Logo
image

গুৱাহাটীত ড’নাৰমন্ত্ৰীৰ দাবীঃ অসম-ছিকিমৰ বাবে ১১ হাজাৰ কোটি টকাৰ বান সাহায্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাইঃ নিৰ্মলা সীতাৰমণে দেশবাসীক উপহাৰ দিছে সৰ্বাংগীন উন্নয়নৰ বাজেট৷ এই বাজেটে অসম তথা পূৰ্বোত্তৰৰ ৰাজ্যসমূহক বিশেষ প্ৰাধান্য দিছে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে যে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ উন্নয়নৰ ইঞ্জিনৰূপে গঢ়ি তোলাৰ সংকল্প লৈছে তাৰ প্ৰতিফলন ঘটিছে সীতাৰমণৰ বাজেটত৷ বানপানীত ক্ষতিগ্ৰস্ত অসম আৰু ছিকিমৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ১১ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে৷ 

শনিবাৰে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে কেন্দ্ৰীয় অসামৰিক বিমান তথা ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই৷ অৱশ্যে দুয়োখন ৰাজ্যৰ ভয়াৱহ বানপানীৰ বাবে দিয়া এই পুঁজিৰ কিমান অংশ অসমৰ সেই কথা স্পষ্টভাৱে প্ৰকাশ নকৰিলে কেন্দ্ৰীয় মন্ত্ৰীজনে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীজনে সংবাদমেল সম্বোধন কৰে৷ 



বিজেপিৰ কাৰ্যকালত বিগত দহ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় – কংগ্ৰেছৰ দিনত ২০০৪ চনৰ পৰা ২০১৪ চনলৈ টেক্স ডিভলোচনৰ বাবদ অসমক ৬৪ হাজাৰ কোটি টকা দিয়া হৈছিল৷ ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত দিয়া হৈছে ২.৩০ লাখ কোটি টকা৷ ২০২৪-২৫ বৰ্ষত ৩৯ হাজাৰ কোটি টকা দিয়া হ’ব৷ সেইদৰে মূলধনী ব্যয়ৰ ক্ষেত্ৰত কংগ্ৰেছৰ দিনত ১৩ হাজাৰ কোটি টকা দিয়া হৈছিল৷ বিজেপি চৰকাৰৰ দিনত ২০২৩-২৪ বৰ্ষত ৫৮০৪ কোটি টকা দিয়া হৈছে৷ অসমৰ ভৱিষ্যত সলনি কৰিব পৰাকৈ বিজেপি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷  ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সৰ্বাধিক গুৰুত্ব দিছে৷ উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ় দিয়াৰ সংকল্প লোৱা হৈছে৷ সূৰ্য উদয়ৰ উত্তৰ-পূৰ্বাঞ্চল দেশৰ এণ্ট্ৰি পইণ্ট৷ প্ৰতি বছৰে বানপানীয়ে অসমৰ বিস্তৰ ক্ষতিসাধন কৰে৷ এইবাৰৰ বাজেটত অসম আৰু ছিকিমৰ বানপানীৰ বাবে ১১ হাজাৰ কোটি টকা অৱণ্টন দিয়া হৈছে৷ আনহাতে উত্তৰ-পূৰ্বাঞ্চলত পোষ্টেলৰ ১০০টা শাখা স্থাপন কৰা হ’ব৷ কংগ্ৰেছ দিনত ড’নাৰ মন্ত্ৰালয়ৰ বাবে ১৭৭৫ কোটি টকা দিয়া হৈছিল৷ আমাৰ চৰকাৰে এইবাজেটত ড’নাৰ মন্ত্ৰালয়ক ছয় হাজাৰ কোটি টকা দিছে৷ আনহাতে ৩৬টা যোজনাৰ বাবে ১৫০০ কোটি টকা দিয়া হৈছে৷  ‘উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে ২০২৪-২৫ বৰ্ষত ১০ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত পথ নিৰ্মাণৰ বাবে ২০ হাজাৰ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে৷ এইখন বাজেট জনতাৰ বাজেট৷ ইয়াৰ দ্বাৰা নতুন যুগৰ সূচনা হ’ব৷ ‘তৃতীয়টো কাৰ্যকালত মোদী চৰকাৰে তিনিগুন কামৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এইবাৰৰ বাজেট যুৱশক্তি, মহিলা, কৃষক আৰু দৰিদ্ৰৰ ওপৰত সমৰ্পিত৷ কৃষকৰ কৃষিক্ষেত্ৰ ডিজিটেলাইজেচন কৰা হ’ব৷ কৃষকৰ আয় বৃদ্ধিৰ বাবে সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে৷ এজনো ভাৰতীয় যাতে গৃহহীন হৈ নাথাকে তাৰ বাবে ইতিমধ্যে ৪ কোটি বহনযোগ্য গৃহ নিৰ্মাণ কৰা হৈছে৷ আগন্তুক পাঁচ বছৰত ৩ কোটি গৃহ নিৰ্মাণ কৰা হৈছে৷ দেশত নতুনকৈ এহাজাৰ আই টি আই নিৰ্মাণ কৰা হ’ব৷ গৰীব কল্যাণ অন্ন আঁচনিৰ দ্বাৰা ৮০ কোটি পৰিয়াল উপকৃত হ’ব৷ ২৫ হাজাৰ গ্ৰাম্য ৰাস্তা নিৰ্মাণ কৰা হ’ব৷ আনহাতে ২৪ হাজাৰ অত্যন্ত ভিতৰুৱা অঞ্চলক টেলিকম ব্যৱস্থাৰে সামৰি লোৱা হ’ব৷ এবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হ’ব৷ 

