Logo
image

ক’পৰ প্ৰত্যাহ্বান ‘বিকাৰ্বনীকৰণ’

সেউজগৃহৰ ধবংসমুখী প্ৰভাৱৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ একমাত্ৰ উপায় হ’ল মানুহৰ কৰ্মৰাজিৰ দ্বাৰা সৃষ্ট সেউজগৃহ গেছৰ, বিশেষকৈ কাৰ্বন-ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰোৱা৷ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস কৰিবলৈ কাৰ্বনৰ উচ্ছ উৎসসম্পন্ন ইন্ধনৰ দহন হ্ৰাস কৰা ব্যৱস্থাটোক ‘বিকাৰ্বনীকৰণ’ বোলে৷ কাৰ্বন-ডাই-অক্সাইড গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ উদ্দেশ্যে ‘ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাৰ্যক্ৰম চুক্তি’ৰ জৰিয়তে বিভিন্ন দেশে ঐক্যবদ্ধভাৱে এখন সংশ্লিষ্ট সন্মিলিত সভা (Conference of Parties, চমুকৈ COP বা ক’প) গঠন কৰে৷

ক’পৰ প্ৰধান প্ৰত্যাহ্বান হৈছে বিশ্বৰ কাৰ্বন নিৰ্গমনৰ কাৰকসমূহ চিনাক্ত কৰি তাৰ নিৰ্গমন ৰোধ বা হ্ৰাস কৰা৷ ক’পৰ এই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৯৯৭ চনত জাপানৰ কিয়’ট চহৰত অনুষ্ঠিত ক’পৰ তৃতীয়খন সন্মিলনত ক’পৰ অধীনৰ সকলো দেশেই ২০১২ চনৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন ৫.২ শতাংশ হ্ৰাস কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়৷ কিন্তু লক্ষণীয়ভাৱে ২০০৯ চনলৈকে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস নোহোৱাত ২০০৯ বৰ্ষতে ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত ক’পৰ পঞ্চদশ সন্মিলনত সৰ্বসন্মতভাৱে এই সিদ্ধান্তত উপনীত হোৱা যায় যে যিকোনো কাৰণতেই গোলকীয় উষ্ণতা ২ ডিগ্ৰী চেলছিয়াছৰ বেছি হ’বলৈ দিয়া নহ’ব৷ সন্মিলনৰ জৰিয়তে মানৱসৃষ্ট কাৰকসমূহক নাকী লগোৱাৰ লগতে সেউজ প্ৰযুক্তিৰ জৰিয়তে কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন ৰোধ কৰাৰ চেষ্টা কৰা হয়৷ আধুনিকতাৰ প্ৰায় চূড়ান্ত শিখৰত উপনীত হোৱা মানৱ জাতিৰ উন্নয়ন ৰখাব নোৱাৰিলেও বহনক্ষম উন্নয়নৰ বাবে সংকল্পবদ্ধ হয় ক’পৰ সদস্যসকল৷

ক’পৰ সদস্য ৰাষ্ট্ৰসমূহৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ’ল দেশত কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন হোৱা উদ্যোগ বা বিভিন্ন কাৰকসমূহ চিনাক্ত কৰি বহনক্ষম উন্নয়নৰ আধাৰত সেউজ প্ৰযুক্তি ব্যৱহাৰ কৰা৷ প্ৰতিবছৰে হোৱা ক’পৰ বিভিন্ন সন্মিলনত বিকাৰ্বনীকৰণৰ বাবে বিশেষ বিশেষ পদক্ষেপ লোৱা হয়৷ ২০১৫ চনত ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত ক’পৰ একবিংশতিতম সন্মিলনত গোলকীয় উষ্ণতা বৃদ্ধিৰ মাপ ২ ডিগ্ৰী চেলছিয়াছৰ পৰিৱৰ্তে ১.৫ ডিগ্ৰী চেলছিয়াছলৈ অৱনমিত কৰা হয়৷ গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ক’পৰ দুই দশকজোৰা অচলাৱস্থা দূৰীকৰণৰ হেতু দেশসমূহক ক্ষিপ্ৰতাৰে কাৰ্বন-ডাই-অক্সাইড নিৰ্গমনৰ কাৰকসমূহ চিনাক্ত কৰিবলৈ কোৱা হৈছে৷ কাৰ্বন-ডাই-অক্সাইড নিৰ্গমনৰ লগতে কাৰ্বন অৱশোষণৰ উৎসসমূহ চিনাক্তকৰ বা উন্নীতকৰণৰ যোগেদিও এই সমস্যা লাঘৱৰ পোষকতা কৰে৷ ২০২১ বৰ্ষৰ ৩১ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈকে স্ক’টলেণ্ডৰ গ্লাছগ’ত ক’পৰ ষষ্ঠ বিংশতিতম (ক’প-২৬) সন্মিলনখন অনুষ্ঠিত হৈ যায়৷ ক’প-২১ত হোৱা পেৰিছ চুক্তিৰ পাছত ক’পৰ এইখন সন্মিলনতেই সদস্য ৰাষ্ট্ৰসমূহে সেউজগৃহ গেছ নিৰ্গমনৰ ক্ষেত্ৰত আৰু দৃঢ়ভাৱে সংকল্পবদ্ধ হ’ব বুলি আশা কৰা হৈছিল, যাৰ ফলত ক’পচ্ছত ১৯৭ সদস্য ৰাষ্ট্ৰৰ দ্বাৰা ‘গ্লাছগ’ জলবায়ু চুক্তি’ স্বাক্ষৰিত হয়৷ উক্ত চুক্তি মতে দেশসমূহত কাৰ্বন দহনৰ ক্ষেত্ৰত বিশেষধৰণৰ প্ৰতিবন্ধকতা অনা হয়৷ ক’পচ্ছত ১৪০খন দেশে সেউজগৃহ গেছৰ শূন্য নিৰ্গমনৰ প্ৰতিশ্ৰুতি দিয়ে৷ ১০০ৰো অধিক দেশে ২০৩০১ ভিতৰত বনানিকৰণৰ যোগেদি কাৰ্বন-ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰিব বুলি সংকল্পবদ্ধ হয়৷ 

