Logo
image

ৰাজ্যত ৬৫% দৰিদ্ৰ, বিৰোধীৰ সমালোচনা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ, ১১ জুলাইঃ যি সময়ত অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগোপাংগসকলে সততে দাবী কৰে, সেই সময়ত ৰাজ্যৰ ৬৫ শতাংশ লোকেই দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা সন্দৰ্ভত ‘আমাৰ অসম’ত প্ৰকাশিত তথ্যসমৃদ্ধ বাতৰিয়ে লৈ ৰাজ্যত আলোড়নৰ সৃষ্টি কৰিছে৷ কি ৰাজনীতিক, কি বুদ্ধিজীৱী, কি নিবন্ধকাৰ সকলো স্তম্ভিত এই তথ্যত৷ সৰৱ বিৰোধী দলৰ নেতা সকলো৷ 



ৰাজ্যত দৰিদ্ৰৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই কয়– ‘সবকা সাথ সবকা বিকাশ’ৰ কথা কৈ থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে পুঁজিপতিৰ স্বাৰ্থত কাম কৰি আহিছে৷ ৰাজ্যৰ খাটিখোৱা লোকসকল মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত৷ মুখ্যমন্ত্ৰীয়ে কৈ থাকে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখনৰূপে প্ৰতিষ্ঠা কৰাৰ কথা৷ যদি সেয়ে হয়, তেন্তে ৫ কিলোগ্ৰাম বিনামূলীয়া চাউলৰ ওপৰত ৰাজ্যৰ ৬৫ শতাংশ লোকে নিৰ্ভৰ কৰিবলগীয়া নহ’লহেঁতেন৷ চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ৩.৬৫ কোটি মানুহৰ ভিতৰত ২.৩১ কোটি মানুহ চৰকাৰী বিনামূলীয়া চাউলৰ ওপৰত নিৰ্ভৰশীল৷ নিটি আয়োগে ৯ বছৰত অসমৰ দৰিদ্ৰৰ সংখ্যা ১১ শতাংশ হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিছে৷ এই তথ্য যদি সঁচা হ’লহেঁতেন, তেন্তে ইমানসংখ্যক মানুহে বিনামূলীয়া চাউলৰ বাবে চৰকাৰৰ ওচৰত হাত নাপাতিলেহেঁতেন৷’ ইফালে, ৰাজ্যত দৰিদ্ৰৰ সংখ্যা পূৰ্বতকৈ প্ৰায় দুগুণ বৃদ্ধি পোৱাৰ তথ্যসমৃদ্ধ বাতৰি ‘আমাৰ অসম’ত প্ৰকাশ পোৱাৰ পাছত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয়– ‘অসমৰ ৩ কোটি ৫০ লাখ জনসংখ্যাৰ যদি ২ কোটি ৩২ লাখ হিতাধিকাৰী হয়, তেন্তে এয়া অসমৰ বিকাশ নে বিনাশ? কোন দিশত অসমৰ অৰ্থনৈতিক ভৱিষ্যৎ?’ বিশিষ্ট নিবন্ধকাৰ ড॰ প্ৰদ্যুম্ন গোস্বামীয়ে ‘আমাৰ অসম’ৰ বাতৰিটো ছ’চিয়েল মিডিয়াত আপলোড কৰি কয়– ‘আমি উন্নয়নৰ কথা কৈছোঁহে কৈছোঁ, প্ৰকৃত ছবিখন বেলেগ৷ ৬৫ শতাংশ লোকেই দাৰিদ্ৰ্য সীমাৰেখাৰ তলত থকাটো এখন ৰাজ্যৰ বাবে কম চিন্তনীয় বিষয় নহয়৷’