Logo
image

ওদালগুৰিৰ পৰা নাহৰকটীয়ালৈ... কোটি কোটি টকাৰ গছপুলি অদৃশ্য

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ জুলাইঃ বিগত বৰ্ষত অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১ কোটি ১২ লাখ গছপুলি ৰোপণ কৰি ১০ টাকৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল৷ ৰাজ্য চৰকাৰে ৬ খনকৈ ব্যক্তিগত নাৰ্চাৰীৰ পৰা ২৩ কোটি টকাৰ গছপুলি ক্ৰয় কৰি অমৃত বৃক্ষ আন্দোলন সফল কৰিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষৰ ১.১২ কোটি গছপুলিৰ বিপৰীতে ৯০ শতাংশ পুলিয়েই বৰ্তমান জীয়াই থকা বুলি শুকুৰবাৰে দিছপুৰত সংবাদ মেল যোগে সদৰী কৰিছে৷ কল চেণ্টাৰৰ জৰিয়তে বৃক্ষৰোপণ কৰা আত্মসহায়ক গোটৰ মহিলা সকলক ফোন কৰি ৰোপণ কৰা গছপুলি সমূহৰ অস্তিত্বৰ সন্দৰ্ভত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই পৰিসংখ্যা লাভ কৰা বুলিও সংবাদমেলত ৰাজহুৱা কৰিছে৷ কিন্তু মুখ্যমন্ত্ৰী অমৃত বৃক্ষৰ ৯০ শতাংশ গছপুলি জীয়াই থকা বুলি দাবী কৰিলেও বাস্তৱত ক্ষেত্ৰ ভিত্তিক সমীক্ষাত  ইয়াৰ ওলোটা ছবিখনহে দেখা গৈছে৷ অমৃত বৃক্ষ আন্দোলনৰ অংশ স্বৰূপে বিগত বৰ্ষৰ ১৪ চেপ্টেম্বৰত ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডলৰ মাজবাট ফৰেষ্ট ৰেঞ্জৰ ভৈৰৱকুণ্ডত ২৪ ঘণ্টাৰ ভিতৰত ১০০ হেক্টৰৰ ভূমিত ৯ লাখ ২১ হাজাৰ ৭৩০ টা গছপুলি ৰোপণ কৰিছিল৷ একেদিনাই ৯ লাখ গছপুলি ৰোপণৰ বাবে গীনিজ ৱল্ডৰ্ ৰেকৰ্ডো গঢ়িছিল৷ কিন্তু বিশ্ব অভিলেখ গঢ়া ভৈৰৱকুণ্ডত আজিৰ দিনটোত অমৃত বৃক্ষৰ কোনো অস্তিত্ব নাই৷ ‘আমাৰ অসম’ৰ সাংবাদিকৰ চৰজমিন অনুসন্ধানত ৯ লাখ গছপুলি ৰোপণ কৰা স্থানত কেৱল ঘাঁহ আৰু বিৰিণা বনেৰে আগুৰি থকাহে পৰিলক্ষিত হয়৷ ভৈৰৱকুণ্ডত ৰোপণ কৰা প্ৰায় সকলো গছপুলিয়েই ইতিমধ্যে পতিপালনৰ অভাৱত মৃত্যু হোৱাৰ বিপৰীতে কৰ’বাত কৰ’বাত দুই-এটা পুলিৰ অস্তিত্ব দেখা পোৱা গৈছে৷ 



একেদৰে অমৃত বৃক্ষৰ আন্দোলনৰ নামত বিগত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডৰ  অন্তৰ্গত অভয়পুৰ গাঁৱত চিলিং ভূমিত থকা চাহ বাগান আৰু বাঁহৰ বাৰী উচ্ছেদ কৰি ২৫ এক ভূমিত ৩ লাখ ৫০ হাজাৰ গছপুলি ৰোপণ কৰিছিল৷ চাহ বাগান আৰু বাঁহৰ বাৰীৰ দৰে সেউজ জংঘল উচ্ছেদ কৰি গছ পুলি ৰোপণ কৰাক লৈ সেই সময়ত স্থানীয় ৰাইজে বিৰোধিতাও কৰিছিল৷ অভয়পুৰত একেদিনাই ৩.