Logo
image

‘কা’ বিক্ষোভত নিহত ৫জনৰ সন্দৰ্ভত মানৱ অধিকাৰৰ তদন্ত দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুলাইঃ ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদক লৈ সৰৱ হৈ পৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ৷ উক্ত ঘটনা সন্দৰ্ভত তদন্ত বিচাৰি ৰাষ্ট˜ীয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে সাংসদ গগৈয়ে৷ পত্ৰখনত সাংসদজনে কয়– নাগৰিকত্ব সংশোধনী আইন (কা) গৃহীত হোৱাৰ পাছতে ‘কা’বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ৰাজপথলৈ ওলাই অহা লোকক নিৰ্বিচাৰে গুলী চলাই হত্যা কৰা ঘটনা সন্দৰ্ভত এইখন মোৰ দ্বিতীয় চিঠি৷ সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল৷ 



অসমৰ জনতাই ‘কা’ৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিছিল৷ এই আইনখনে অসম চুক্তি ভংগ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থহীন কৰিলে৷ এই আন্দোলনৰ সমৰ্থনত ওলাই অহা নিৰীহ লোকৰ ওপৰত বৰ্বৰোচিতভাৱে গুলীচালনা কৰাৰ ফলত ছেম ষ্টেফৰ্ড, দীপাঞ্জল দাস, আব্দুল আলিম, ঈশ্বৰ নায়ক আৰু দ্বিজেন্দ্ৰ পাংগিঙে মৃত্যুবৰণ কৰিবলগীয়া হ’ল৷ ১৭ বছৰীয়া ছেম ষ্টেফৰ্ডৰ পৰিয়ালে অভিযোগ কৰিছে যে ছেমক নিচেই ওচৰৰ পৰা মূৰত গুলীয়াই হত্যা কৰা হৈছে৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে এই ঘটনাৰ চাৰি বছৰ পাছতো জগৰীয়া কোন  বিচাৰ নহ’ল৷ মোৰ আহ্বান–এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত কি পৰ্যায়ত আছে সেই সন্দৰ্ভত অৱগত কৰোৱাৰ লগতে ৰাজ্যখনৰ কৰ্তৃপক্ষক উক্ত ঘটনা সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণ কৰক৷