ক’পচ্ছত জি এম, ফৰ্ড, ভল্‌ভ’, বি ৱাই ডি অট’, জাগুৱাৰ, লেণ্ড ৰ’ভাৰ, মাৰ্চিডিজ আদি বিশ্বৰ আগশাৰীৰ গাড়ী নিৰ্মাতা কোম্পানীৰ প্ৰতিনিধিও উপস্থিত থাকে৷ এইসকল গাড়ী নিৰ্মাতাই ২০৪০ চনৰ ভিতৰত তেওঁলোকৰ কোম্পানীৰ পৰা নিৰ্মাণ হোৱা সকলো গাড়ীয়েই সম্পূৰ্ণ শূন্য নিৰ্গমনৰ গাড়ী হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু লক্ষণীয়ভাৱে আমেৰিকা, জাৰ্মানী, চীন, জাপান, দক্ষিণ কোৰিয়াৰ বহু গাড়ী নিৰ্মাতা কোম্পানীয়ে এই কথা মানি ল’বলৈ অস্বীকাৰ কৰে৷ তথাপি সদস্য ৰাষ্ট্ৰসমূহৰ সৰহসংখ্যকৰে ধনাত্মক সহযোগিতাই পেৰিছ চুক্তিৰ ৰ.প্ত ডিগ্ৰী চেলছিয়াছৰ উদ্দেশ্য আৰু সংকল্পক সফল ৰূপায়ণ কৰিব বুলি ক’পচ্ছ আশাবাদী৷ ভাৰত আৰু চীনে কাৰ্বনৰ দহন হঠাৎ বন্ধ কৰিবলৈ অমান্তি হয়; পৰিৱৰ্তে এই দুখন দেশে কাৰ্বনৰ ব্যৱহাৰ কমাই আনিব বুলি কয়৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৭০ চনৰ ভিতৰত সেউজ গৃহ গেছৰ নিৰ্গমন ভাৰতত সম্পূৰ্ণৰূপে শূন্য কৰিব পৰা যাব বুলি শপত লয়৷ প্ৰধানমন্ত্ৰীয়ে ২০৩০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন ৰ বিলিয়ন টন হ্ৰাস কৰিবলৈ ব্যৱস্থা লোৱা হ’ব বুলিও কথা দিয়ে৷ শক্তিৰ উৎপাদনত ভাৰতত সেউজ প্ৰযুক্তিৰ ব্যৱহাৰ ৫০ শতাংশ বৃদ্ধি কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ কিন্তু কথা হ’ল, ক’পে যিধৰণৰ পদক্ষেপেই নলওক কিয় ভাৰতৰ দৰে প্ৰায় ১৫০ কোটি জনতাৰ উন্নয়নশীল দেশ এখনত জনসচেতনতা অবিহনে এই কাম অসম্ভৱ৷ বিগত দশকটোত পৃথিৱীৰ বায়ুমণ্ডলত ৰ গিগাটন কাৰ্বন-ডাই-অক্সাইড বৃদ্ধি পাইছে৷ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা এনে অভূতপূৰ্ব বৃদ্ধিয়ে পৃথিৱীৰ উষ্ণতা অস্বাভাৱিক হাৰত বৃদ্ধি কৰিব, যাৰ দুৰ্বিষহ যন্ত্ৰণা আমাৰ লগতে আমাৰ উত্তৰ পুৰুষেও ভুগিব লাগিব৷