Logo
image

অনিশ্চয়তাত চেম্পিয়নছ ট্ৰফী

টুৱেণ্টী২০ বিশ্বকাপৰ সমাপ্তিৰ পাছত বিশ্ব ক্ৰিকেটত চৰ্চাৰ বিষয় হৈ পৰিছে অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত পাকিস্তানত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষৰ আঠখন দেশে এই টুৰ্নামেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে৷  ২০১৭ চনৰ পাছত বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে চেম্পিয়নছ ট্ৰফী বাতিল কৰাৰ সিদ্ধান্ত লৈছিল যদিও ২০২১ চনৰ নৱেম্বৰত টুৰ্নামেণ্টখন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেই অনুসৰি ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফী আয়োজনৰ দায়িত্ব দিয়া হয় পাকিস্তানক৷ কিন্তু সমস্যাটো হৈছে টুৰ্নামেণ্টখনত ভাৰতৰ অংশগ্ৰহণক লৈ৷ পাকিস্তানৰ সৈতে থকা তিক্ততাপূৰ্ণ ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্কৰ বাবে দীৰ্ঘ সময় ধৰি ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ কৰা নাই৷ কেৱল সেয়াই নহয়, দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাও দীৰ্ঘ সময়ৰ পৰা বন্ধ হৈ আছে৷ পাকিস্তানত ভাৰতীয় ক্ৰিকেটাৰৰ নিৰাপত্তাৰ সংশয়ৰ বাবেই ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰিকেট দলটোক পাকিস্তান ভ্ৰমণত অনুমোদন জনোৱাৰ পৰা বিৰত আছে৷ যোৱা বছৰ এছিয়া কাপ পাকিস্তানত অনুষ্ঠিত কৰা হৈছিল যদিও ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ নকৰাৰ বাবে ভাৰতৰ খেলবোৰ অনুষ্ঠিত কৰা হৈছিল শ্ৰীলংকাত৷ এইবাৰ চেম্পিয়নছ ট্ৰফীৰ ক্ষেত্ৰতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ টীম ইণ্ডিয়াক পকিস্তানলৈ পঠিয়াবলৈ সন্মত নহয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)৷ বি চি চি আইৰ ফালৰ পৰা চেম্পিনছ ট্ৰফীত ভাৰতৰ খেলবোৰ শ্ৰীলংকা অথবা ডুবাইত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছে৷ কিন্তু ভাৰতৰ প্ৰস্তাৱত সন্মত নহয় পাকিস্তান ক্ৰিকেট ব’ৰ্ড৷ তেওঁলোকৰ ফালৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে যে এছিয়া কাপৰ খেল হাইব্ৰিড ম’ডেলত অনুষ্ঠিত কৰিবলৈ সন্মত হ’লেও চেম্পিয়নছ ট্ৰফী তেওঁলোকে এককভাৱে আয়োজন কৰিব বিচাৰে আৰু তেওঁলোকে এইক্ষেত্ৰত কোনো আপোচ কৰিব নিবিচাৰে৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে লগতে ইয়াকো কৈছে যে চেম্পিয়নছ ট্ৰফীত খেলিবলৈ যদি ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব নিবিচাৰে, তেন্তে তেওঁলোক ভাৰত অবিহনেই টুৰ্নামেণ্ট আয়োজন কৰিবলৈ সাজু৷ ভাৰতীয় ক্ৰিকেট দলক পাকিস্তানলৈ পঠিয়াবলৈ সন্মত নোহোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সমালোচনাত সৰৱ হৈ পৰিছে পাকিস্তানৰ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰ৷ তেওঁলোকৰ যুক্তি হৈছে যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড হৈছে বিশ্বৰ সবাতোকৈ আৰু প্ৰভাৱশালী ক্ৰিকেট ব’ৰ্ড৷ সেইবাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক সমীহ কৰি চলে৷ এইক্ষেত্ৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ স্থিতি শক্তিশালী কৰা উচিত৷ ১৯ জুলাইৰ পৰা কলম্বোত চাৰিদিনীয়াকৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ সন্মিলনত ভাৰত আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰো প্ৰতিনিধি উপস্থিত আছিল যদিও চেম্পিয়নছ ট্ৰফীক লৈ তেওঁলোকৰ মাজত কোনো আলোচনা নহ’ল৷
