Logo
image

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানতো আয়ুষ্মান অচল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জুলাইঃ ইখনৰ পাছত সিখন হিতাধিকাৰী আঁচনি ঘোষণা কৰি চমক সৃষ্টি কৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰতো বন্ধ কৰিলে আয়ুষ্মান কাৰ্ড৷ বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানতো বন্ধ কৰি দিলে আয়ুষ্মান কাৰ্ডৰ সুবিধা৷ শেহতীয়া কেবিনেটৰ সিদ্ধান্তৰ দোহাই দি ৰাজ্যত প্ৰাইভেট হাস্পতালত বন্ধ কৰি দিয়া হয় আয়ুষ্মান কাৰ্ডৰ সুবিধা৷ ইয়াৰ অংশৰূপে বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানতো অচল হৈ পৰে আয়ুষ্মান কাৰ্ড৷ অৰ্থাৎ এতিয়াৰে পৰা আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড থকা লোকেও বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ল’ব নোৱাৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা৷ এই কথা সকলোৰে জ্ঞাত যে বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠান দেশৰ আনবিক শক্তি বিভাগৰ দ্বাৰা পৰিচালিত হৈ আছে৷ টাটা মেম’ৰিয়েল চেণ্টাৰৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ সাহায্যত পৰিচালিত হয় হাস্পতালখন৷ কেঞ্চাৰ ৰোগত আক্ৰান্ত আয়ুষ্মান কাৰ্ড থকা লোকৰ পৰিয়ালৰ সদস্যই এই আঁচনিৰ জৰিয়তে সুফল লাভ কৰি আহিছিল৷



কিন্তু প্ৰাইভেট হাস্পতালত চিকিৎসাধীন ৰোগীৰ বাবে বন্ধ কৰাৰ দোহাই দি বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানতো আয়ুষ্মান কাৰ্ড বন্ধ ঘোষণা কৰাত বহু পৰিয়ালৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ মাচুল ২০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে চৰকাৰে৷  প্ৰাপ্ত খবৰ মতে পহিলা আগষ্টৰ পৰা কাৰ্যকৰী হ’ব চিকিৎসা সেৱাৰ নতুন নিৰিখ৷ অসমৰ চৰকাৰী খণ্ডৰ চিকিৎসা সেৱাৰ মানক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈ আহিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ কিছু সংখ্যকে দাবী কৰে অসমৰ চিকিৎসা সেৱাৰ মান বিশ্বমানৰ হোৱা বুলি৷ কিন্তু উন্নত চিকিৎসাৰ বাবে আজিও চণ্ডীগড়, হায়দৰাবাদ, দিল্লী, চেন্নাইলৈ যায় ৰাজ্যৰ বহু লোক৷ তেনে সময়ত চিকিৎসা সেৱাৰ মাছুল বৃদ্ধি তথা বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানতো আয়ুষ্মান কাৰ্ড বন্ধ কৰাত ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰী চিকিৎসালয়ত চিকিৎসা মাচুল বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে৷ তেওঁ কয়–চিকিৎসা সেৱাৰ মান বৃদ্ধি নকৰাকৈ চিকিৎসাৰ মাচুল বৃদ্ধি কৰিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্ত দুৰ্ভাগ্যজনক৷ নাম পঞ্জীয়নৰ পৰা বিভিন্ন পৰীক্ষা কৰালৈকে প্ৰায়বোৰ ক্ষেত্ৰত মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ৷ অসমৰ চিকিৎসালয়ৰ চিকিৎসাৰ মান অতি বেয়া৷ চৰকাৰী হাস্পতাললৈ এতিয়া দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকহে চিকিৎসাৰ বাবে যায়৷ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিয়ে ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকক মাধমাৰ সোধাব৷ অসম চৰকাৰে এই সিদ্ধান্ত বাতিল কৰাৰ লগত চিকিৎসা সেৱাৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰক৷