Logo
image

১৫ জুলাইত মহাকাশৰ পৰা উভতিব শুভাংশু

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ জুলাইঃ  ভাৰতৰ দ্বিতীয়জন মহাকাশচাৰী হিচাপে সম্প্ৰতি আন্তৰাষ্ট্ৰীয় মহাকাশকেন্দ্ৰত [আই এছ এছ] থকা শুভাংশু শুক্লাই অহা মঙলবাৰে উভতি আহি পৃথিৱীত ভৰি দিব৷ কাইলৈ সোমবাৰে ভাৰতীয় সময় মতে বিয়লি ৪.৩৫ বজাত তেওঁ আন চাৰিজন সতীৰ্থ নভোচৰৰ সৈতে মহাকাশকেন্দ্ৰ  ত্যাগ কৰি ওভতনি যাত্ৰা আৰম্ভ কৰিব৷ এক দীঘলীয়া যাত্ৰাৰ অন্তত পৃথিৱীক কেইবাপাকো প্ৰদক্ষিণ কৰি মঙলবাৰে বিয়লি ভাৰতীয় সময় অনুসৰি তেওঁ পৃথিৱীত আহি উপস্থিত হ’ব৷


শুভাংশু আৰু তেওঁৰ সতীৰ্থ নভোচৰৰ স্পেচএক্সৰ দ্বাৰা নিৰ্মিত ড্ৰেগন নামৰ মহাকাশযানখনে কেৰ্লিফৰ্ণিয়াৰ সমূদ্ৰৰ পানীত ‘স্প্‌লাছ ডাউন’ কৰিব৷ ইয়াৰ পাছতে শুভাংশু আৰু তেওঁৰ সংগীসকলক সাত দিন নিবিড় পৰ্যবেক্ষণত ৰখা হ’ব৷ নাছাৰ ফ্লাইট চাৰ্জেণ্টৰ পৰ্যবেক্ষণত তেওঁলোকক সেই সাতদিনত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ সৈতে খাপ খোৱাৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব৷ তাৰ পাছতহে শুভাংশু ভাৰতলৈ উভতি আহিব পাৰিব৷ উল্লেখ্য, নাছাৰ জৰিয়তে শুভাংশুক মহাকাশলৈ প্ৰেৰণ কৰাৰ বাবে ভাৰতে ৫৫০ কোটি টকা ব্যয় কৰিছে৷ ইতিমধ্যে তেওঁ মহাকাশকেন্দ্ৰত ১৫ দিন সম্পূৰ্ণ কৰিছে৷