Logo
image

পাইলছৰ সমস্যা থাকিলে নিয়মীয়াকৈ ওটছ খাওক

অৰ্শ বা পাইলছৰ সমস্যা হ’লে ইয়াৰ যন্ত্ৰণা অতি কষ্টদায়ক হয়৷ এই ৰোগত আক্ৰান্ত হোৱাৰ প্ৰাথমিক লক্ষণটো হৈছে কোষ্ঠকাঠিন্য হোৱা আৰু শৌচৰ সৈতে তেজ নিৰ্গত হোৱা৷ সময়মতে এই ৰোগৰ চিকিৎসা নকৰিলে এটা সময়ত ইয়াৰ পৰিণাম মাৰাত্মক হয়৷ অৱশ্যে পাইলছ বা অৰ্শৰ সমস্যা এদিনতে নহয়৷ দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্য হৈ থাকিলে, সময়মতে ইয়াৰ চিকিৎসা নকৰিলে ই পৰৱৰ্তী সময়ত অৰ্শ ৰোগ বা পাইলছৰ সৃষ্টি কৰে৷ সেয়ে কোষ্ঠকাঠিন্য হোৱাৰ লগে লগে খাদ্যাভাসত মনোযোগ দিয়া উচিত৷ নিতৌ খাদ্য তালিকাত কিছুমান খাদ্য ৰাখিলে অৰ্শ বা পাইলছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ অত্যধিক ধুমপান, দীৰ্ঘসময় শৌচ চেপি ৰখা আদি অভ্যাসে কোষ্ঠকাঠিন্যতাৰ আশংকা বঢ়ায়৷ এটা সময়ত মলৰ সৈতে তেজ নিৰ্গত হ’বলৈ আৰম্ভ কৰে৷ এনেকুৱা হ’ল কিছুমান খাদ্য এৰাই চলা উচিত৷ তদুপৰি দৈনিক এইবোৰ খাদ্য খাওক– 

 

পানীঃ অৰ্শ বা পাইলছৰ সমস্যা থাকিলে দৈনিক কমেও ৩ লিটাৰ পানী খোৱা কৰক৷ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰক৷ 

ভূচিঃ পাইলছৰ সমস্যা থাকিলে শোৱাৰ সময়ত এগিলাচ পানীত দুচামুচ ভূচি মিহলাই খাওক৷ ভূচিত পৰ্যাপ্ত পৰিমাণে ফাইবাৰ থাকে৷ ই শৌচ নৰম কৰে৷ ফলত সহজে পেট পৰিষ্কাৰ হয়৷

ৰুটিঃ পাইলছৰ সমস্যা থাকিলে ৰাতি ভাতৰ সলনি আটাৰ ৰুটি খোৱা কৰক৷ আটাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে বাবে কোষ্ঠকাঠিন্য সমস্যাক ই আঁতৰ কৰে৷ 

ওটছঃ পুৱাৰ আহাৰত আজিকালি বহুতে ওটছ খায়৷ ডায়েবেটিছ ৰোগীৰ বাবে ওটছ অতি উপকাৰী৷ পাইলছ ৰোগীৰ ক্ষেত্ৰত ওটছক মহৌষধ বুলি কোৱা হয়৷ 

ফল-পাচলিঃ নিতৌ ফলমূলৰ লগতে শাক-পাচলি খোৱা কৰক৷ এইবোৰ খাদ্য প্ৰাকৃতিকভাৱে পুষ্টিকৰ৷ ফলমূল আৰু পাচলিয়ে কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰোৱাৰ লগতে পাইলছ ৰোগীক উপকৃত কৰে৷