Logo
image

শৃংখলা জয় নিশ্চিত কৰাৰ লক্ষ্যৰে আজি চতুৰ্থ টি-২০ত অৱতীৰ্ণ হ’ব ভাৰত

লণ্ডন, ১৩ জুলাই : জিম্বাব’ৱেৰ বিৰুদ্ধে প্ৰথম টি-২০ত ১৩ ৰানত অপ্ৰত্যাশিত পৰাজয়ৰ পাছত শুভমন গীল নেতৃত্বধীন ভাৰতৰ যুৱ দলটো পৰৱৰ্তী দুখন খেলত জয়ী হৈ ২-ৰৰ অগ্ৰগতিত আছে৷ এতিয়া শৃংখলা জয় নিশ্চিত কৰাৰ লক্ষ্যৰে শনিবাৰৰ চতুৰ্থখন খেলত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো৷ এতিয়ালৈকে হৈ যোৱা খেলকেইখনত  জিম্বাব’ৱেক তুলনামূলকভাৱে দুৰ্বল যেন অনুমান হৈছে যদিও  শৃংখলাত অগ্ৰগতি বৃদ্ধি কৰিবলৈ হ’লে ভাৰতীয় দলটোৱেও কেতবোৰ দিশত গুৰুত্ব দিব লাগিব৷ বুধবাৰৰ তৃতীয়খন টি-২০ত ভাৰতৰ ১৮২ ৰানৰ প্ৰত্যুত্তৰত জিম্বাব’ৱেই ৩৯ ৰানতে পাঁচটা উইকেট হেৰুওৱাৰ পাছতো দলটো ছয় উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতীয় বলাৰৰ সন্মুখত যথেষ্ট দৃঢ়তা দেখুৱাইছিল ডিয়ন মেয়াৰ্ছ, ক্লাইব মাডাণ্ডে আৰু ৱেলিংটন মাছাকাডজাই৷ সেয়েহে এই দিশত ভাৰতীয় বলাৰ সতৰ্ক হ’ব লাগিব৷ ৰবীন্দ্ৰ জাদেজাই টুৱেণ্টী২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত ৱাশ্বিংটন সুন্দৰ স্পিন অলৰাউণ্ডাৰ হিচাপে টীম ইণ্ডিয়াত নিজৰ স্থান সুৰক্ষিত কৰাৰ চেষ্টা চলাই আছে৷ জিম্বাব’ৱেৰ বিৰুদ্ধে চলিত শৃংখলাটোত তেওঁ ৪.৫ ইক’নমী ৰেটেৰে ছটা উইকেট দখল কৰিছে৷ শ্ৰীলংকাৰ বিৰুদ্ধে আসন্ন সীমিত অভাৰৰ শৃংখলাটোৰ বাবে দল নিৰ্বাচন কৰাৰ সময়ত নিৰ্বাচন কমিটীৰ সন্মুখত সুন্দৰৰ নাম নি(য় আহিব৷ ইপিনে, প্ৰথম আৰু তৃতীয় টি-২০ত সফল হ’ব নোৱাৰিলেও দ্বিতীয়খন খেলত আক্ৰমণাত্মক শতকীয় ইনিংছ খেলি অভিষেক শৰ্মায়ো নিজৰ দক্ষতাৰ প্ৰমাণ দিছিল৷ ভাৰতীয় দলত নিজৰ স্থান নিগাজী কৰিবলৈ হ’লে অভিষেকে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন দেখুৱাব লাগিব৷ শীৰ্ষক্ৰমৰ বেটিঙত অধিনায়ক শুভমন গীল, যশস্বী জয়ছোৱাল আৰু ঋতুৰাজ গায়কোৱাড়ক লৈ বিশেষ চিন্তা নাই৷ কিন্তু মিডল অৰ্ডাৰত শিৱম ডুবে আৰু সঞ্জু ছেমছনৰ ওপৰত নজৰ থাকিব নিৰ্বাচকসকলৰ৷ ২০২৬ চনৰ পৰৱৰ্তী টুৱেণ্টী২০ বিশ্বকাপ অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ যুটীয়া উদ্যোগত৷ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো সাজু কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ জিম্বাব’ৱে ভ্ৰমণলৈ যোৱা ভাৰতীয় দলৰ কেইবাজনো ক্ৰিকেটাৰে বিশ্বকাপৰ দলত স্থান পাব বুলি আশা কৰিব পাৰি যদিও তেওঁলোকে সুযোগৰ সদ্ব্যৱহাৰ কৰি নিৰ্বাচকৰ আস্থা জয় কৰিব লাগিব৷ লেগ স্পিনাৰ ৰবি বিষ্ণইৰ প্ৰদৰ্শনে নি(য় টীম মেনেজমেণ্টক সন্তুষ্ট কৰিব পাৰিছে৷ এতিয়ালৈকে ছটা উইকেট দখল কৰা বিষ্ণইৰ বল খেলাত জিম্বাব’ৱেৰ বেটাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷

ইপিনে, শৃংখলাটোত জিম্বাব’ৱেৰ প্ৰদৰ্শন  সন্তোষজনক বুলি ক’ব নোৱাৰি যদিও দলটোৰ পেচ বলাৰ ব্লেছিং মুজাৰাবানি আৰু বেটাৰ ডিয়ন মেয়াছ:্ক লৈ ভাৰতীয় দল কিছু সতৰ্ক থকা প্ৰয়োজন৷ ক্ৰমাগত দুখন খেলত জয়ী হোৱাৰ পাছত ভাৰতীয় দল চতুৰ্থ টি-২০ৰ বাবে অপৰিৱৰ্তিত ৰখাৰ সম্ভাৱনা আছে যদিও পৰিৱেশ-পৰিস্থিতিলৈ চাই টীম মেনেজমেণ্টে অন্তিম সময়ত সালসলনিৰ কথা ভাবিবও পাৰে৷