Logo
image

মেদবহুলতাই লিভাৰৰ বাবে বিপদ মাতিব পাৰে

পেটত অতিৰিক্ত মেদ জমা হ’লে লিভাৰৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰত প্ৰভাৱ পেলাব পাৰে৷ যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷ মানুহৰ সাধাৰণ ধাৰণা যে সুৰাপান কৰাৰ ফলতে লিভাৰৰ অসুখ বা ক্ষতি হয়৷ বহুক্ষেত্ৰত দেখা যায় সুৰাপান নকৰা লোকো লিভাৰৰ বিভিন্ন ৰোগত আক্ৰান্ত হয় বা হোৱাৰ আশংকা থাকে৷ কেতিয়াবা কোনো লক্ষণে দেখা নিদিলেও দীৰ্ঘদিন ধৰি কিছুমান কাৰণত লিভাৰ ৰোগত আক্ৰান্ত হ’ব পাৰে৷ স্বাস্থ্য বিশেষজ্ঞসকলে এই বিষয়ে বিভিন্ন পৰীক্ষাৰ অন্তত বিশেষ কেতবোৰ তথ্য পোহৰলৈ আনিছে৷ 



- লিভাৰত মেদ জমা হ’লে তাৰ প্ৰভাৱ মনৰ ওপৰতো পৰে৷ ইয়াৰ ফলত মূৰৰ বিষ,  মনৰ অৱসাদ, উদ্বেগ আদি কিছু উপসৰ্গই দেখা দিয়ে৷
- কিছুমান ঔষধৰ পাশ্বৰ্ক্ৰিয়া হিচাপেও ফেটি লিভাৰ হ’ব পাৰে৷ এই ক্ষেত্ৰত ঔষধ খোৱাৰ আগতে লিভাৰৰ এনজাইম পৰীক্ষা কৰা উচিত৷ আনহাতে মহিলাৰ ক্ষেত্ৰত যেতিয়া হৰমনজনিত সমস্যাই দেখা দিয়ে তেতিয়া যিকোনোধৰণৰ ঔষধ সেৱন কৰিলে তাৰ প্ৰভাৱ লিভাৰত পৰে৷ সেই ক্ষেত্ৰতো লিভাৰ পৰীক্ষা কৰা উচিত৷ 
- হজমৰ ক্ষেত্ৰত হোৱা সমস্যা, এচিডিটি, পেটৰ অসুখ মানেই বহুতেই লিভাৰৰ সমস্যা বুলি ভাবি লয় আৰু কেতিয়াবা চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে লিভাৰৰ বিভিন্নধৰণৰ ঔষধ সেৱন কৰে৷ কেতিয়াবা দেখা যায় কোনোধৰণৰ লক্ষণে দেখা নিদিয়াকৈয়ে লিভাৰ ৰোগত আক্ৰান্ত হয়৷  
- লিভাৰ পৰীক্ষা কৰিলে লিভাৰৰ বিভিন্ন বিসংগতি বা লিভাৰৰ বিভিন্ন ৰোগৰ বিষয়ে আগতীয়াকৈ জানিব পৰা যায়৷ উল্লেখ্য লিভাৰ অসুখৰ অন্যতম কাৰণ হ’ল– শৰীৰৰ মাত্ৰাধিক ওজন আৰু পেটত জমা হোৱা অতিৰিক্ত মেদ৷ নিয়মীয়াকৈ ব্যায়াম আৰু খাদ্যাভাসৰ ওপৰত গুৰুত্ব দিলে ওজন আৰু পেটৰ মেদ বহুলতাৰ পৰা বাচি থাকিব পাৰি৷