Logo
image

মুখ্যমন্ত্ৰীৰ খাদ্য

২৯ আৰু ৩০ জুলাইত গুৱাহাটীত অনুষ্ঠিত জিলাৰ আয়ুক্তসকলৰ সন্মিলনত বিচাৰ্যৰ এক বিষয় হ’ল মুখ্যমন্ত্ৰীৰ বাবে খাদ্যৰ তালিকা৷ প্ৰতিজন আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ– নিৰামিষ খাদ্যৰ যোগান ধৰিব জিলালৈ যোৱা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক৷ নিৰামিষ খাদ্যৰ তালিকাত থাকিব লাগিব এবিধ ভাজি, এখন তৰকাৰী৷ ৰাজ্যিক অতিথিৰ ক্ষেত্ৰতহে যোগান ধৰা হ’ব আমিষ খাদ্য৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ৰাজ্যৰ কেবিনেট সভা জিলাৰ সদৰত অনুষ্ঠিত কৰাৰ এক নতুন পৰম্পৰাই মুকলি কৰিলে ৰাজ্যৰ জনপ্ৰতিনিধিৰ খাদ্যাভ্যাসৰ তালিকা৷ অতীতৰ প্ৰতিখন সভাতেই লক্ষাধিক টকা ব্যয় কৰা হ’ল মুখ্যমন্ত্ৰীৰ কেবিনেট সভাৰ নামত৷
প্ৰকৃততে খাদ্যৰ তালিকাখন কেনে হোৱা উচিত তাৰ ব্যাখ্যা আছিল অপ্ৰয়োজনীয়৷ ৰজাই কি খাদ্য খাব তাক নিৰ্ধাৰণ কৰাৰ অধিকাৰ প্ৰজাৰ নাথাকে৷ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলৰ স্থান প্ৰজাৰ স্থানতকৈ বহুত ওপৰত৷ সাধাৰণ নাগৰিকৰ কল্যাণৰ বাবে দিনক ৰাতি কৰি কিম্বা তেজক পানী কৰি সেৱা কৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীগণৰ খাদ্যৰ তালিকাখনক লৈ মূৰ ঘমোৱা নাছিল সাধাৰণ নাগৰিকে৷ ৰাজ্যৰ ৩.৪ কোটি নাগৰিকৰ ভিতৰৰ এক কোটি নাগৰিকে জীৱন নিৰ্বাহ কৰিছে চৰকাৰী সাহায্যত৷ অন্ন সুৰক্ষা যোজনা, অৰুণোদয় আঁচনি, বৃদ্ধ পেন্সন আঁচনি আদিৰ আধাৰত লাভ কৰা সামান্যতম চাউল বা টকাৰ ওপৰত জীৱন নিৰ্বাহ কৰা নাগৰিকে কেতিয়াও প্ৰশ্ন কৰা নাছিল মুখ্যমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীৰ খাদ্যৰ তালিকাৰ৷ সত্যটো হৈছে, ২৭ জুনত নলবাৰীত অনুষ্ঠিত কেবিনেট সভাৰ খাদ্যৰ তালিকাখন জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিছিল জিলাখনৰ আয়ুক্তজনে৷ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা খাদ্যৰ তালিকাখনক লৈ বিৰূপ মন্তব্য আগবঢ়াইছিল এচাম নাগৰিকে৷ কাৰ্যতঃ নাগৰিকৰ চকুত পৰা কেবিনেটৰ খাদ্য তালিকাখন আৰু সাম্প্ৰতিক অসমৰ নাগৰিকৰ মাজত থকা দৰিদ্ৰতাৰ প্ৰভেদে মুকলি কৰিলে বহুতো অজ্ঞাত কথা৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজন যেতিয়াই এখন জিলা ভ্ৰমণলৈ যায়, লক্ষাধিক টকা ব্যয় হয় ৰাজকোষৰ৷ সদৰ স্থানৰ সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে বা সভাৰ অন্তত মুখ্যমন্ত্ৰী যেতিয়া খাদ্যৰ বাবে আৱৰ্ত ভৱনত উপস্থিত হয়, মুখ্যমন্ত্ৰীৰ লগত থাকে অৰ্ধশতাধিক সুৰক্ষাকম¹৷ মুখ্যমন্ত্ৰীক সংগ দিয়া দুই-এজন মন্ত্ৰীৰ উপৰি জিলাখনৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকজন, জিলাৰ ৰাজনৈতিক নেতা, জিলা পৰিষদ-পৌৰসভাৰ বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসক-কম¹ আদিয়ে ভিৰ কৰে আৱৰ্ত ভৱন৷ তেনে ক্ষণত আহাৰৰ বাবে অহা মুখ্যমন্ত্ৰীৰ কাষতে আহাৰ গ্ৰহণ কৰে সকলো ব্যক্তিয়ে৷ শতাধিক ভোকাতুৰ ব্যক্তিৰ কোলাহলে সৰৱ কৰা আৱৰ্ত ভৱনত খোৱাৰ বাদে নাথাকে একো প্ৰয়াস৷ বিধে বিধে ব্যঞ্জন সাজু কৰি ৰখা আৱৰ্ত ভৱনটোৰ মজিয়াখনৰ প্ৰকৃত ৰূপটো প্ৰকাশ পায় মুখ্যমন্ত্ৰীৰ গমনৰ পাছত৷ মুখ্যমন্ত্ৰীয়ে এবিধ বা দুবিধ ব্যঞ্জনৰ তৃপ্তি লৈয়ে পুনৰ অন্য স্থানলৈ ঢাপলি মেলাৰ পূৰ্বেই সুৰক্ষাকৰ্মী, বিষয়াৰ মাজত চলে সোনকালে খাদ্য খোৱাৰ প্ৰতিযোগিতা৷ যি নহওক মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ খাদ্যৰ তালিকাৰ পাছত লাগি নাথাকি প্ৰকৃত উন্নয়নৰ স্বাৰ্থত আত্মনিয়োগ কৰক চৰকাৰে৷ এসাঁজ খাই এসাঁজ খাবলৈ নোপোৱা পৰিয়ালৰ স্বাৰ্থত চৰকাৰী খাদ্য গ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ক জনপ্ৰতিনিধিসকলে৷
গণতন্ত্ৰত ৰাইজেই ৰজা বুলি কোৱা উক্তিটোৰ প্ৰতি শ্ৰদ্ধাশীল হওক জনপ্ৰতিনিধিসকল৷ আজি খাদ্যৰ তালিকা প্ৰত্যক্ষ কৰা সাধাৰণ নাগৰিকৰ সন্মুখলৈ মন্ত্ৰী-বিধায়কৰ বিলাসী জীৱনৰ দৃশ্যবোৰ যাতে নাহে তাৰ প্ৰতিও যত্নৱান হওক৷ মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলে আৱৰ্ত ভৱনত খাদ্য গ্ৰহণ কৰাৰ পৰিৱৰ্তে স্থানীয় বিধায়কৰ বাসগৃহ বা বিধায়কৰ দ্বাৰা নিৰ্মিত হোটেল বা ধাবাত বিনামূল্যে খাদ্য গ্ৰহণ কৰাৰ কথাও ভাবিব পাৰে৷ কচু-ঢেকীয়াৰ তৰকাৰী খাই জীৱন নিৰ্বাহ কৰা অসমৰ একাংশ নাগৰিকৰ স্বাৰ্থত বন্ধ হওক খাদ্যৰ তালিকা নিৰ্ধাৰণৰ প্ৰচেষ্টা৷ এনেবোৰ প্ৰয়াসে উজ্জীৱিত কৰে ধনী-দুখীয়াৰ মাজত থকা প্ৰভেদৰ কথা৷