Logo
image

আদালতত কন্যাশিশুৱে বৰ্ণনা দিলে সংগীতা-ৱালিউলৰ বিকৃত কাণ্ডৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ জুলাইঃ চেলিব্ৰিটী চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিকৃত মানসিকতাৰ অৱশেষত আদালতত বৰ্ণনা দিলে কণমানি ভুক্তভোগী কন্যা শিশুটিয়ে৷ অবৈধভাৱে ‘দত্তক’ লৈ দুটিকৈ দেৱতুল্য শিশুক পিতৃ-মাতৃৰ মৰম দিয়াৰ চলেৰে যৌন উৎপীড়নৰ দৰে ঘৃণনীয় কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত বিগত বৰ্ষৰ মে’ মাহত গুৱাহাটী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল হাইপ্ৰ’ফাইল চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলাম৷ ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ সেই ঘৃণনীয় কাৰ্যৰ শনিবাৰে কামৰূপ মহানগৰ জিলাৰ পক্‌ছ’ বিশেষ আদালতৰ বিচাৰপতিৰ সন্মুখত সাক্ষ্য দিলে ভুক্তভোগী কন্যা শিশুটিয়ে৷ শিশুটিৰ মুখত যৌন উৎপীড়নৰ বৰ্ণনা শুনি খোদ স্তম্ভিত হৈ পৰে ন্যায়াধীশো৷ উল্লেখ্য, আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা দেৱশিশু দুটিৰ প্ৰথমে কন্যা শিশুটিক প্ৰখৰ ৰ’দৰ মাজতো ঘৰৰ চাদত চৰীয়ে বান্ধি থোৱা অৱস্থাত পল্টন বজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল৷ 



এই ঘটনাত প্ৰথমে ডাঃ ৱালিউল ইছলাম আৰু পাছত আত্মগোপনৰ স্থানৰ পৰা ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে পাছত ল’ৰা শিশুটিকো উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ পাছতেই দুয়োটা শিশুৰ ওপৰত যৌন উৎপীড়ন চলোৱাৰ ভয়ংকৰ প্ৰমাণ লাভ কৰিছিল৷ একেটা গোচৰতে চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা দুগৰাকী মহিলা আৰু শিশু দুটি যোগান ধৰা উৎপলা বসু নামৰ এজনী দালালক গ্ৰেপ্তাৰ কৰিছিল৷ যৌন উৎপীড়ন চলোৱাৰ অভিযোগত চিকিৎসক দম্পতীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগনামাৰ ভিত্তিত বিশেষ আদালতে পক্‌ছ’- আইনৰ ৬ ধাৰাত চাৰ্জ ফ্ৰেম কৰিছিল৷ অভিযুক্ত দম্পতীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(ক) ধাৰাৰ লগতে জুভেনাইল এক্টৰ কেইবাটাও ধাৰা আৰোপ কৰিছিল৷ ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াৰ অংশ স্বৰূপে অৱশেষত শনিবাৰে ভুক্তভোগী কন্যা শিশুটিৰ সাক্ষ্য গ্ৰহণ কৰে কামৰূপ মহানগৰ জিলাৰ পকছ’ বিশেষ আদালতে৷ শনিবাৰে পুৱা ১০.৩০ বজাত এগৰাকী আই পি এছ বিষয়াৰ নেতৃত্বত শিশু কল্যাণ গৃহৰ পৰা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত শিশুটিক আদালতলৈ লৈ অনা হয়৷ ইয়াৰ পাছতেই শিশুটিক ন্যায়াধীশৰ কোঠাত বহোৱাই চীপছ-চকলেট উপহাৰ দি পুতলাৰ সৈতে খেলিবলৈ দি এটা ঘৰুৱা পৰিৱেশৰ সৃষ্টি কৰা হয়৷ যাতে আদালতৰ কক্ষত ভয় খাই শিশুটিয়ে ভাষ্য প্ৰদানত কোনো বাধাৰ সৃষ্টি নহয়৷ ইয়াৰ বাবে আদালতৰ কক্ষত সাধাৰণ লোকৰ প্ৰৱেস বন্ধ কৰি দিয়া হয়৷ ঘটনাটো যিহেতু এবছৰ সময় অতিক্ৰম কৰাত শিশুটিয়ে অতীতৰ কথাবোৰ পাহৰি যাব পাৰে বুলি আশংকা কৰা হৈছিল যদিও ন্যায়াধীশে মৰমেৰে এটা এটাকৈ সুধি যোৱা প্ৰশ্নৰ প্ৰতিটোৱে উত্তৰ প্ৰদান কৰে৷ 

কিদৰে মাতৃৰূপী ডাঃ সংগীতা দত্ত আৰু পিতৃৰূপী ডাঃ ৱালিউল ইছলামে দেহৰ গোপন অংগত গৰম ইষ্ট্ৰি লগাই পৈশাচিক উৎপীড়ন চলাইছিল তাৰো শিহৰণকাৰী বৰ্ণনা দিয়ে৷ কণমানি শিশুটিয়ে এনে কেতবোৰ বৰ্ণনা দিয়ে যে যিবোৰ শুনি ন্যায়াধীশো স্তম্ভিত হৈ পৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে ল’ৰা শিশুটি অন্য এটা বাৰত সাক্ষ্য গ্ৰহণ কৰিব পক্‌ছ’ বিশেষ আদালতে৷ পক্‌ছ’ আইনৰ ৬ ধাৰাত যদি চিকিৎসক দম্পতী দোষী সাব্যস্ত হয়, তেনেহ’লে যাৱজ্জীৱন কাৰাদণ্ডৰ নাইবা ২০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে৷ অৱশ্যে বৰ্তমানেও গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে আছে চিকিৎসক দম্পতী৷