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বিষয়টো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ ওপৰত এৰি দিছে৷ তেওঁলোকৰ যুক্তি– পাকিস্তানত খেলাৰ বিষয়টোত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক সৈমান কৰোৱাৰ দায়িত্ব বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৰ৷ লগতে কোৱা হৈছে যে চেম্পিনছ ট্ৰফীত ভাগ ল’বলগীয়া আন দেশৰ পাকিস্তান ভ্ৰমণত আপত্তি নাই যেতিয়া ভাৰতৰ আপত্তিৰ কোনো যুক্তি থাকিব নোৱাৰে৷ উল্লেখ্য, ২০০৯ চনৰ মাৰ্চত দ্বিপাক্ষিক শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰা শ্ৰীলংকা ক্ৰিকেট দলৰ সদস্যক উদ্দেশ্যি লাহোৰৰ কৰ্নেল গাড্ডাফি ষ্টেডিয়ামৰ বাহিৰত সন্ত্ৰাসবাদীৰ গুলীচালনাৰ ঘটনাৰ পাছত কোনো বিদেশী ক্ৰিকেটাৰে পাকিস্তানলৈ যাবলৈ সাহস কৰা নাছিল৷ ফলত দীৰ্ঘদিন ধৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ড দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা নিৰপেক্ষ স্থানত আয়োজন কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু দেশখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত শেহতীয়াকৈ দ্বিপাক্ষিক শৃংখলাত ভাগ ল’বলৈ কেইবাখনো দেশে পাকিস্তান ভ্ৰমণ কৰিছে৷ কিন্তু ভাৰতৰ কথাটো কিছু সুকীয়া৷ ভাৰতক পাকিস্তানে সদায়েই শত্ৰুৰ দৃষ্টিৰে চাই আহিছে আৰু ভাৰতত কূটাঘাত সংঘটিত কৰাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে পাক সন্ত্ৰাসবাদীয়ে৷ ২০০৮ চনত মুম্বাইত হোৱা ভয়ংকৰ আক্ৰমণৰ কথা সহজে কোনোৱে পাহৰিব নোৱাৰিব৷ এনেবোৰ কাৰণতে ভাৰতীয় ক্ৰিকেটাৰৰ পাকিস্তান ভ্ৰমণ নিৰাপদ নহয় বুলিয়েই ধাৰণা কৰা হয়৷  ভাৰত চৰকাৰ আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ স্পষ্ট মত–তেওঁলোকৰ বাবে ক্ৰিকেটাৰ আৰু কৰ্মকৰ্তাৰ নিৰাপত্তা সকলোতকৈ আগত৷ সেয়েহে চেম্পিয়নছ ট্ৰফীৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে পাকিস্তানৰ ক্ৰিকেটপ্ৰেমী৷ ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰতিদ্বন্দ্বিতাৰ যি এক শিহৰণ, উন্মাদনা তাক উপভোগ কৰাৰ পৰা তেওঁলোক বঞ্চিত হ’ব নিবিচাৰে৷ ক্ৰিকেটৰ দৃষ্টিৰে এই কথা সকলোৱে মানি ল’ব৷ কিন্তু ক্ৰিকেটাৰৰ নিৰাপত্তাক লৈ যেতিয়া সংশয়ৰ সৃষ্টি হয়, তেতিয়া এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাটো স্বাভাৱিক৷ চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ কৰা-নকৰা বিষয়টো এতিয়া নিৰ্ভৰ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ ওপৰত৷ বিষয়টোত চূড়ান্ত সিদ্ধান্তত উপনীত নোহোৱাপৰ্যন্ত দোমোজাত থাকিব ক্ৰিকেটপ্ৰেমী৷