Logo
image

ইডিৰ বৃহৎ অভিযানঃ কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ  এইবাৰ ইডিৰ জালত পৰিল কংগ্ৰেছ বিধায়ক৷ হাৰিয়ানাৰ কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰ পানৱাৰক শনিবাৰে গ্ৰেপ্তাৰ কৰে প্ৰৱৰ্তন সঞ্চালকালয়ে। অভিযোগ অনুসৰি অবৈধ খনন কার্যৰ লগত জড়িত আছিল কংগ্ৰেছী বিধায়কজন। অবৈধ খননৰ গোচৰত তদন্তকাৰী দলটোৱে বিধায়কজনক গ্ৰেপ্তাৰ কৰে৷। 



উল্লেখ্য যে বিধায়কজনৰ বিৰুদ্ধে যমুনানগৰত অবৈধ খনন কাৰ্য চলোৱাৰ অভিযোগ আছে৷ বিগত জানুৱাৰীত অবৈধ খননৰ গোচৰত তদন্তকাৰী দলটোৱে বিধায়কজনৰ বাসগৃহত তালাচী চলাইছিল। তালাচীত ইডিয়ে লাভ কৰিছিল বহু তথ্য-প্ৰমাণ। জানিব পৰা মতে ইডি ১৯ জুলাই নিশা বিধায়কজনক গ্ৰেপ্তাৰ কৰে আৰু ২০ জুলাইত তেওঁক পুত্ৰক সোধা-পোছাৰ বাবে ইডিৰ কাৰ্যালয়লৈ লৈ যায়৷ ইফালে বিধায়ক সুৰেন্দ্ৰক ইডিৰ আম্বালাৰ কাৰ্যালয়লৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে৷