Logo
image

তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ৩২ লাখৰ আৱেদন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ জুলাইঃ ৰাজ্যত এতিয়া যেন নিবনুৱাৰ বিস্ফোৰণ আৰম্ভ হৈছে৷ অবিশ্বাস্য যেন লাগিলেও ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৪ হাজাৰ খালী পদৰ বিপৰীতে নিযুক্তি আয়োগে লাভ কৰিছে সৰ্বমুঠ ৩২,৩৬,৪১৬খন আৱেদন৷ তৃতীয়-চতুৰ্থ বৰ্গৰ মুঠ ৫টা শ্ৰেণীৰ ১৪ হাজাৰ খালী পদৰ বিপৰীতে ৩২ লাখ আৱেদন জমা হোৱা ঘটনাই ৰাজ্যৰ নিবনুৱা সমস্যাৰ বাস্তৱ স্বৰূপটোকে যেন উন্মোচন কৰিছে৷ কিদৰে ৰাজ্যৰ লাখ লাখ নিবনুৱাই এটা চৰকাৰী চাকৰিৰ আশাত তাঁতবাতি কাঢ়িবলগীয়া হৈছে তাৰো যেন উদ্বেগজনক ছবিখন প্ৰকাশ হৈছে৷ ১৪ হাজাৰ পদৰ বাবে ৩২ লাখ আৱেদন জমা হোৱা বিষয়টোৱে অনাগত দিনত নিবনুৱা সমস্যাই ৰাজ্যত যেন ভয়ংকৰ ৰূপ ল’ব সেই আশংকাৰ পূৰ্ণ ইংগিত বহন কৰিছে৷ নিযুক্তি পৰীক্ষা পৰিচালনাৰ দায়িত্ব লাভ কৰা ছেবাই প্ৰকাশ কৰা তথ্য অনুসৰি ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ শ্ৰেণী শিক্ষাগত অৰ্হতাৰ তৃতীয় বৰ্গৰ পদৰ বিপৰীতে সৰ্বাধিক ১১,২৩,২০৪জন প্ৰাৰ্থীয়ে আবেদন কৰিছে৷ 



একেদৰে ২৯ ছেপ্টেম্বৰৰ আগবেলা অনুষ্ঠিত হ’বলগীয়া স্নাতক পৰ্যায়ৰ পদৰ বাবে ৫,২৯,৯৮৯জন প্ৰাৰ্থীয়ে আৱেদন কৰিছে৷ একেটা দিনতে পিছবেলা অনুষ্ঠিত হ’বলগীয়া গাড়ী চালকৰ পদৰ বিপৰীতে আৱেদন কৰিছে ২,০৪,০৯১জন প্ৰাৰ্থীয়ে৷ আনহাতে, ২৭ অক্টোবৰৰ আগবেলা অনুষ্ঠিত হ’বলগীয়া দশম শ্ৰেণী উত্তীৰ্ণ পৰ্যায়ৰ খালী পদৰ বাবে সৰ্বাধিক ৮,২৭,১৩০জন প্ৰাৰ্থী আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণ পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পদৰ বিপৰীতে ৫,৫২,০০২জন প্ৰাৰ্থীয়ে আৱেদন জনাইছে৷ ইতিমধ্যে ছেবাই পৰীক্ষা পৰিচালনাৰ বাবে জিলা উপায়ুক্তসকলক পৰীক্ষাকেন্দ্ৰৰ সুব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে৷ সেই অনুসৰি প্ৰতিটো পৰীক্ষাকেন্দ্ৰত ন্যূনতম ২৫০জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব পাৰিব লাগিব৷ 

তদুপৰি এখন বেঞ্চত ৩জনকৈ প্ৰাৰ্থী বহিব পৰাকৈ পৰীক্ষাকেন্দ্ৰ সাজু কৰাৰ বাবেও কোৱা হৈছে৷ লক্ষণীয় বিষয়টো হৈছে ১৪ হাজাৰ খালী পদৰ বিপৰীতে ৩২ লাখ আৱেদন জমা হ’লেও একাংশ প্ৰাৰ্থীয়ে শৈক্ষিক অৰ্হতাৰ ভিত্তিত সৰ্বাধিক তিনিটা পদতো আৱেদন কৰিছে৷ সেই সূত্ৰে তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বিপৰীতে প্ৰাৰ্থীৰ প্ৰকৃত সংখ্যাগত হিচাপত সৰ্বমুঠ প্ৰায় ১৮ লাখ নিবনুৱাই আবেদন কৰা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল৷ অৱশ্যে, নিয়োগ বিনিময় কেন্দ্ৰৰ অনলাইন পঞ্জীয়নৰ সুযোগ লৈ বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ লগতে প্ৰকৃত শিক্ষাগত অৰ্হতা লুকুৱাই একাংশ উচ্ছশিক্ষিত প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ পদৰ উপৰি চালকৰ পদতো আৱেদন কৰাৰ অভিযোগ উঠিছে৷ কিয়নো বিগত নিযুক্তিত অষ্টম শ্ৰেণী উত্তীৰ্ণপৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পদত স্নাতক-স্নাতকোত্তৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি লাভ কৰাৰ লগতে গাড়ী চালকৰ পদৰ বিপৰীতে অভিযান্ত্ৰিক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱাই বাছনি লাভ কৰা বুলি খোদ চৰকাৰী গাড়ী চালক সন্থাই অভিযোগ কৰিছিল৷