Logo
image

স্মৃতিক অপমান কৰাত বাধা দি পোতক তুলিলে ৰাহুলে!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ জুলাই : আমেথিত বিজেপিৰ প্ৰাৰ্থী হিচাপে ৰাহুল গান্ধীক পৰাজিত কৰাৰ ক্ষেত্ৰত স্মৃতি ইৰাণীৰ মূল অস্ত্ৰ আছিল ৰাহুল গান্ধীক  কৰা আক্ৰমণ৷ বছৰৰ প্ৰায় প্ৰতিটো দিনতে স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক কটু শব্দৰে আক্ৰমণ কৰিছিল৷ তাৰ চোক বাঢ়িছিল নিৰ্বাচনৰ সময়ত৷ সেই অস্ত্ৰৰ সহায়ত তেওঁ ২০১৯চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীক কংগ্ৰেছৰ দূৰ্গ আমেথিত পৰাজিত কৰিছিল৷ এইবাৰো স্মৃতি ইৰাণী আৰু বিজেপিয়ে ৰাহুল গান্ধীক আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে  প্ৰৰোচিত কৰি আছিল৷  কিন্তু শেষ মুহূৰ্তত ৰণকৌশল সলনি কৰি ৰাহুল গান্ধীয়ে আমেথিত প্ৰতিদ্বন্দ্বিতা নকৰিলে আৰু তাৰ ফলত স্মৃতি ইৰাণীয়ে নিজৰ ব্ৰহ্মাস্ত ব্যৱহাৰ কৰিব নোৱাৰি পৰাজয়বৰণ কৰিলে৷ নিৰ্বাচন পাৰ হোৱাৰ পাছত এতিয়া স্মৃতি ইৰাণীক আমেথিৰ ভোটাৰে বিভিন্ন মাধ্যমত অশালীন ভাষাৰে তিৰষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ মূলতঃ আক্ৰমণকাৰী অধিকাংশই কংগ্ৰেছৰ সদস্য আৰু সমৰ্থক৷ ঘাইকৈ কংগ্ৰেছৰ সদস্য-সমৰ্থকে স্মৃতি ইৰাণীক আক্ৰমণ কৰাৰ বাবে ছ’চিয়েল মিডিয়াৰ মঞ্চ বাছি লৈছে৷ তাকে দেখি ৰাহুল গান্ধীয়ে তেওঁলোকক ক্ষান্ত হ’বলৈ আহ৩ান জনাইছে৷ ৰাহুল গান্ধীয়ে তেওঁলোকক কৈছে– ‘জীৱনত জয়-পৰাজয় থাকেই৷ মই সকলোকে স্মৃতি ইৰাণী বা অন্যান্য নেতাৰ প্ৰতি অৱমাননাকৰ ভাষা ব্যৱহাৰ নকৰিবলৈ আহ৩ান জনাইছো৷ কাৰোবাক গালি পাৰি অপমান কৰাটো শক্তিৰ পৰিচয় নহয়৷ বৰং সেয়া দুৰ্বলতাৰহে লক্ষণ৷’ ৰাহুল গান্ধীৰ এই বক্তব্যৰ পাছতে তেওঁ স্মৃতি ইৰাণীৰ বিৰুদ্ধে মিতভাষেৰে একপ্ৰকাৰ  প্ৰতিশোধ লোৱা বুলি চৰ্চা হৈছে৷ কিয়নো যি গৰাকী বিজেপিৰ অগ্নিবৰ্ষী নেত্ৰীয়ে অনৰ্গল ৰাহুল গান্ধীক অশ্লীল, অশালীন ভাষাৰে গালি পাৰি আছিল, সেইগৰাকী স্মৃতি ইৰাণীক আমেথিৰ ভোটাৰে গালি পাৰিব নালাগে বুলি আহ৩ান জনাই ৰাহুল গান্ধীয়ে ‘গান্ধীবাদী’ প্ৰক্ৰিয়াৰে পোতক তোলা বুলি ছ’চিয়েল মিডিয়াত প্ৰৱল চৰ্চা হৈছে৷ উল্লেখ কৰিব পাৰি, যেতিয়া স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক দৈনিক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, তেতিয়াও ৰাহুল গান্ধীয়ে কোনো দিনে স্মৃতি ইৰাণীক প্ৰত্যাক্ৰমণ কৰা নাছিল৷ হয়তো তেনে শব্দৰে আক্ৰমণ কৰাৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ পাৰিবাৰিক মৰ্যাদা আৰু ৰুচিবোধেও ক্ৰিয়া কৰিছিল৷ এতিয়া স্মৃতি ইৰাণীক গালি নাপাৰিবলৈ কৈ যি দৰে তেওঁ ৰুচিবোধ প্ৰদৰ্শন কৰিছে সেইদৰে পৰোক্ষভাৱে স্মৃতি ইৰাণীৰ ওপৰত পোতকো তুলিছে৷