Logo
image

কংগ্ৰেছৰ ‘দাদাগিৰি’ মানি নলয় অখিল গগৈয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুলাইঃ বিৰোধী ঐক্যমঞ্চৰ দুই শক্তিশালী দল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আৰম্ভ হৈছে মুকলি সংঘাত৷ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচন কংগ্ৰেছ দলে অকলে খেলিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ৷ কংগ্ৰেছৰ দাদাগিৰি কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি কঠোৰভাৱে সকীয়াই দিছে বিধায়ক গগৈয়ে৷



লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আসন কেন্দ্ৰীক সংঘাটৰ বাবে বিৰোধী ঐক্যমঞ্চৰ পৰা আতৰি গৈছিল আপ, তৃণমূল কংগ্ৰেছ আদি দল৷ আনকি মঞ্চৰ অন্যতম সহযোগী চি পি আই (এম)ও বৰপেটা সমষ্টিত কংগ্ৰেছৰ বিৰুদ্ধে মুকলি প্ৰতিদ্বন্দ্বিতা কৰে৷ অথচ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনলৈ বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধভাৱে অগপ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ অংগীকাৰ কৰিছিল৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই বিধানসভাৰ আগন্তুক উপনিৰ্বাচন কংগ্ৰেছ দলে অকলে খেলিব বুলি ঘোষণা কৰাৰ পাছতো অধিক ফাঁট মেলে বিৰোধী ঐক্য মঞ্চত৷ ভূপেন বৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে কয়– আমি ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনতো ত্যাগ কৰিছিলো৷ উপ নিৰ্বাচনতো ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলো৷ কিন্তু এতিয়া কংগ্ৰেছৰ যিটো দাদাগিৰি দেখা গৈছে, কংগ্ৰেছৰ যিটো উপদ্ৰব দেখা গৈছে, তাৰ পাছত আমাৰ দলৰ কৰ্মীসকলে স্পষ্টকৈ কৈ দিলে যে উপনিৰ্বাচনত পাঁচটা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিব লাগে৷ কংগ্ৰেছে যদি আমাক কয় যে তোমালোকৰ সহায়ে নালাগে, আমাৰ নিজৰ মতে খেলিম, তেতিয়াহ’লে কংগ্ৰেছৰ বাবে আমাৰ সংগঠন সদায় কিয় বেয়া কৰি থাকিম৷ তেতিয়া আমিও প্ৰাৰ্থী দিম৷ ভূপেন বৰাই কৈছে যে আই ডণ্ট কেয়াৰ৷ তাৰ মানে তেওঁ বিৰোধী পক্ষক কেয়াৰ নকৰে৷ ঐক্যমঞ্চৰ বন্ধুসকলক তেওঁ কেয়াৰ নকৰে৷ তেওঁ কাক কেয়াৰ কৰে, তেওঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে৷ এইধৰণৰ নীতিলৈ বিৰোধী পক্ষ কেতিয়াও শক্তিশালী হ’ব নোৱাৰে৷ নিজৰ ইচ্ছামতে এটা কথা নিজে বনাই লৈ নিজৰ সিদ্ধান্ত জাপি দিয়াৰ কাৰণে আমাৰ মাজত ভুল বুজাবুজি হৈছে৷ কৰবাত কংগ্ৰেছে অকলে জিকিব নোৱাৰে গতিকে আমাৰ সহায় লাগে৷ বিধানসভাত অকলে জিকিব নোৱাৰে গতিকে আমাৰ সহায় লাগে৷ আমাক খটুৱাব৷ আৰু যিসময়ত কংগ্ৰেছৰ চৰকাৰ গঠনৰ কথা আহিব তেতিয়া আমাক লাথ মাৰি দিব৷ কংগ্ৰেছৰ দাদাগিৰি কোনোপধ্যে সহ্য কৰা নহ’ব৷