Logo
image

পৰেশ বৰুৱা হাজিৰ হো...

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ জুলাইঃ বিপদত বিদ্ৰোহী সংগঠন আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা! উজনি অসমৰ ধাৰাবাহিক গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী হিচাপে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ই আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক অভিযুক্ত কৰি অভিযোগনামা দাখিলৰ পাছতেই এইবাৰ ‘নিয়া’ৰ গুৱাহাটীস্থ বিশেষ আদালতে পৰেশ বৰুৱাক সোঁ-শৰীৰে আদালতত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত ‘নিয়া’ৰ ২/২০২৪ নম্বৰৰ গোচৰটোত  পৰেশ বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ (বি)/১২১ (এ), এক্সপ্ল’ছিভ ছাবষ্টেন্সছ এক্টৰ ধাৰ ৩ আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ১৬/১৮/১৮ (এ)/১৮ (বি)/২০/৩৮ আৰু ৩৯ আৰোপ কৰা হৈছে৷ পৰেশ বৰুৱা ওৰফে কামৰুজ জামান খান ওৰফে নূৰ উজ জামানৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাত পলাতক বুলিও উল্লেখ কৰা হৈছে৷ 



সেই সূত্ৰে সমাগত ৩ আগষ্টৰ পুৱা ১০ বজাত পৰেশ বৰুৱাক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ‘নিয়া’ৰ বিশেষ আদালতে৷ একেটা গোচৰতে ‘নিয়া’ৰ বিশেষ আদালতে আলফা স্বাধীনৰ শীৰ্ষ নেতা আইচেং অসম ওৰফে ৰুমেল অসম ওৰফে অভিজিত গগৈকো অভিযুক্ত হিচাপে ১৪ আগষ্টত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে৷ তদুপৰি আলফাৰ আন দুই শীৰ্ষ নেতা অৰুণোদয় দহোটীয়া আৰু সুৰেশ গগৈকো ৩ আগষ্টত ‘নিয়া’ৰ গুৱাহাটীস্থ বিশেষ আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে৷ উল্লেখ্য, বিগত বৰ্ষৰ ছেপ্টেম্বৰ পৰা ডিচেম্বৰলৈ আলফা স্বাধীনে তিনিচুকীয়াৰ কাকপথাৰ, শিৱসাগৰ জয়সাগৰ আৰু যোৰহাটৰ লিচুবাৰীৰ সেনাৰ শিবিৰত গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰিছিল৷ এই গোচৰতে ‘নিয়া’ই তদন্ত কৰি পৰেশ বৰুৱাৰ লগতে কেইবাজনকো অভিযুক্ত ঘোষণা কৰি অভিযোগনামা দাখিল কৰিছিল৷ শেহতীয়াকৈ ‘নিয়া’ই বিগত ২৬ জুনত যোৰহাটৰ লিচুবাৰীৰ সামৰিক ষ্টেচনৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত পৰেশ বৰুৱা, আইচেং অসম, অৰুণোদয় দহোটীয়াৰ লগতে বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছিল৷ এই গোচৰটোৰ সংক্ৰান্ততে যোৰহাট আৰক্ষীয়ে তিতাবৰৰ দীপাংকৰ গগৈ নামৰ এজন যুৱকক অকথ্য শাৰিৰীক-মানসিক নিৰ্যাতন চলোৱাৰ ফলত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু দীপাংকৰ গগৈৰ নাম গ্ৰেনেড বিস্ফোৰণৰ গোচৰটোৰ ‘নিয়া’ৰ অভিযোগনামাত উল্লেখ নাছিল৷