Logo
image

উক্তি-বক্ৰোক্তি

শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ মানি ল’ব নোৱাৰি৷ এয়া বিস্ময়কৰ!
- ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ প্ৰধান ভলকাৰ টাৰ্ক 

মোদী চৰকাৰৰ ছিষ্টেমত ইউ পি এছ চিৰ পদত্যাগী অধ্যক্ষ মনোজ ছনীৰ দৰে আৰু বহু ভদ্ৰলোক আছে৷ যিসকলৰ জৰিয়তে চৰকাৰখনে জাতীয় সংস্থাসমূহৰ চৰিত্ৰ, পৱিত্ৰতা আৰু স্বচ্ছতা নষ্ট কৰিছে৷ এনে এটা সংস্থা হৈছে ‘নীট’ পৰীক্ষা পৰিচালনা কৰা নেচনেল টেষ্টিং এজেঞ্চী৷
– কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

আমাৰ সৈতে যি আছে, আমি তেওঁলোকৰ সৈতে৷  (জো হামৰে সাথ, হম উনকে সাথ)
– পশ্চিমবংগৰ বিজেপি সভাপতি সুভেন্দু অিধকাৰী

কংগ্ৰেছৰ এটা পুৰণি বেমাৰ আছে৷ শাসনত থাকক বা নাথাকক এটা অহংকাৰ ভাব আছে৷ উপ-নিৰ্বাচন একেলগ হৈ খেলিব লাগে৷ যোৰহাট, শিৱসাগৰৰ ৰাইজে লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীক এসেকা দিছে৷ মুখ্যমন্ত্ৰীয়ে এতিয়া বেবেৰিবাং বকিছে৷ ভুল পৰিসংখ্যা দাঙি ধৰিছে৷ 
– বিধায়ক শ্বেৰমান আলী আহমেদ

এতিয়া কংগ্ৰেছৰ যিটো দাদাগিৰি দেখা গৈছে, কংগ্ৰেছৰ যিটো উপদ্ৰৱ দেখা গৈছে, তাৰ পাছত আমাৰ দলৰ কৰ্মীসকলে স্পষ্টকৈ কৈছে যে উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিব লাগে৷ ভূপেন বৰাই কৈছে যে আই ড’ণ্ট কেয়াৰ, তাৰমানে তেওঁ বিৰোধী পক্ষক কেয়াৰ নকৰে৷ ঐক্যমঞ্চৰ বন্ধুসকলক তেওঁ কেয়াৰ নকৰে৷ তেওঁ কাক কেয়াৰ কৰে? তেওঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে!
– ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ

বহুদিনৰ পৰাই মই নিৰাপত্তাহীনতাত ভুগি আছোঁ৷ এবাৰ মোৰ গুৱাহাটীৰ ঘৰ ভাঙিবলৈ চেষ্টা কৰিছিল৷ মোৰ পৰিবাৰ সন্দৰ্ভতো মন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰে৷ মোৰ ভাইটিৰ চাকৰিৰ স্থান বদলি কৰি একেৰাতিৰ ভিতৰতে যোগদান কৰোৱাইছিল৷ চতিয়াত মোক খুন্দিয়াই নাক ভাঙি দিছিল৷ মোৰ বিৰুদ্ধে কিবা এটা চলি আছিল৷ 
– প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা

অমৃত বৃক্ষ কাৰ্যসূচীত ৰোপণ কৰা ৯০ শতাংশ গছপুলিয়ে এতিয়াও জীৱিত অৱস্থাত আছে৷ 
– মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

ভাৰতৰ সংবিধানে দেশখনক ‘ইউনিয়ন অৱ ষ্টেটছ’ অৰ্থাৎ ৰাজ্যসমূহৰ সংঘ বুলি কৈ কাৰ্যতঃ ৰাজ্যসমূহৰ অস্তিত্ব, সংস্কৃতি আৰু স্ব-শাসনক স্বীকৃতি দিয়াৰ লগতে ৰাজ্যভিত্তিক আঞ্চলিক ৰাজনীতিক উৎসাহিত কৰিছে৷ সেয়েহে আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব আমাৰ দেশত অপৰিসীম৷ 
– অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

জলসিঞ্চন বিভাগৰ শিৱসাগৰ-থাউৰা সংমণ্ডলত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী৷ কাম নকৰাকৈয়ে ৰবী লাভানিয়া আৰু ৰফিজুল হকৰ ঠিকাদাৰী প্ৰতিষ্ঠানে ৰাজকোষৰ পৰা উলিয়াই নিলে ২৩ কোটি টকা৷ কিন্তু সকলো জানি-শুনিও মৌনব্ৰত ধাৰণ কৰিছে জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে৷
– বিৰোধী দলপতি দেৱব্ৰত শইকীয়া