‘মোদী চৰকাৰৰ কাৰ্যকালত দেশ প্ৰগতিৰ দিশত আগুৱাই গৈছে বুলি সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় - ‘মোদীৰ নেতৃত্বত দেশৰ বিকাশৰ হাৰ ৮.২ শতাংশ হৈছে৷ এয়া বিশ্বস্তৰত কৃতিমান ৰূপে পৰিগণিত হৈছে৷ অৰ্থনৈতিক দিশত ভাৰত বিশ্বৰ মহাশক্তি ৰূপে প্ৰতিষ্ঠিত হৈছে৷ অৰ্থনৈতিক ক্ষেত্ৰত কংগ্ৰেছৰ দিনত ২০১৪ চনত ভাৰতৰ স্থান ১১ নম্বৰত আছিল৷ বৰ্তমান ভাৰতৰ স্থান পাঁচ নম্বৰত৷ যিটো মোদী নীতিৰ বাবে সম্ভৱ হৈছে৷ ২০২৭ চনলৈ জাৰ্মানী আৰু জাপানক পিছ পেলাই ভাৰতে তৃতীয় স্থানত উপনীত হ’ব৷ আনহাতে নিবনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস হৈছে৷ মোদী চৰকাৰৰ দিনত দেশ অৰ্থনৈতিকভাৱে শক্তিশালী হ’বলৈ সক্ষম হৈছে৷  ৭৫ বছৰত যি হোৱা নাছিল সেয়া মোদী চৰকাৰৰ দিনত সম্ভৱ হৈছে৷ স্বচ্ছ ভাৰতৰ অধীনত দেশৰ ১২ কোটি ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছে৷ জলজীৱন মিছনৰ অধীনত ১১.৭০ কোটি পৰিয়ালৰ ঘৰত টেপ যোগে পানী যোগান ব্যৱস্থা কৰা হৈছে৷ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত চাৰে দহ কোটি মহিলাই ৰন্ধন গেছৰ সুবিধা লাভ কৰিছে৷ আনহাতে আয়ুষ্মান কাৰ্ডৰ সুবিধা চাৰে ছয় কোটি পৰিয়ালে লাভ কৰিছে৷জন ধন যোজনাৰ অধীনত ৫১.৬ কোটি বেংক একাউণ্ট খোলা হৈছে৷ এই একাউণ্টৰ যোগেদি দহ বছৰত হিতাধিকাৰীক বিভিন্ন আঁচনিৰ যোগেদি ৩৬ লাখ কোটি টকা দিয়া হৈছে৷ টেলিকমৰ গ্ৰাহকৰ সংখ্যা ১১৬ কোটিলৈ বৃদ্ধি হৈছে৷ সেইদৰে ৯৫ কোটি লোকে ব্যৱহাৰ কৰে ইণ্টাৰনেট৷ ‘কংগ্ৰেছৰ দিনত প্ৰতিদিনে ১১.৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছিল৷ বিজেপি চৰকাৰৰ দিনত প্ৰতিদিনে ৩৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে৷ আনহাতে বিজেপিৰ দিনত ৩১টা নতুন বিমান বন্দৰ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে ৪টা অসমৰ৷ উত্তৰ-পূৰ্বাঞ্চলত ৯টা বিমান বন্দৰ আছিল যদিও এতিয়া সেই সংখ্যা বৃদ্ধি হৈ ১৭টা হৈছে৷ ‘সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিংহল আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে যদিও সংবাদমেলৰ অধিক সময়ত মন্ত্ৰী সিংহলক নিদ্ৰাৰত অৱস্থাত থকা দেখা যায়৷