৫০ লাখ গছ পুলি ৰুই অসম চৰকাৰে মধ্য প্ৰাচ্যৰ ৰাষ্ট্ৰ তুৰ্কীয়ে গঢ়া গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিছিল৷ কিন্তু জয়পুৰ উন্নয়নখণ্ডৰ অভয়পুৰতো আজি বিশ্ব অভিলেখৰ গছৰ পুলিৰ কোনো অস্তিত্ব নাই৷ দুই-এটা পুলিহে জীয়াই থকাৰ বিপৰীতে ঘাঁহ-বননিৰ ৰঙা মাটিৰ মাজত গছপুলি ৰোপণ কৰা গাঁত কেইটাহে ওলাই আছে৷ অনুৰূপ ধৰণে মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত চেলেং লাওজান পঞ্চায়তৰ অমৃত সৰোবৰতো অমৃত বৃক্ষৰ হাজাৰ টা গছপুলি ৰোপণ কৰিছিল৷ আজিৰ দিনটোত অমৃত সৰোবৰটোত এটা গছপুলিও জীয়াই থকা নাই৷ এয়া মাত্ৰ উদাহৰণহে যদিও অধিকাংশ স্থানতেই প্ৰতিপালনৰ অভাৱত গছপুলি সমূহৰ মৃত্যু হোৱা বুলিও অভিযোগ উঠিছে৷ কিন্তু ইয়াৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষৰ ৯০ শতাংশ গছপুলিয়েই জীয়াই থকা বুলি দাবী কৰিছে৷ উপযুক্ত প্ৰতিপালনৰ অভাৱত গছপুলি মৰি যোৱাৰ অভিযোগ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কয় এইদৰে–‘মই যেতিয়া মহিলাসকলক সুধিছিলো–বাইদেউ গছপুলিবোৰ জীয়াই আছে নে নাই৷ তেওঁলোকে কৈছিল গছপুলিবোৰ জীয়াই আছে৷ প্ৰথম কথা গছপুলিবোৰ মাৰিব কোনে? আমাৰ অসমীয়া মহিলাই গছপুলিবোৰ মাৰিব নেকি? গতিকে সমস্যা হৈছে আপোনালোক সাংবাদিকক যিয়ে এই বাতৰিবোৰ যোগান ধৰে, তেওঁলোকে আমাৰ আই-মাতৃ সকলৰ ওপৰত প্ৰশ্নবোধক চিহ্ন আনি দিয়ে৷ গছপুলিবোৰ কোনো চৰকাৰী ভূমিত ৰোপণ কৰা হোৱা নাই৷ আপোনাৰ মাতৃয়ে দুডাল গছপুলি ৰোপণ কৰিছিল৷ আপোনাৰ মাক বিশ্বাস কৰিব নে? আহি থকা বাতৰিক বিশ্বাস কৰিব? যোৱাবাৰ গছপুলি ৰোপণ কৰিছে আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলাই৷ তেওঁলোক আমাৰ মাতৃৰ সমান৷ তেওঁলোকে যেতিয়া কৈছে– আমাৰ গছপুলি দুডাল জীয়াই আছে, তেতিয়া কাক বিশ্বাস কৰিব৷ যেতিয়া ‘মা’য়ে কৈ দিয়ে গছপুলি জীয়াই আছে, তেতিয়া মাৰ ওপৰত আৰু প্ৰশ্ন নহয়৷ ‘মা’ আমাৰ সমাজ জীৱনৰ সৰ্বোচ্ছ৷  যদি তেওঁ অসত্যও কৈছে, সেয়া সত্য বুলিয়েই মানিব লাগিব৷ কাৰণ মাৰ ওপৰত প্ৰশ্ন নহয়৷ ৰেঞ্জাৰৰ ওপৰত প্ৰশ্ন হ’ব, ডি এফ অ’ৰ ওপৰত প্ৰশ্ন হ’ব৷ কিন্তু গছপুলি কেইডাল আপোনাৰ ঘৰত লগোৱা হৈছে৷ কোন মাতৃয়ে ফাঁকি দিব? অমৃত বৃক্ষ আন্দোলন চৰকাৰী কেম্পাচত ৰোপণ কৰা হোৱা নাছিল, আপোনাৰ-মোৰ ঘৰতহে ৰোপণ কৰা হৈছিল৷ ঘৰত ৰোপণ কৰা গছ কোনেনো মাৰি পেলাব৷ আমাৰ অসমীয়া মানুহ ইমান নিৰ্দয় হোৱা নাই৷’ অৱশ্যে মুখ্যমন্ত্ৰীয়ে চৰকাৰী কেম্পাচত গছপুলি ৰোপণ কৰাৰ কথা অস্বীকাৰ কৰি আত্মসহায়ক গোটৰ মহিলা আৰু ৰাইজে ঘৰে ঘৰে পুলি ৰোপণৰ কথা ক’লেও ওদালগুৰিৰ ভৈৰৱকুণ্ড, নাহৰকটীয়াৰ জয়পুৰৰ অভয়পুৰ, মৰিয়নিৰ লাওজান পঞ্চায়তৰ অমৃত সৰোবৰ আদি চৰকাৰী ভূমিতহে গছপুলি ৰুইছিল৷ য’ত আজি অমৃত বৃক্ষৰ কোনো অস্তিত্ব দেখিবলৈ পোৱা নাই৷

