Logo
image

মন্ত্ৰী হ’ব দৈমাৰী, ভৱেশ!

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুলাইঃ শেহতীয়াকৈ দিল্লীত সাংঘাতিক ব্যস্ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ দিল্লীত বাহৰ পাতি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ইজনৰ পাছত সিজন বিজেপিৰ নেতাক সাক্ষাৎ কৰিছে৷ ঘনে ঘনে বৈঠকত বহিছে কেন্দ্ৰীয় মন্ত্ৰীৰে৷ ইয়াৰ মাজতে ৰাজভৱনলৈ আহি ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াকো সাক্ষাৎ কৰি গ’ল মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যপালক সাক্ষাৎ কৰি  তেওঁ পুনৰ দিল্লীলৈ মাৰিলে উৰা৷ জানিব পৰা মতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ তথা প্ৰদেশ বিজেপিৰ সভাপতি সলনিৰ বাবেই মুখ্যমন্ত্ৰীৰ এয়া কুচকাৱাজ৷ 



ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ১৫ আগষ্টৰ পূৰ্বে হ’ব অসম মন্ত্ৰীসভাৰ ৰদ-বদল৷ এই ৰদ-বদল তথা সম্প্ৰসাৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ নেতৃত্বৰ সন্মতি লাভ কৰিছে৷ এক কথাত ক’বলৈ গ’লে চীল-মোহৰ লাগিছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত৷ সম্প্ৰতি চাৰিটাকৈ মন্ত্ৰীপদ অসম মন্ত্ৰীসভাত খালী হৈ আছে৷ এই চাৰি মন্ত্ৰীপদত বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বৰাকৰ পৰা কৃষেন্দু পাল, পল্লৱলোচন দাস, প্ৰশান্ত ফুকন বা সুশান্ত বুঢ়াগোহাঁই অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ বিপৰীতে বৰ্তমানৰ মন্ত্ৰীপদত এজন জ্যেষ্ঠ মন্ত্ৰীক অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব দিয়া হ’ব পাৰে৷ এজন মন্ত্ৰী মন্ত্ৰীসভাৰ পৰা আঁতৰ হ’ব পাৰে আৰু ৰাজ্যসভাৰ খালী পদত তেওঁক দিছপুৰৰ পৰা দিল্লীলৈও পঠোৱা হ’ব পাৰে৷ ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি পদৰ পৰা যেনেদৰে সিদ্ধাংকু অংকুৰ বৰুৱাক আঁতৰ কৰি হঠাৎ ৰাকেশ দাসক নতুন ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হ’ল, তেনেদৰেই হঠাৎ সলনি হ’ব পাৰে অসম বিজেপিৰ সভাপতিৰ পদো৷

ইতিমধ্যে প্ৰদেশ বিজেপিৰ সভাপতিৰ সন্ধান আৰম্ভ হৈছে৷ দিল্লীত থকা মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নেতৃত্বৰ সন্মতিমৰ্মে বৰ্তমানৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, যোৰহাটৰ বিজেপিৰ পৰাজিত প্ৰাৰ্থী তপন গগৈক দিল্লীলৈ তলৱ কৰিছে৷ ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি তপন গগৈ অসমলৈ উভতি আহিছে আৰু আজি প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়তো গগৈ উপস্থিত হয়৷ নিগৰি অহা খবৰ অনুসৰি মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় নেতৃত্বই পৰৱৰ্তী ৰাজ্যিক সভাপতি হিচাপে তপন গগৈক গুৰুদায়িত্ব দিব বিচাৰিছে৷ তপন গগৈক সভাপতি হিচাপে অধিষ্ঠিত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই উজনি-নামনিৰ ভাৰসাম্য ৰক্ষা কৰিব বিচাৰিছে৷ কিয়নো যোৰহাটত বেয়া ফলাফলৰ বাবে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক আঁতৰ কৰি নামনিৰ ৰাকেশ দাসক দায়িত্ব দিয়াৰ বাবে ইতিমধ্যে বিজেপিৰ উজনিৰ শিবিৰ খৰ্গহস্ত হৈছে৷ হয়তো  বিজেপিৰ হাইকামাণ্ডে তপন গগৈক ৰাজ্যিক সভাপতিৰ দায়িত্ব দি উজনিৰ আহোম ৰাজনীতি আৰু বিজেপিয়ে হেৰুওৱা জনপ্ৰিয়তা পুনৰ অক্ষুন্ন ৰখাৰ চেষ্টা কৰিব পাৰে৷ ইয়াৰ মাজতে অৱশ্যে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হিচাপে ৰামেশ্বৰ তেলী আৰু অজয় কোঁৱৰৰ নামো চৰ্চালৈ আহিছে৷ চাহ বাগিচাৰ ভোট বেংক ৰক্ষাৰ বাবে বিজেপিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকো সভাপতিৰ দায়িত্ব দিব পাৰে৷ যদিহে সভাপতিৰ দায়িত্ব নিদিয়ে তেন্তে তেওঁক ৰাজ্যসভাৰ সাংসদ হিচাপেও দিল্লীলৈ প্ৰেৰণ কৰিব পাৰে৷ ইফালে, অজয় কোঁৱৰ হৈছে আৰএছএছৰ পৰা বিজেপিলৈ প্ৰক্ষেপিত এজন হেভীৱেট বিজেপি নেতা৷ মুঠতে বিজেপিত চলিছে এতিয়া মন্ত্ৰিত্ব, সভাপতিকেন্দ্ৰিক দৌৰ৷ আশা আৰু প্ৰাপ্তিৰ সপোন লৈ ইজনৰ পাছত সিজন বিজেপিৰ নেতাই ঘনে ঘনে কৰিছে দিল্লী চফৰ৷