
পূৰ্বপুৰুষৰ দৃষ্টান্তৰে কৰ্মসংস্কৃতি গঢ়ি তোলক আহোমৰ ন-প্ৰজন্মই
‘আমাৰ অসম’ৰ দুলীয়াজানৰ প্ৰতিবেদক, ১৫ জুলাইঃ ‘জনজাতিকৰণৰ বাবে টাই-আহোমসকলে দীৰ্ঘদিন ধৰি যি দাবী উত্থাপন কৰি আহিছে, সেই দাবী পূৰণ হ’বৰ বাবে সকলো ঐক্যবদ্ধ হ’ব লাগিব৷ আটাছুৰ প্ৰতিষ্ঠা দিৱসৰ এই বৃহৎ আয়োজনে তাই-আহোমৰ জনজাতিকৰণৰ দাবীৰ যুক্তিযুক্ততা অধিক শক্তিশালী কৰিব৷ এই মঞ্চৰ পৰাই মই আহ৩ান জনাইছোঁ– সকলো জনগোষ্ঠীক নেতৃত্ব দিব পৰাকৈ আহোমসকল আটাছুৰ নেতৃত্বত আগবাঢ়ি আহক আৰু সকলোকে নেতৃত্ব দিয়ক৷’ –এই মন্তব্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক তথা সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ সোমবাৰৰ পৰা দুলীয়াজান বিহুতলীত অনুষ্ঠিত সদৌ টাই-আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মঙলবাৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি এইদৰে কয় বিশিষ্ট সাংবাদিক-সাহিত্যিকজনে৷ ভাষণ প্ৰসংগত ‘এন কে টিভি’ৰো মুখ্য সম্পাদকৰ দায়িত্বত থকা মনোজ কুমাৰ গোস্বামীৰ আহ্বান– ‘পূৰ্বপুৰুষৰ দৃষ্টান্তৰে তাই-আহোমৰ নতুন প্ৰজন্মই কৰ্মসংস্কৃতি গঢ়ি তোলক৷’ মঙলবাৰে দিনৰ প্ৰায় ১.৪৫ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি মনোজ কুমাৰ গোস্বামীয়ে আৰু কয়– ‘আহোমসকলৰ পূৰ্বপুৰুষৰ যি পৰম্পৰা, সেয়া আমাৰ বাবে নিদৰ্শনস্বৰূপ৷ আহোম স্বৰ্গদেউসকলে সকলোকে লগত লৈ যিদৰে আগবাঢ়িছিল, আমি যদি সেই পৰম্পৰা ধৰি ৰাখোঁ¸– সকলো জাতি-জনগোষ্ঠী যদি আহোমসকলৰ নেতৃত্বত একেলগ হৈ আগবাঢ়ো, তেতিয়া আমি এখন বৃহত্তৰ অসমৰ আমি পৰিকল্পনা কৰিব পাৰোঁ৷
টাই-আহোমৰ পূৰ্বপুৰুষসকলে অসমত কৰ্ম-সংস্কৃতিৰো গুৰি ধৰিছিল৷ তেওঁলোকে নৈৰ পৰা সোণ আহৰণ কৰিছিল৷ লো আহৰণ কৰিছিল, বিভিন্ন ৰাসায়নিক পদাৰ্থ আহৰণ কৰিছিল৷ এইদৰে ঔদ্যোগিক ক্ষেত্ৰখনতো আগবাঢ়ি গৈছিল৷ আহোম স্বৰ্গদেউসকলৰ সকলোকে লগত লৈ ফুৰাৰ যি ঐতিহ্য-পৰম্পৰা, তাক যদি আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ– তেতিয়া আহোমসকলৰ এই গৌৰৱময় যাত্ৰা চিৰযুগমীয়া হৈ থাকিব৷’ বিশিষ্ট সাংবাদিকজনৰ উদ্বোধনী ভাষণৰ পাছতে আৰম্ভ হোৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত আনসকলৰ লগতে অভিনেত্ৰী চুমকি কছাৰী, ৰিচা চেত্ৰীকে ধৰি সহস্ৰাধিক লোকে হাতী, ঘোঁৰা, ৰথসহ অংশগ্ৰহণ কৰি দুলীয়াজানৰ প্ৰায় জ্জ কিলোমিটাৰ অঞ্চল পৰিভ্ৰমণ কৰে৷ মঙলবাৰে সন্ধিয়া অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে আটাছুৰ সভাপতি মিলন বৰগোহাঁয়ে৷ আটাছুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰমোদ বৰুৱাই উদ্বোধন আৰু আটাছুৰ সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁয়ে আদৰণী ভাষণ দিয়া মুকলি সভাত ড॰ দয়ানন্দ বৰগোহাঁই আৰু ড॰ ৰাজীৱ সন্দিকৈ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে৷ এই অনুষ্ঠানতে ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইনক ‘অশ্বিনী চেতিয়া সোঁৱৰণী বজ্ৰকণ্ঠ বঁটা’ প্ৰদান কৰা হয়৷ ‘এন কে টিভি’ৰ সাংবাদিক প্ৰাঞ্জল প্ৰতীম ভূঞাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰে ‘অইল’ৰ কাৰ্যবাহী সঞ্চালক মাধুৰ্য বৰুৱাই৷