Logo
image

হঠাৎ আক্ৰমণাত্মক গৌৰৱ গগৈঃ উন্নয়নলৈ পিঠি দি হিন্দু-মুছলমান ৰাজনীতি মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুলাইঃ ৰাজ্যখনৰ সমস্যা, উন্নয়নলৈ পিঠি দি কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নিৰ্বাচনৰ সময়ত ধিঙত নাচি-বাগি থকা মুখ্যমন্ত্ৰী শৰ্মাই তেতিয়া জনসংখ্যাৰ কথা নক’লে কিয়? তেতিয়া তেওঁৰ জীৱনৰ সুৰক্ষাৰ কথা আছিল নে চকীখনৰ সুৰক্ষাৰ কথা আছিল? কংগ্ৰেছৰ ৰণকৌশল দেখি শংকিত হৈ পৰা মুখ্যমন্ত্ৰী শৰ্মাই এতিয়া শেষ আশ্ৰয় হিচাপে লৈছে হিন্দু-মুছলমানৰ ৰাজনীতিক৷ এই ভাষ্য কংগ্ৰেছৰ জনপ্ৰিয় নেতা গৌৰৱ গগৈৰ৷ 

শনিবাৰে গুৱাহাটীৰ বাসভৱনত সংবাদমেল আয়োজন কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয়– বিজেপিয়ে সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈ কাম কৰি আছে৷ কথাই প্ৰতি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অসমৰ বিধানসভা নিৰ্বাচনলৈ ডেৰ বছৰ আছে৷ এই ডেৰ বছৰ আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত হিন্দু-মুছলিমৰ কথাই শুনি থাকিব৷ যদি যুৱকসকলে কয় আমাক সংস্থাপন দিয়ক, মুখ্যমন্ত্ৰীয়ে কয় হিন্দু-মুছলিম৷ মেডিকেলৰ আশাকৰ্মীসকলে যদি কয় আমাক দৰমহা দিয়ক, তেতিয়াও মুখ্যমন্ত্ৰীয়ে কয় হিন্দু-মুছলিমৰ কথা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ হিন্দু-মুছলিম ৰাজনীতি কৰি বিফল হ’ল৷ অসমতো হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু-মুছলিমৰ ৰাজনীতি বিফল হ’ব৷’ ডেৰ বছৰৰ পিচত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই এনে সাম্প্ৰদায়িক মন্তব্যৰ আশ্ৰয় লৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৈ যোৱা লোকসভা নিৰ্বাচনত কৰা সাম্প্ৰদায়িক আচৰণৰ কথাও গগৈয়ে নিজৰ বক্তব্যত উল্লেখ কৰে৷ 



তেওঁ কয়– ‘প্ৰধানমন্ত্ৰী মোদীয়ে ইস্তাহাৰ আৰু মংগলসূত্ৰক লৈ বেয়া ৰাজনীতিৰ কথা কৈছিল৷ সেয়াও এইবাৰ বিফল হ’ল৷ অসমতো বিফল হ’ব হিমন্ত বিশ্ব শৰ্মা৷ অসমৰ বানপানী, গৰাখহনীয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ১ লাখ কোটি টকা দিয়াৰ দাবী তোলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে আৰু কয়– ‘অসমলৈ এছডিআৰএফ আহে, পেকেজ ঘোষণা কৰে৷ যিমানখিনি পইচা দিয়ে আমি সেইবোৰ ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰো৷ মই মাজুলীলৈ গৈছোঁ, গৈ গম পালোঁ বহু সৰু-সুৰা কামহে হৈছে৷ বহু পইণ্টত সৰু কাম হয় যাৰ বাবে বাৰে বাৰে মেৰামতি কৰিব লাগে৷ অসমৰ বানপানী, গৰাখহনীয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৰ লাখ কোটি টকা দিয়াৰ দাবী তোলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ সমান্তৰালভাৱে সাংসদগৰাকীয়ে বৰ্তমান চৰকাৰখন বিভিন্ন ক্ষেত্ৰত বিফল হোৱাৰ মূল কাৰণ সন্দৰ্ভত ক’বলৈ গৈ কয়– ‘কেন্দ্ৰৰ পৰা যি আঁচনি লাগে সেইবোৰ অনাত চৰকাৰ ব্যৰ্থ৷ গৰাখহনীয়া সন্দৰ্ভত ভাল আঁচনি ল’ব লাগে৷ ১ লাখ কোটি টকা কেৱল বুলেট ট্ৰেইনৰ বাবে খৰচ কৰিব পাৰে অসমৰ বাবে কিয় নোৱাৰে? অসমৰ বানপানী, গৰখহনীয়াৰ বাবে ৰ লাখ কোটি টকা দিয়ক কেন্দ্ৰীয় চৰকাৰে৷ বানপানীৰ পিছত কিছু ৰাস্তা বেয়া হৈছে৷ ৰাজ্যখনত এতিয়া বিভিন্ন ছিণ্ডিকেট চলি আছে৷ বালি, শিল, কয়লা আদিত চলিছে বৃহৎ ছিণ্ডিকেট৷ বহু লোকৰ ডাম্পাৰ ব্যৱহৃত হৈ আছে এই চক্ৰৰ সৈতে৷ এইসকলৰ কোনোবা মন্ত্ৰী-বিধায়কৰ সৈতে সু-সম্পৰ্ক আছে আৰু যাৰ ফলত যিকোনো পথত অবাধে বৃহৎ বৃহৎ ডাম্পাৰ চলাচল কৰাৰ ফলত পথবোৰ বেয়া হৈছে৷ চৰকাৰখন অসমৰ বাবে, ৰাইজৰ চৰকাৰ হ’ব লাগে৷’ 

ইফালে, ৰাজ্যৰ কেইবাখনো চহৰত সৃষ্টি হোৱা কৃত্ৰিম বানপানী প্ৰসংগত কয়– ‘যোৰহাটত ৫০ বছৰত এনেকুৱা পানী দেখা নাই৷ লোকনিৰ্মাণ, পৌৰ বিভাগ ব্যৰ্থ হৈছে, যাৰ বাবে পানী হৈছে৷ গুৱাহাটী, যোৰহাট স্মাৰ্ট চিটী হোৱা দূৰৈৰ কথা, মোৰ সন্দেহ চিটী হৈ থাকিবনে নাই৷ যোৰহাটবাসীৰ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিম৷ অহা বাজেট অধিৱেশনৰ পূৰ্বে ৰাজ্য চৰকাৰে বানপানীৰ পুঁজি আবণ্টনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক কি তথ্য অৱগত কৰাইছে? সেয়া জানিব বিচাৰো৷ এছডিআৰএফৰ পৰা অহা পুঁজিৰ কিয় সৎ ব্যৱহাৰ নহয়?’ তেওঁ আৰু কয়– অতি কম বয়সতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্মৃতিভ্ৰংশ ৰোগত ভুগিছে৷ বয়স হ’লে এনেধৰণৰ বেমাৰ হয়৷ অসমৰ মুখ্যমন্ত্ৰীৰো কম বয়সতে ঠিক একেই বেমাৰ হৈছে৷ মুখ্যমন্ত্ৰীৰ ধৰ্মৰ ৰাজনীতি বিফল হ’ব৷ বিশেষকৈ নিৰ্বাচনত বিজেপি সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ এয়া এক উদাৰহণ৷’