Logo
image

বাজেট- ২০২৪-২৫ঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলক পাহৰিলে নিৰ্মলা সীতাৰমণে

২০২৪-২৫ বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে আশা কৰা হৈছিল যে এইবাৰ অসমে কেন্দ্ৰীয় বাজেটৰ পৰা লাভ কৰিব কিছু সকাহ৷ দৰিদ্ৰতাৰ লগত যুঁজি থকা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চাৰি কোটি বাসিন্দাই বিগত লোকসভা নিৰ্বাচনত সাক্ষাৎ পোৱা দেশৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ পৰা আশা কৰিছিল কৃপাৰ দৃষ্টি৷ পৰিতাপৰ কথা যে মঙলবাৰে লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ অন্তৰ্ৱত¹কালীন বাজেটখনত মাথোঁ এবাৰ উচ্ছাৰিত হ’ল অসমৰ নাম৷ আগন্তুক বিত্তীয় বৰ্ষটোত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব লগা ৪৮.১১ লাখ কোটি টকাৰ কিমান পুঁজি অসমে লাভ কৰিব তাৰ ব্যাখ্যা নহ’ল বাজেটত৷ পৰিতাপৰ কথা যে প্ৰায় দুঘণ্টাৰ ভাষণত বিত্তমন্ত্ৰীগৰাকীৰ মুখত উচ্ছাৰিত হোৱা দুখন ৰাজ্য আছিল বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশ৷

আগন্তুক বিত্তীয় বৰ্ষত দেশৰ কৃষিখণ্ডৰ কল্যাণৰ বাবে নিৰ্ধাৰণ কৰা পুঁজিৰ পৰিমাণ হৈছে ১.৫২ লাখ কোটি৷ উক্ত পুঁজিৰে দেশৰ প্ৰায় পোন্ধৰ কোটি কৃষকক সকাহ দিব বিচৰা বাজেটত উচ্ছাৰিত নহ’ল দৰিদ্ৰ কৃষকৰ প্ৰকৃত সমস্যাৰ কথা৷ ভাৰতৰ এক কোটি কৃষকক কৃষিকৰ্মত সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১০৯বিধৰ নতুন শস্যৰ গুটি বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও প্ৰতিটো দিনতে পথাৰত আত্মহত্যা কৰা কৃষক পৰিয়ালৰ বিত্তীয় বোজা হ্ৰাসৰ বাবে নাই একো প্ৰস্তাৱ৷ দেশৰ বান কিম্বা খৰাংপীড়িত অঞ্চলৰ কৃষকৰ কল্যাণৰ বাবে বাজেটত নাই একো প্ৰস্তাৱ৷ প্ৰকৃততে স্বৰাজোত্তৰ কালত দাখিল কৰা কেন্দ্ৰীয় বাজেটসমূহৰ ভিতৰত ২০২৪-২৫ বৰ্ষৰ বাজেটখনেই হয়তো কৃষিখণ্ডক উপেক্ষা কৰা একমাত্ৰ বাজেট বুলি প্ৰমাণিত হ’ব৷

দেশৰ কোটি কোটি নিবনুৱাৰ স্বাৰ্থত নিয়োগৰ পথ মুকলি কৰা সন্ধানৰ বিপৰীতে নিবনুৱাৰ প্ৰশিক্ষণৰ ওপৰত দিয়া হৈছে গুৰুত্ব৷ এহাজাৰখন উদ্যোগীক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উন্নয়নৰ কথা কোৱা হৈছে, অথচ বাজেটত নাই প্ৰশিক্ষিত নিবনুৱাৰ সংস্থাপনৰ পথ৷
এই বাজেটত সামাজিক ন্যায় আৰু কল্যাণৰ অৰ্থে লোৱা প্ৰস্তাৱবোৰৰ অধিকাংশ হৈছে হিন্দীবলয়ৰ বিহাৰ আৰু দক্ষিণৰ অন্ধ্ৰপ্ৰদেশকেন্দ্ৰিক৷ বিহাৰৰ পথ, পৰিবহণ, যোগাযোগ, জলসিঞ্চন, পৰ্যটন ক্ষেত্ৰ আৰু মন্দিৰসমূহৰ উন্নয়নৰ বাবে বাজেটত নিৰ্ধাৰণ কৰা হৈছে প্ৰায় ৫৮,০০০ কোটি টকা৷ কেন্দ্ৰত চৰকাৰ গঠনত সহায় কৰা বিহাৰৰ লগতে দক্ষিণৰ অন্ধ্ৰপ্ৰদেশৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত স্থিৰ কৰিছে ১৫,০০০ কোটি টকা৷ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে নীতীশ কুমাৰ আৰু এন চন্দ্ৰবাবু নাইডুৰ দাবীত যে বাজেটৰ সিংহভাগ পুঁজি ৰাজ্য দুখনৰ অৰ্থে নিৰ্ধাৰণ কৰা হৈছে, তাক বুজি পোৱাত ভুল নহয়৷

কৰৰ ক্ষেত্ৰতো দেখা পোৱা প্ৰস্তাৱবোৰে প্ৰকৃততে উপকৃত নকৰিব দেশৰ কৰদাতাসকলক৷ কৰ নিৰ্ধাৰণত বিগত বৰ্ষত থকা ষ্টেণ্ডাৰ্ড ডিডাকচন মাথোঁ ৫০,০০০ টকাৰ পৰা ৭৫,০০০ টকালৈ বৃদ্ধি কৰি কিঞ্চিত উপকৃত কৰিব বিচাৰিছে দেশৰ কৰদাতাসকলক৷ সোণ, ৰূপ, ম’বাইল ফোন, কেঞ্চাৰৰ ঔষধ আদিৰ ওপৰত থকা কৰৰ হাৰ সামান্য হ্ৰাস কৰি সাধাৰণ নাগৰিকক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছে যদিও বজাৰৰ বৰ্ধিত দাম ৰোধৰ বাবে বাজেটত নাই একো প্ৰস্তাৱ৷

পৰিতাপৰ কথা যে অসমৰ বানৰ ক্ষতিৰ বাবে ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰে কিমান পুঁজি দিব, সেই সংখ্যাও উল্লেখ নহ’ল বাজেটৰ ভিতৰত৷ দাখিলৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা বাজেটখনক লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা অসম সন্তান সৰ্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই কি যুক্তি দিয়ে, সিহে লক্ষণীয় হ’ব আগন্তুক দিনত৷