয়াৰ প্ৰতিবেদক, ১০ জুলাইঃ বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ প্ৰয়োজন এটা ছাগলীৰ। কিন্তু ছাগলী কিনিবলৈ ধন নাই বন বিভাগৰ। উপায়ন্তৰ হৈ ৰাইজৰ পৰা বিচাৰিলে বৰঙণি। ৰাইজেও বন বিভাগলৈ ছাগলী কিনিবলৈ আগবঢ়ালে বৰঙণি৷ বিগত এসপ্তাহে বাঘৰ আতংকত অনিদ্ৰাত আছে ধিঙৰ জেঙনীৰ ৰাইজ। অৱশেষত ৰাইজৰ ধনেৰে বিয়াগোম বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে কিনিলে এটা ছাগলী। এই ছাগলীৰে পিঞ্জৰা পাতিলে বন বিভাগে। 



উল্লেখ্য যে এসপ্তাহ পূর্বে বানপানীৰ ফলত লাওখোৱা অভয়াৰণ্যৰ পৰা বাঘটো ওলাই আহি আশ্ৰয় লৈছিল ধিঙৰ জেঙনীত। তাৰ পাছত তিনিজন লোকক আক্ৰমণ কৰি আঘাতপ্রাপ্ত কৰিছিল বাঘটোৱে। বন বিভাগে ট্ৰেঙ্কুলাইজ কৰিও আৱদ্ধ কৰিব পৰা নাছিল বাঘটো।