Logo
image

তেওঁলোকক আমি কি শিকাইছো

এখন ৰাষ্ট্ৰ বা এখন ৰাজ্যৰ সামগ্ৰীক কল্যাণৰ হেতুকে নিবাৰ্চিত চৰকাৰে গ্ৰহণ কৰে বিভিন্ন আঁচনি আৰু আঁচনিৰ ৰূপায়ণৰ দায়িত্ব পালন কৰে জনপ্ৰতিনিধি তথা বিষয়া কৰ্মচাৰীসকলে৷ স্বাধীনতাৰ পিছৰ পৰা মানৱ সম্পদৰ বিকাশৰ অৰ্থে বহুতো বিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন কৰা হ’ল৷ অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰা দৰিদ্ৰসকলৰ স্বাৰ্থত ৰাজহুৱা সভাত সৰৱ হোৱা বহুতো নেতাক আমি জনপ্ৰতিনিধিৰ আসনত বহুৱালো৷ শৃংখলিত সমাজ স্থাপনৰ অৰ্থে অনেক আইন- কানুনৰ আগমন ঘটিল৷ একালত চাকিৰ পোহৰত জ্ঞানৰ সন্ধান কৰা কণ কণ শিশুবোৰে আজি বিজুলি চাকিৰ তলত মোবাইলৰ বুকুত জ্ঞানৰ সন্ধান কৰিব পৰা হ’ল৷ মুঠতে আজিৰ পৃথিৱীখন সম্পূৰ্ণ সলনি হ’ল৷ পৰিৱৰ্তনৰ এই নিৰবিচিন্ন ধাৰাৰ মাজত নৱপ্ৰজন্মৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাখিনি ৰূপায়ণত আমি জানো সফল হৈছো?

কিছুদিন পূৰ্বে সৰ্বভাৰতীয় পযাৰ্য়ৰ নীটত প্ৰশ্নকাকত ফাদিল হ’ল৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নেট পৰীক্ষাতো হোৱা বিসংগতিৰ হেতুকে পৰীক্ষা বাতিল কৰা হ’ল৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কঠিন পৰীক্ষাৰ মাজতো ভুৱা নথিৰে সফলতাৰ পৰিচয় দিব পৰা হ’ল একাংশ প্ৰাৰ্থীয়ে৷ প্ৰতিযোগিতাৰ নামত এচাম ব্যক্তিৰ কু-প্ৰয়াসে কলুষিত কৰিছে ভাৰতৰ শিক্ষা ব্যৱস্থা৷ প্ৰশ্নটো হৈছে সমাজৰ মাজত থাকি গোপনে সংঘটিত কৰা এনেবোৰ কৰ্মৰ দ্বাৰা এচাম ধুৰন্ধৰ নাগৰিকে কি শিক্ষা দিছে নৱ-প্ৰজন্মক৷ অসমৰ শিক্ষাব্যৱস্থাত স’ততে সংঘটিত প্ৰশ্নকাকত ফাদিল কাৰ্যবোৰত কোন জড়িত আছিল বুলি প্ৰশ্ন কৰিলে উত্তৰত পোৱা যায় এচাম শিক্ষিত নাগৰিকক৷ প্ৰকৃততে ভাৰত কিম্বা অসমত নৱপ্ৰজন্মৰ মনত আঘাট দিয়া কৰ্মবোৰ সংঘটিত কৰি আহিছে শিক্ষিত নাগৰিকসকলেই৷ প্ৰতিযোগিতাৰ নামত চলা যুদ্ধবোৰত প্ৰতিটো ক্ষণতে থাকে নিজকে সুৰক্ষিত কৰাৰ প্ৰয়াস৷ চতুৰ্থ বৰ্গৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদলৈকে নিযুক্তিৰ প্ৰয়াসত থাকে এচাম তথাকথিত ধুৰন্ধৰ পণ্ডিতৰ কু-চক্ৰান্ত৷ কিছুদিন পূৰ্বে অন্ধপ্ৰদেশত ৰাজ্য চৰকাৰে চৌধ্যখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত নিযুক্তি দিলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক৷ উপাচাৰ্য পদত নিযুক্তি পাবলৈ অভাৱ নাছিল শিক্ষিত ব্যক্তিৰ কিন্তু পণ্ডিতৰ মাজত চলা প্ৰতিযোগিতাখনত প্ৰত্যক্ষ কৰা কৰ্ম-কাণ্ডই অন্ধপ্ৰদেশ চৰকাৰক বাধ্য কৰাইছিল তেনে সিদ্ধান্ত গ্ৰহণত৷ অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহতো ইতিমধ্যে বহিঃৰাজ্যৰ ব্যক্তি আহি গ্ৰহণ কৰিছে উপাচাৰ্যৰ পদ৷ অসমৰ সংস্কৃতি, অসমৰ ইতিহাসৰ নিম্নতম জ্ঞান নথকা পণ্ডিতে পৰিচালনা কৰিছে অসমৰ বিশ্ববিদ্যালয়৷

