Logo
image

ডাঙৰ পৰ্দাত আলোড়ন বিদুৰভাই

‘বিদুৰভাই’ শীৰ্ষক বহুচৰ্চিত ব্যংগাত্মক হাস্যমধুৰ চলচ্ছিত্ৰখনে অৱশেষত ৰাজ্যজুৰি মুক্তি লাভ কৰে৷ ইয়াৰ লগে লগে চলচ্ছিত্ৰখন দেশৰ আন চহৰসমূহতো মুক্তি পাব বুলি আশা কৰা হৈছে৷ ক’ভিড কালত লকডাউনৰ সময়তে ৰুটষ্টক এণ্টাৰটেইনমেণ্টৰ দ্বাৰা নিবেদিত অৰ্ণৱ হাজৰিকা প্ৰযোজিত হাস্যমধুৰ ‘বিদুৰভাই’ ৱেব ছিৰিজটো এইবাৰ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্ছিত্ৰ হিচাপে নিৰ্মাণ কৰা হৈছে৷ 



‘শ্ৰীৰঘুপতি’ ছবিখনৰ যোগেদি ৰাইজৰ মৰম-আশীষ বুটলিবলৈ সক্ষম হোৱা যুৱ-পৰিচালক সুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত দ্বিতীয়খন ছবি ‘বিদুৰভাই’ ১৯ জুলাইত চিত্ৰগৃহত মুক্তি লাভ কৰে৷ ছবিখন ইতিমধ্যে ৰাজ্যৰ  প্ৰায়সংখ্যক চিত্ৰগৃহতে চলি আছে আৰু দৰ্শকে আদৰি লৈছে৷  বিদুৰভাই ছবিখনত অভিনয়ত আছে– চুমকি কছাৰী, পংকজ মহন্ত, অসীম শৰ্মা, নিতু খনিকৰ, ত্ৰৈলোক্য বৰুৱা, উজ্জ্বল ৰাজখোৱা, ৰাজীৱ দেউৰী, হীৰকজ্যোতি বৰদলৈ, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, আছিভ জাভেদ, দীপমণি খাটনিয়াৰ, ধ্ৰুৱ কটকী আদিয়ে৷ ছবিখনৰ কাহিনী সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ৷ চিত্ৰনাট্য সংলাপ সুব্ৰত কাকতিৰ৷ সহ- পৰিচালনা হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়াৰ৷ সংগীত পৰিচালনা প্ৰণয় দত্তৰ৷ চিত্ৰগ্ৰহণ কৰিছে বিতুল দাস, সহযোগী উত্তম কলিতা৷ ৰূপসজ্জা– বিজেইতা পাটগিৰিৰ৷ সাজসজ্জা- জুৰি কলিতাৰ৷ 

চলচ্ছিত্ৰখনৰ পৰিচালক সুব্ৰত কাকতিয়ে কয়–  ‘বিদুৰভাই’ক বৃহৎ পৰ্দালৈ আনি আমি যথেষ্ট সুখী হৈছোঁ৷ কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ৷ মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই ‘বিদুৰভাই’ আজি বৃহৎ পৰ্দালৈ আহিবলৈ সক্ষম হৈছে৷ ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ মোৰ আৰু বিদুৰভাইৰ গোটেই দলটোৰ বাবে এটি সপোনৰ সাৰ্থকতাতকৈয়ো অধিক৷ ৰুটষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত অৰ্ণৱ হাজৰিকাই এই হাস্যমধুৰ ছবিখন প্ৰযোজনা কৰিছে৷