Logo
image

চিলিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত উজলিল ৰাজেন দাসৰ ছবি

‘আমাৰ অসম’ ২০ মাৰ্চঃ দক্ষিণ আমেৰিকাৰ চিলিত অনুষ্ঠিত  ছাউথ ফিল্ম এণ্ড আৰ্টছ্‌ একাডেমিয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্ছিত্ৰ ‘লাইফ ইন্‌ এ পাপেট’-এ তথ্য-কাহিনীমূলক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্ছিত্ৰ শাখাত লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ সন্মান৷ শ্ৰেষ্ঠ ছবিৰ লগতে পৰিচালক ৰাজেন দাসে লাভ কৰিছে শ্ৰেষ্ঠ কাহিনী-চিত্ৰনাট্যৰ বঁটা৷ আনহাতে বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই ‘লাইফ ইন্‌ এ পাপেট’ত কৰা সংগীত পৰিচালনাৰ বাবে এই মহোৎসৱত লাভ কৰিছে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা৷ আজি মহোৎসৱৰ অ’ফিচিয়েল ৱেবচাইটত ছবিখনে বঁটাপ্ৰাপ্তিৰ কথা প্ৰকাশ হোৱাত ‘লাইফ ইন্‌ এ পাপেট’ পৰিয়ালৰ লগতে অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচৰ শিল্পীসকলৰ মাজত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অসমৰ পুতলা নাচৰ বিষয়ক ছবিখনে দেশ-বিদেশৰ বহু সংখ্যক ছবিৰ মাজৰ পৰা জুৰীৰ বাছনিত অফিচিয়েল নমিনেশ্যন লাভ কৰাৰ খবৰ অসমৰ সংবাদপত্ৰত প্ৰকাশ পাইছিল ৬ মাৰ্চত৷ প্ৰায় এপষেক ধৰি জুৰীৰ কঠিন নিৰীক্ষণৰ অন্তত অৱশেষত আজি মহোৎসৱ কতৃৰ্পক্ষই আনুষ্ঠানিক ফলাফল ঘোষণা কৰে৷ য’ত ফিছাৰ ফিল্ম এৱাৰ্ডছৰ শ্ৰেষ্ঠ তথ্য-কাহিনীমূলক চলচ্ছিত্ৰ শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া চলচ্ছিত্ৰ ‘লাইফ ইন্‌ এ পাপেট’এ লাভ কৰে শ্ৰেষ্ঠ ছবিৰ সন্মান৷ আনহাতে ফিছাৰ ফিল্ম এৱাৰ্ডছৰ আন তিনিটা শাখাত শ্ৰেষ্ঠ নিৰ্বাচিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ কালাৰ্ছ নেভাৰ লাই, অষ্ট্ৰিয়াৰ ইন জাষ্ট ফিউ মিনিটছ্‌, গ্ৰেট ব্ৰিটেইনৰ পেৰিছ এপল নামৰ ছবি তিনিখনে৷ উল্লেখ্য যে ভাৰতৰ ‘লাইফ ইন্‌ এ পাপেট’ৰ লগতে মহোৎসৱৰ পূৰ্ণদৈৰ্ঘ্য আৰু চুটি ছবি বিভাগৰ বিভিন্ন শাখাত ইটালী, ব্ৰাজিল, কানাডা, চীন, স্পেইন, বুলগেৰিয়া, অষ্ট্ৰেলিয়া আদি ২৫খন ৰাষ্ট্ৰৰ ছবিয়ে বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰে৷ অসমীয়া ছবিখনৰ পৰিচালক ৰাজেন দাসে এই স্বীকৃতি অসমৰ চলচ্ছিত্ৰ জগতৰ বাবে অত্যন্ত আশাপ্ৰদ খবৰ বুলি মত প্ৰকাশ কৰে৷ অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচক উপজীৱ্য হিচাপে লৈ নিৰ্মাণ কৰা চলচ্ছিত্ৰখনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুতলা নাচক আদৰি লোৱা কথাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি পৰিচালক ৰাজেন দাসে মন্তব্য আগবঢ়ায়৷ আনহাতে সংগীত পৰিচালক তৰালি শৰ্মাই এই বঁটা প্ৰাপ্তিৰ বাবে যথেষ্ট আনন্দিত বুলি মত প্ৰকাশ কৰে৷