Logo
image

জিলাই জিলাই বিসম্বাদী গোটাইছে ৰাজেন গোহাঁয়ে

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্টঃ বিজেপিৰ বিসম্বাদী নেতা ৰাজেন গোহাঁইৰ নেতৃত্বত দলটোৰ অসন্তুষ্ট নেতা-কৰ্মীসকল তিনিচুকীয়াত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছত শুকুৰবাৰে গোলাঘাটত আন এখন সভা অনুষ্ঠিত হয়৷ ৰাজেন গোহাঁই তিনিচুকীয়াৰ পৰা বাহিৰে বাহিৰে গোলাঘাটত উপস্থিত হোৱাৰ পাছতে প্ৰশান্তি ল’জত অনুষ্ঠিত এই সভাত জিলাখনৰ শতাধিক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ বৈঠকত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ  এগৰাকী মহিলা আমন্ত্ৰিত সদস্যাৰ লগতে জিলা বিজেপিৰ একাংশ সদস্যও উপস্থিত থাকে৷ অৱশ্যে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হোৱা খুমটাইৰ বিধায়ক মৃণাল শইকীয়া এই সভাত উপস্থিত থকাৰ পৰা বিৰত থাকে৷ অৱশ্যে, এই সভাখনক ‘ঘৰুৱা আলোচনা’ বুলিহে অংশগ্ৰহণকাৰীসকলে ক’বলৈ বিচাৰিছে৷ সূত্ৰটোৱে  জনোৱা মতে ৰাজেন গোহাঁই গোলাঘাটলৈ অহা বুলি জানি পুৰণি সু-সম্পৰ্ক থকাৰ বাবে গোহাঁইক সাক্ষাৎ কৰিছিল৷ ইয়াত ৰাজনীতিৰ কোনো কথা আলোচনা হোৱা নাছিল৷ ৰুদ্ধদ্বাৰ বৈঠকখনৰ বিষয়ে ৰাজেন গোহাঁইয়েও কোনো তথ্য সদৰী কৰা নাই৷ 



অৱশ্যে, এক সূত্ৰই সদৰী কৰা মতে উজনি অসমৰ অসন্তুষ্ট নেতা-কৰ্মীসকলক ৰাজেন গোহাঁইয়ে একত্ৰিত কৰি অসম জনসংঘ প্ৰতিষ্ঠাৰ কুছ-কাৱাজ চলাইছে৷ আনকি গোলাঘাটতে অভিৱৰ্তন অনুষ্ঠিত কৰি নতুন দল গঠনৰ চিন্তা কৰা হৈছে৷ আন এক সূত্ৰই সদৰী কৰা মতে একাংশ দলীয় নেতা-কৰ্মীয়ে দলৰ সংস্কাৰৰ পোষকতা কৰিছে৷ তেওঁলোকে অভিযোগ কৰা মতে ন-বিজেপিসকলে স্বেচ্ছাচাৰিতাৰে কাম কৰাই নহয়, দলৰ প্ৰতিষ্ঠাপকসকলকো অৱজ্ঞা কৰিছে৷ ন-বিজেপিসকলৰ এনে কাম-কাজ আৰু দৃষ্টিভংগীৰ বাবেই অতি কষ্টৰে দল গঢ়া নেতা-কৰ্মীসকল ক্ষুব্ধ হৈ পৰিছে৷ ন-বিজেপিসকলে জ্যেষ্ঠ নেতাসকলক দল ত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰো অভিযোগ উঠিছে৷ সেয়ে অসম বিজেপিত অন্তৰ্কন্দল তুংগত উঠাটো প্ৰতীয়মান হৈছে৷ এনে পৰিপ্ৰেক্ষিতত বিসম্বাদী নেতা-কৰ্মীসকলে নতুন দল গঠন কৰিব নে দলৰ নেতৃত্ব সলনিৰ প্ৰচেষ্টা চলাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ 

গোলাঘাটৰ সভাখনৰ পাছতে নতুন দল গঠন কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজেন গোহাঁইয়ে ‘মোৰ তেনেকুৱা কোনো কথা নাই’ বুলিহে প্ৰকাশ কৰে৷ একাংশ বিজেপি নেতাই দলত্যাগ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘তেওঁলোক য’তেই যায় যাওক কিন্তু হিন্দু হৈ থাকক’ বুলি কৰা মন্তব্য সন্দৰ্ভতো সাংবাদিকে সোধা প্ৰশ্নত দলৰ জ্যেষ্ঠ নেতাজনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ ইয়াৰ পৰিৱৰ্তে তেওঁ কয় যে ইয়াৰ উত্তৰ দিবলৈ বহুত সময় লাগিব৷ ইফালে ৰাজেন গোহাঁইয়ে উজনি অসমৰ জিলাসমূহত সভা অনুষ্ঠিত কৰিবলৈ কিয় লক্ষ্য কৰি লৈছে, সেই লৈও দলীয় কৰ্মীসকলৰ মাজত জল্পনা-কল্পনা চলিছে৷ যিহেতু ২০২২ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তভুক্ত কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদত বহুওৱা হ’ল সেয়ে দুয়োজন নেতাৰ মাজত শীতল যুদ্ধ চলি থকা বুলিও চৰ্চা হৈছে৷ যিহেতু উজনিৰ জিলাকেইখনত সৰ্বানন্দ সোণোৱালৰ শক্তিশালী স্থিতি আছে আৰু তেওঁক যোৱা নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ পৰা বঞ্চিত কৰা হ’ল, সেয়ে বহুসংখ্যক নেতা-কৰ্মী ভিতৰি ক্ষুব্ধ হৈ আছে৷ সেয়ে এই নেতাসকলক সংগঠিত কৰি সৰ্বানন্দ সোণোৱালক পুনৰ ৰাজ্যিক বিজেপিৰ নেতৃত্ব অৰ্পণ কৰা হ’ব পাৰে বুলিও একাংশই ধাৰণা কৰিছে৷ আন একাংশৰ মতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কূটনৈতিক কৌশল হিচাপেই ৰাজেন গোহাঁইয়ে উজনিৰ জিলাকেইখনক লক্ষ্য কৰি লৈছে৷ বিসম্বাদীসকলে যাতে কংগ্ৰেছত যোগদান নকৰে তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে বুলিও এক সূত্ৰই ধাৰণা কৰিছে৷