গুৰুত্বপূৰ্ণ কথাটো হৈছে বৰ্তমান অসমত উচ্ছ পদত নিযুক্তি প্ৰক্ৰিয়াত সম্পূৰ্ণৰূপে অৱহেলা কৰা হয় দক্ষতা, জ্ঞানৰ বিশ্লেষণ৷ ৰাজ্যৰ প্ৰশাসনিক মুৰব্বীৰ ঘনিষ্ঠ ব্যক্তি নহ’লে যেন প্ৰতিযোগিতাত নামিব নোৱাৰে দক্ষ ব্যক্তিয়ে৷ প্ৰতিটো উচ্ছ পদৰ নিযুক্তিৰ পিছতে পোহৰলৈ আহে ব্যক্তিজনৰ মুখ্যমন্ত্ৰী কিম্বা শিক্ষামন্ত্ৰীৰ ব্যক্তিগত ঘনিষ্ঠতাৰ বাৰ্তা৷ অভিযোগৰ আঙুলি অকল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদতেই সীমাবদ্ধ নহয়, বৰং মহাবিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্তিত ৰাজনৈতিক হস্তক্ষেপৰ অনেক উদাহৰণ দেখা পোৱা যায়৷ মন্ত্ৰীৰ ভাগিনিয়েক হোৱা হেতুকেই নিম্নতম দক্ষতা নথকা ব্যক্তিকো অধ্যক্ষৰ আসনত বহুৱাই ৰাজ্যৰ শিক্ষাবিভাগে৷ এনেবোৰ ক্ষেত্ৰত চৰকাৰতকৈ অধিক দায়ী নিবাৰ্চন কমিটীত থকা আমাৰ শিক্ষিত পণ্ডিতসকল৷ চৰকাৰৰ মন্ত্ৰীৰ ওচৰত হয় হজুৰ ভাৱত থকা নিবাৰ্চনী সমিতিৰ সভাপতি কিম্বা আন সদস্যসকলে নিজৰ গোপন স্বাৰ্থ পূৰণৰ অৰ্থে বিনাদ্বিধাই প্ৰত্যাখ্যান কৰে দক্ষ প্ৰাৰ্থীক আৰু নিযুক্তিৰ বাবে অনুমোদন দিয়ে অদক্ষ প্ৰাৰ্থীক৷

এনেবোৰ কৰ্মকাণ্ডই প্ৰকৃততে প্ৰমাণ কৰিছে যে সমাজত প্ৰায়বিলাক অনিয়ম,  দুৰ্নীতিত লিপ্ত আমাৰ শিক্ষিত নাগৰিকসকল৷ নৱপ্ৰজন্মক আমি স’ততে উপদেশ দিওঁ– তোমালোক শুদ্ধ পথত চলা, স’ততাৰ পথত থাকি উন্নতি কৰা কিন্তু আমাৰ মাজৰ শিক্ষিত নাগৰিকে আশ্ৰয় লয় অনিয়মৰ৷ আজি সমগ্ৰ ভাৰতত শিক্ষিত নাগৰিকে কৰা ভুলৰ হেতুকে সপোন ভাঙিছে অজস্ৰ নৱ-প্ৰজন্মৰ৷ সত্যৰ পথবোৰত অসত্যৰ প্ৰলেপ সনা ব্যক্তিবোৰৰ মুখা কোনে খুলিব? প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ আপোনজন প্ৰতিযোগিতাৰ জপনাখন বিনা জাপত পাৰ হৈছে অথচ দক্ষজন ৰৈ গৈছে অন্যায়ৰ হেঁচাত৷ ককনো কম, কোনে শুনিব? সৰিয়হৰ ডুলিতেই যেতিয়া ভূতে বাহ লয় এনেকুৱাটো হ’বই৷