ক’ত আছে অমৃত বৃক্ষ? মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ছাত্ৰ মুক্তিৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলনৰ নামত ৰোপণ কৰা ১ কোটি ১২ লাখ গছপুলিৰ ৯০ শতাংশ জীয়াই আছে বুলি কোৱাৰ পাছত ৯০ শতাংশ জীৱিত গছপুলি দেখুৱাই দিবলৈ মুকলি প্ৰত্যাহ্বান জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ এক সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ ছেপ্টেম্বৰ মাহত ৰোপণ কৰা ৰ কোটি ১২ লাখ গছপুলিৰ ৯০ শতাংশ জীয়াই আছে বুলি দাবী কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যক এতিয়া উভতি ধৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ উল্লেখ্য, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়াই আৰ টি আইৰ জৰিয়তে বন বিভাগৰ পৰা লাভ কৰা তথ্যৰ জৰিয়তে অমৃত বৃক্ষ আন্দোলনৰ নামত অসম চৰকাৰে ব্যক্তিগত নাৰ্চাৰীৰ জৰিয়তে উচ্ছ দৰত গছপুলি ক্ৰয় কৰি সংঘটিত কৰা কেলেংকাৰি উদঙাই দিছিল৷ গছপুলি ক্ৰয় কৰাৰ বাবদ ব্যক্তিগত নাৰ্চাৰীক আদায় দিছিল ২৩ কোটিৰো অধিক ধন৷ কেৱল ৰেকৰ্ড কৰাৰ নামতে অসম চৰকাৰে এইদৰে কোটি কোটি চৰকাৰী ধন শৰাধ কৰিছে৷ এই গছপুলি ৰোৱা আন্দোলনত গছপুলি ক্ৰয়ৰ নামতে অসম চৰকাৰে মুঠ ২৭ কোটি ৫২ লাখ টকা খৰচ কৰিলে৷ যোৱা বছৰ ৰোপণ কৰা ১ কোটি ১২ লাখ গছপুলিৰ মুখ্যমন্ত্ৰী আৰু বন বিভাগে ৯০ শতাংশ জীয়াই আছে বুলি কোৱাটো সম্পূৰ্ণ মিছা কথা বুলি সংগঠনটোৱে দাবী জনায়৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি দলে অসম চৰকাৰে যোৱা বছৰ গছপুলি ৰোপণ কৰা দুটা স্থান ক্ৰমে ওদালগুৰিৰ ভৈৰৱকুণ্ড আৰু নাহৰকটীয়াৰ অভয়পুৰত যেতিয়া পৰিদৰ্শন কৰিবলৈ গৈ সম্পূৰ্ণ হতভম্ব হৈ পৰে৷ প্ৰতিনিধি দলটোৱে গৈ দেখিলে যে ভৈৰৱকুণ্ডৰ যি স্থানত গছপুলি ৰোপণ কৰা হৈছিল সেই স্থানত ওখ ওখ বিৰিণা গছ গজি আছে আৰু অভয়পুৰ গাঁৱত কেইটামান গছপুলি অতি বেয়া অৱস্থাত জীয়াই আছে যদিও বেছিভাগত মাত্ৰ পুলি ৰোপণ কৰাৰ সময়ত পুতি দিয়া খুঁটিটোহে আছে, গছপুলি নাই৷ ৯০ শতাংশ গছপুলি জীয়াই আছে বুলি কোৱাটো গোকাট মিছা কথা৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান, আপুনি দেখুৱাই দিয়ক ক’ত জীয়াই আছে অমৃত বৃক্ষ আন্দোলনৰ নামত ৰোপণ কৰা ৯০ শতাংশ গছপুলি৷ এটা সন্মানীয় পদবীত থাকি এনে অসত্য কথা নক’বলৈ মুখ্যমন্ত্ৰীক সংগঠনটোৱে আহ৩ান জনায়৷ আৰু এইবাৰ পুনৰ গছপুলি ৰোপণৰ নাটকৰ নামত ৰাজহুৱা ধন ব্যয় নকৰিবলৈ দাবী জনায়৷ অৰণ্য মানৱ যাদৱ পায়েঙে এটকাও চৰকাৰী ধন খৰচ নকৰাকৈ ১০০ বিঘা মাটিৰ অৰণ্য গঢ়িলে আৰু চৰকাৰে ২৭.৫২ কোটি টকা খৰচ কৰিলে কেৱল ৰেকৰ্ড কৰিবৰ বাবে৷